Logo
image

ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু অসমৰ খেলুৱৈৰ প্ৰদৰ্শন

এটা কথা স্বীকাৰ কৰিব লাগিব যে শেহতীয়াকৈ দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ এয়া সম্ভৱ হৈছে এথলীট হিমা দাস, অম্লান বৰগোহাঁই, বক্সাৰ লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, যমুনা বড়ো, ফাইলাও বসুমতাৰী, শিৱ থাপা, ল’নবলৰ  নয়নমণি শইকীয়াৰ দৰে খেলুৱৈৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চল সকলো ক্ষেত্ৰতে উপেক্ষিত হৈ থকা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ শুনি থকা হৈছিল যদিও অসমৰ এইসকল খেলুৱৈয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰে অসমক চৰ্চালৈ আনিবলৈ সক্ষম হৈছে৷ গুজৰাটত সদ্যসমাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়াত ৯টা স্বৰ্ণ, দহটা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰি পশ্চিমবংগৰ পাছতে পদক তালিকাৰ চতুৰ্দশ স্থানত থাকে অসম৷ উল্লেখ্য, কেৰালাত অনুষ্ঠিত ২০১৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াতো অসমে লাভ কৰিছিল ৯টা স্বৰ্ণপদক৷ অৱশ্যে, সেইবাৰ অসমৰ মুঠ পদকৰ সংখ্যা আছিল ২৫টা৷ তাৰ বিপৰীতে গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মুঠ পদকৰ সংখ্যা আছিল ২৮টা৷ উল্লেখ্য, এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে সৰ্বাধিক আঠটা পদক লাভ কৰিছে ল’নবলত, য’ত আছিল তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ তাৰ পাছত সাঁতোৰত আহে ছটা পদক, য’ত আছে দুটা স্বৰ্ণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক৷ এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এথলেটিকছত চাৰিটা স্বৰ্ণপদকৰ আশা কৰিছিল অসম অলিম্পিক সন্থাই৷ কিন্তু অম্লান বৰগোহাঁয়েহে অসমৰ হৈ দুটা স্বৰ্ণপদক লাভ কৰাৰ বিপৰীতে ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হৈছিল হিমা দাস৷ তেনেদৰে বক্সিঙত দুবাৰৰ অলিম্পিয়ান শিৱ থাপাৰ পৰাও স্বৰ্ণপদক আশা কৰা হৈছিল যদিও তেওঁ লাভ কৰে ব্ৰঞ্জৰ পদক৷

বক্সিং, এথলেটিকছ, সাঁতোৰ, ল’নবলৰ লগতে আৰ্চাৰী, বেডমিণ্টনৰ দৰে ইভেণ্টতো অসমৰ খেলুৱৈৰ পৰা অধিক ভাল প্ৰদৰ্শন আশা কৰিব পাৰি৷ অৱশ্যে, তাৰবাবে এই খেলুৱৈসকলৰ বাবে অভিজ্ঞ প্ৰশিক্ষক আৰু উন্নত সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগিব৷ এথলেটিকছত অম্লান বৰগোহাঁই, সাঁতোৰত আস্থা চৌধুৰী, শিৱাংগী শৰ্মা, চাইক্লিঙত চয়ানিকা গগৈ, শ্বুটিঙত হূদয় হাজৰিকাৰ দৰে খেলুৱৈয়ে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াইছে৷ এইসকল খেলুৱৈক সঠিক দিশত  আগবঢ়াই নিব পাৰিলে তেওঁলোকৰ পৰা আৰু অধিক ভাল প্ৰদৰ্শন আশা কৰিব পাৰি৷ উল্লেখ্য, গুৱাহাটীত অনুষ্ঠিত ২০০৭  চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত আয়োজক ৰাজ্য হিচাপে অসমৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ সেইবাৰ পদক তালিকাত অসম আছিল তৃতীয় স্থানত৷ তাৰ পাছত ২০১১ আৰু ২০১৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক তালিকাত অসম আছিল ক্ৰমে পঞ্চদশ আৰু দশম স্থানত৷ ৰাষ্ট্ৰীয় ক্ৰীডা. আয়োজন কৰি গুৱাহাটীয়ে পাইছে অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনি আৰু এই আন্তঃগাঁথনিৰ সুবাদত গুৱাহাটীয়ে সুযোগ পাইছে কেইবাখনো আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ৷ কিন্তু কেৱল  প্ৰতিযোগিতা অনুষ্ঠিত কৰিলেই অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণ হোৱা নুবুজায়৷ অসমৰ খেলুৱৈৰ মান উন্নত কৰিবলৈ প্ৰয়োজন প্ৰণালীবদ্ধ আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ৷ এয়া কেৱল চৰকাৰৰে কাম নহয়৷ ক্ৰীড়া সংগঠনবোৰৰো এইক্ষেত্ৰত গুৰুদায়িত্ব আছে৷ বিভিন্ন ইভেণ্টত অসমৰ খেলুৱৈৰ এক দীৰ্ঘদিনীয়া অভিযোগ হৈছে অভিজ্ঞ প্ৰশিক্ষক আৰু উন্নত মানৰ ক্ৰীড়া সৰঞ্জামৰ অভাৱ৷ খেলুৱৈ সৃষ্টি কৰিবলৈ হ’লে অভিজ্ঞ প্ৰশিক্ষক লাগিবই৷ তাৰ উপৰি তৃণমূল পৰ্যায়ৰ পৰা খেলৰ মান উন্নত কৰিবলৈ হ’লে খেলুৱৈ বাছনি প্ৰক্ৰিয়া ত্ৰুটিমুক্ত হ’ব লাগিব৷ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাবোৰ নিয়মিতভাৱে অনুষ্ঠিত কৰিলে সেয়া খেলুৱৈ সন্ধান প্ৰক্ৰিয়াত সহায়ক হ’ব৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ‘খেলো ইণ্ডিয়া’ আঁচনিয়ে বহু প্ৰতিভাৱান খেলুৱৈ সৃষ্টি কৰিছে৷ অসমতো ৰাজ্যিক ভিত্তিত এনেধৰণৰ প্ৰতিযোগিতাই প্ৰতিভাৱান খেলুৱৈ বাছি উলিওৱাত সহায় কৰিব৷ গুৱাহাটী ৰাজ্যৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হ’লেও ষ্টেডিয়ামকেইখনৰ বাহিৰে চহৰখনত উপযুক্ত খেলপথাৰৰ অভাৱ, যাৰ ফলত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ টুৰ্নামেণ্টবোৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আহিছে৷ ৰাজ্যৰ বিভিন্ন স্থানত  উন্নত মানৰ খেলপথাৰ সৃষ্টি কৰা হ’ব বুলি বৰ্তমানৰ চৰকাৰখনে যি ঘোষণা কৰিছে, সেয়া কাৰ্যকৰী কৰা হ’লে এই সমস্যা দূৰ হ’ব৷ আৰু এটা মন কৰিবলগীয়া কথা যে খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত ক্ৰীড়া সংঠনবোৰৰ স্বতন্ত্ৰতাত চৰকাৰৰ যাতে কোনোধৰণৰ হস্তক্ষেপ নচলে৷ চুবুৰীয়া ৰাজ্য মণিপুৰৰ লগতে দেশৰ ক্ৰীড়াৰ ছুপাৰ পাৱাৰ হাৰিয়ানৰ ম’ডেল অনুকৰণ কৰি আগবাঢ়িব পাৰিলে অসমে যে অধিক ক্ৰীড়া প্ৰতিভাৰ জন্ম দিব পাৰিব তাত সন্দেহ নাই৷