Logo
image

বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটী কাইলী জেনাৰ

আমাৰ অসম, ২০ ডিচেম্বৰঃ ফ’ৰ্বছ আলেচনীৰ তালিকাত শীৰ্ষত উজলিছে কাইলী জেনাৰৰ নাম৷ ২০২০ বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটী হিচাপে শীৰ্ষ স্থান দখল কৰিছে কাইলীয়ে৷ চেলিব্ৰিটীগৰাকীৰ বছৰটোৰ উপাৰ্জন হ’ল ৫৪০ মিলিয়ন ডলাৰ৷ ফ’বৰ্ছৰ তালিকাত কাইলীৰ পাছতে আছে বৰ্ষটোত ১৭০ মিলিয়ন ডলাৰ উপাৰ্জন কৰা কেনি ৱেষ্ট৷ সেইদৰে তৃতীয় স্থানত আছে ৰ’জাৰ ফেডাৰাৰ৷ যাৰ উপাৰ্জন হ’ল ১০৬ মিলিয়ন ডলাৰ৷ বিশ্বৰ সৰ্বাধিক পৰিচিত ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ১০৫ মিলিয়ন ডলাৰ উপাৰ্জনেৰে আছে চতুৰ্থ স্থানত৷ আনহাতে, লিঅ’নেল মেছিৰ বৰ্ষটোৰ উপাৰ্জন হ’ল ১০৫ মিলিয়ন ডলাৰ৷ উল্লেখ্য, বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটী কাইলীৰ আছে নিজা প্ৰসাধনী ব্যৱসায়৷ কিপিং আপ উইথ দ্য কাৰ্দাছিয়ানছ শীৰ্ষক শ্ব’, তদুপৰি ইনষ্টাগ্ৰাম, ছ’চিয়েল মিডিয়াত এক বিশেষ স্থান দখল কৰি আছে কাইলীয়ে৷