Logo
image

দুঃস্থ মানুহৰ সেৱাৰ বাবেই সম্পত্তি বন্ধকত থলে ছনু সুদে

আমাৰ অসম, ২০ ডিচেম্বৰঃ অতিমাৰিৰ কালত আৰ্তজনৰ কাৰণে নিজকে উজাৰি দিলে এইজন বলীউডৰ তাৰকাই৷ দহ কোটি টকাৰ প্ৰয়োজন হোৱাত নিজৰ আঠটা সম্পত্তি বন্ধকত ৰাখিলে অভিনেতা ছনু সুদে৷ কালকৰ’না কালত প্ৰৱজিত শ্ৰমিকৰ ত্ৰাণকৰ্তা ভূমিকা গ্ৰহণ কৰিছিল অভিনেতাজনে৷ গৰীৱ মানুহৰ সহায়ত প্ৰয়োজনীয় দহ কোটি টকা সংগ্ৰহৰ কাৰণে মুম্বাইৰ আঠটা সম্পত্তি বন্ধকত থলে তেওঁ৷ সূত্ৰ মতে জুহুত থকা নিজৰ ছটা ফ্লেট, দুখন দোকান, হোটেল বন্ধকত ৰাখিলে দুঃস্থ মানুহৰ সহায়ৰ বাবে৷ যাৰবাবে পাঁচ লাখ টকা ৰেজিষ্ট্ৰেশ্বন ফ্ৰিজেই দিব লগা হৈছে৷ সম্পত্তি বন্ধকীৰ কাগজ-পত্ৰত তেওঁ ১৫ ছেপ্টেম্বৰত স্বাক্ষৰ কৰিছে৷ কৰ’না কালত প্ৰৱজিত শ্ৰমিকক বিমান, ৰে’ল, বাছযোগে গন্তব্য স্থানত উপস্থিত কৰোৱাৰ বাবে ছনু সুদক বহু পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হৈ পৰিছিল৷ এই বিশাল ধন ৰাশি সংগ্ৰহৰ বাবে তেওঁ নিজা সম্পত্তি বন্ধকত থৈছিল৷ ‘ঈশ্বৰৰ দূত’ হিচাপে খ্যাত হৈ পৰা অভিনেতাজনক এই কাৰ্যত সহযোগ কৰিছিল পত্নী সোণালী সুদে৷