Logo
image

ভোটৰ ৰাজনীতি

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চলিত বছৰৰ শেষলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো সমস্যা সমাধান কৰি ২০২৩ চনৰ পৰা অঞ্চলটোত নতুন যুগৰ সূচনা কৰি শান্তি আৰু সম্প্ৰীতিৰ বাতাৱৰণ গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তিনিটা প্ৰধান লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইয়াৰে প্ৰথম লক্ষ্য অনুসৰি, অঞ্চলটোৰ জনসাধাৰণৰ ভাষা-কৃষ্টি, খাদ্যাভ্যাস আদিৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিব৷ দ্বিতীয় লক্ষ্য অনুসৰি, অঞ্চলটোৰ সকলো সমস্যা সমাধান কৰি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰি নতুন যুগৰ সূচনা কৰিব৷ তৃতীয় লক্ষ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলক উন্নত অঞ্চললৈ ৰূপান্তৰ কৰি মুঠ ঘৰুৱা উৎপাদনলৈ অঞ্চলটোৰ অৰিহণা বৃদ্ধি কৰিব৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে, শান্তি অবিহনে কোনো এটা অঞ্চলৰ উন্নতি সম্ভৱ নহয়৷ যদিহে অঞ্চলটোৰ নাগৰিকক শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থান আৰু বিদ্যুৎ লাভৰ ব্যৱস্থা সুলভ কৰি দিব পৰা যায়, তেন্তে অঞ্চলটোৰ পৰা বন্দুক সংস্কৃতি নোহোৱা হ’ব৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে, বিগত আঠ বছৰত অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি বহু উন্নত হৈছে৷ এই সময়ছোৱাত অঞ্চলটোৰ উগ্ৰবাদী সমস্যাৰ ৬০ শতাংশ হ্ৰাস পাইছে৷ এই কথা অৱশ্যে সঁচা যে এসময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইটোৰ পাছত সিটো উগ্ৰবাদী সংগঠনে মূৰ দাঙি উঠি অঞ্চলটো অস্থিৰ কৰি ৰাখিছিল৷ বিভিন্ন সময়ত এনে সংগঠনৰ বহুতে আলোচনাৰ মাজেদি মূলসুঁতিলৈ আহি স্বাভাৱিক জীৱন যাপন কৰাৰ লগতে ৰাজনীতিতো অংশ গ্ৰহণ কৰিছে৷ অঞ্চলটোত উগ্ৰবাদী সংগঠনৰ কাম-কাজ কিছু হ্ৰাস পাইছে যদিও জনসাধাৰণৰ জীৱন-ধাৰণৰ মানৰ উন্নতি হোৱা বুলি ক’ব নোৱাৰি৷ ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ভুল নীতি, দুৰ্নীতি-অনিয়ম আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভাৰতৰ জনসাধাৰণক কংগ্ৰেছৰ প্ৰতি বিৰাগভাজন কৰিছিল৷ এনে সময়তে বিজেপিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰি নিৰ্বাচনী ৰণত নামি পৰিছিল আৰু মোদীৰ আশ্বাসত জনতাই সকাহ পোৱাৰ আশা কৰিছিল৷ সেইবাৰ দেশত মোদী মেজিকে ভাবিব নোৱৰা ধৰণে কাম দিয়াৰ উপৰি ২০১৯ চনতো জনতাই মোদী নেতৃত্বাধীন বিজেপিকে বিচাৰিছিল বিকল্পৰ অভাৱত৷ কিন্তু বাৰে বাৰে জনতাক আভুৱা-ভাঁৰা দলটোৱে পুনৰ নতুন নতুন কৌশলেৰে ২০২৪ত ক্ষমতা লাভৰ ৰণত নামি পৰিছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন আসন যাতে বিজেপিয়ে লাভ কৰিব পাৰে, তাৰ বাবে অঞ্চলটোৰ ৰাইজক সপোনৰ আফিং খুৱাই দলটোৱে ক্ষমতা পুনৰ কুক্ষিগত কৰাৰো পৰিকল্পনা কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণক ভুলাবলৈ বিভিন্ন আঁচনি ঘোষণা কৰাৰ উপৰি প্ৰলোভন দেখুওৱা দলে শাসনভাৰ লাভ কৰিলে ৰাইজৰ কল্যাণতকৈ যে ব্যক্তি স্বাৰ্থ আৰু পুঁজিপতিৰ স্বাৰ্থতহে অধিক গুৰুত্ব দিয়ে; সেয়া ৰাইজে নুবুজাকৈ থকা নাই৷ যি দলে বিৰোধী পক্ষত থাকিলে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ পোষকতা কৰিছিল, শাসন ক্ষমতা দখলৰ পাছত সেই দলেই আকৌ পাভলুটি মাৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ সপক্ষেহে ওকালতি কৰে৷ ২০১৬ চনতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিন্তু আজিও ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে৷ তেনেদৰে অসমৰ বান সমস্যা সমাধানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে পুনৰ প্ৰতিশ্ৰুতি দিয়াহে পৰিলক্ষিত হ’ল৷ বিপৰীতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পূৰ্বৰ চৰকাৰসমূহৰ দৰে অসমৰ জনসাধাৰণৰ উন্নয়নতকৈ অসমৰ সম্পদ কিদৰে আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থাহে কৰিছে৷ প্ৰতিশ্ৰুতি বহুত হ’ল৷ এতিয়া কাৰ্যকৰী ব্যৱস্থাৰে অঞ্চলটো উন্নয়ন সাধন কৰাহে যুগুত৷ প্ৰলোভনত লোভ নাযাই ৰাইজে অঞ্চলটোৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ উপৰি অঞ্চলটোৰ দ্ৰুত উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক  হেঁচা দিব লাগে৷ অন্যথা অসম তথা উত্তৰ-পূৰ্বাঞ্চল কেন্দ্ৰীয় চৰকাৰৰ বাবে খীৰতী গাইসদৃশহে হৈ থাকিব৷