Logo
image

গাড়ীৰ পৰা গালি পাৰি নিকক নমাই দিলে ‘দেশী গাৰ্লে’

নিক-প্ৰিয়ংকাৰ সম্পৰ্কত ফাট!

আমাৰ অসম, ২০ ডিচেম্বৰঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান পপ গায়ক নিক জোনাছৰ সংসাৰখনত আউল লাগিছে নেকি? বাতৰি প্ৰকাশ যে লণ্ডনৰ ৰাজপথত গালি গালাজ কৰি প্ৰিয়ংকাই নিকক গাড়ীৰ পৰা নমাই দিছে৷ ঘটনাটো সঁচা যদিও ই অৱশ্যে ৰীয়েল লাইফৰ ঘটনা নহয়, ৰীল লাইফৰহে ঘটনাহে৷ জনপ্ৰিয় শিল্পী দম্পত্তি প্ৰিয়ংকা আৰু পতি নিক বৰ্তমান ব্যস্ত হলীউডৰ এখন ছবিৰ শ্বুটিঙত৷ ‘টেক্সট ফৰ ইউ’ শীৰ্ষক ছবিখনত প্ৰিয়ংকাৰ সৈতে নিকেও অভিনয় কৰিছে৷ ছবিখনৰ এটা ছিকুৱেন্সত দেখা যাব জনপ্ৰিয় যুটী নিক-প্ৰিয়ংকাৰ মাজত আৰম্ভ হৈছে দাম্পত্যকলহ৷ লণ্ডনৰ ৰাজপথত গালি-গালাজ কৰি প্ৰিয়ংকাই টেক্সিৰ পৰা নিকক নমাই দিছে৷ নিকে গাড়ীৰ দৰ্জা খুলি গাড়ীৰ পৰা বাহিৰ হোৱা দেখা গৈছে ছিকুৱেন্সটোত৷ হলীউডৰ ছবিখনৰ চিত্ৰনাট্য লিখিছে জিন ষ্ট্ৰাছে, ছবিখন পৰিচালনাও কৰিছে তেওঁ৷ ছোফি কামাৰৰ উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা ছবিখন হ’ল জাৰ্মান ছবি ‘এছ এম এছ ফৰ ডিছ’ৰ ইংৰাজী ৰিমেক৷ বি-টাউনৰ সূত্ৰৰ প্ৰকাশ যে নিক-প্ৰিয়ংকাৰ জীৱনলৈ নতুন অথিথি আহি আছে শীঘ্ৰেই৷ যিদৰে কৰীণা, বিৰুষ্কাৰ জীৱনলৈ আগমণ হৈছে নতুন অতিথি৷