Logo
image

এনেদৰে হেৰায় আস্থা!

বহু আস্থা, বহু বিশ্বাস আৰু বহু আশাৰে জনগণে এখন চৰকাৰ প্ৰতিষ্ঠা কৰে৷ ৰাজনৈতিক সভাসমূহত হাজাৰ হাজাৰ, লাখ লাখ মানুহে ভিৰ কৰে এক নতুন দিনৰ আশাৰে৷ মধ্যযুগত ৰজা কোন হ’ব, শাসন কোনে কৰিব সেইবোৰ কথাৰ ভাগ প্ৰজাই নাপাইছিল৷ ৰাজভৱনৰ ভিতৰৰ খবৰ বাহিৰত জনাৰ উপায় নাছিল৷ তেনে সময়তে বিদেশীয়ে আহি দেশ দখল কৰিলে, তেতিয়াও প্ৰজাই বিশেষ একো ভু নাপালে৷ কিন্তু বিদেশী চৰকাৰৰ তলত যে জনতাৰ অধিকাৰ ভূ-লুণ্ঠিত হৈছিল, সেই কথা জনতাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ দেশৰ ভিতৰতে যাওঁ বুলিলে যোৱা, খাওঁ বুলিলে খোৱা, কৰোঁ বুলিলে কৰা বা জীয়াই থকাৰ অধিকাৰকণো কাৰোবাৰ দয়াত লাভ কৰাৰ বাবে বিদেশী ইংৰাজৰ বিৰুদ্ধে সকলো সংগঠিত হৈ বহু ত্যাগ কৰি, জীৱনপৰ্যন্ত আহুদি দি মানুহে ইংৰাজক দেশ এৰিবলৈ বাধ্য কৰাইছিল, কাৰণ জনতাই এক নতুন দিনৰ সপোন দেখিছিল৷ য’ত জনতাৰ খাদ্য-বস্ত্ৰ-বাসস্থানৰ লগতে শিক্ষা-স্বাস্থ্য-যোগাযোগৰ দৰে সমস্যাসমূহ সমাধান হয় আৰু মানুহে এক মৰ্যাদাসম্পন্ন জীৱন অতিবাহিত কৰিবলৈ সক্ষম হয়৷ কিন্তু এবছৰ-দুবছৰকৈ বছৰ বাগৰি শতিকা স্পৰ্শ কৰিবলৈ মাত্ৰ হাতত কেইটামান বছৰ আছে৷ মানুহে এখনৰ পাছত সিখন চৰকাৰ আঁতৰাইছে গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে৷ কেৱল নিৰ্বাচনলৈকে অপেক্ষা কৰিছে এনে নহয়, জয়প্ৰকাশ নাৰায়ণৰ দৰে ব্যক্তিৰ নেতৃত্বত জাগৰণৰ সৃষ্টি কৰিছে৷ অসমত অসম আন্দোলনৰ দৰে তেজাল, বিশ্ব কঁপোৱা আন্দোলন কৰিছে৷ তেভাগা-তেলেংগানা আন্দোলনৰ পৰা স্বাধীন ভাৰতত নক্সালবাৰীৰ কৃষকৰ বজ্ৰ নিনাদলৈকে সংঘটিত হোৱাৰ মূল কাৰণ হৈছে নতুন দিনৰ বাবে, পৰিৱৰ্তনৰ বাবে জনতাৰ দুৰ্বাৰ আকাংক্ষা৷ কিন্তু বাৰে বাৰে জনতাই শাসক গোষ্ঠীৰ ওচৰত হাৰ মানিব লগা হৈছে৷ পুলিচ-মিলিটেৰীৰ বলত বলীয়ান চৰকাৰসমূহে জনতাৰ কণ্ঠক মষিমূৰ কৰি আহিছে৷ জনতাই যি ভাবে চৰকাৰে তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰাত জনতাৰ জীৱন সদায় পদপিষ্ট হৈ আহিছে৷

ইমানৰ পাছতো জনতাই প্ৰতি পাঁচ বছৰৰ মূৰে হোৱা প্ৰতিটো নিৰ্বাচনৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই থাকে৷ ৰাজনৈতিক সভাবোৰত জনতাই নেতাৰ মুখৰ কথাকে দেৱবাণী বুলি হাতচাপৰি মাৰে৷ সেইদৰেই মাৰিছিল ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ সভাবোৰত৷ জনতাই জানিছিল কংগ্ৰেছৰ দীঘলীয়া শাসনত নেতা-পালিনেতা, বিষয়া-ঠিকাদাৰ সকলোৱেই মিলি দেশৰ টকাবোৰ লুণ্ঠন কৰিছিল আৰু বিদেশৰ বেংকত লাখ লাখ কোটি টকা জমা ৰাখিছিল৷ নৰেন্দ্ৰ মোদীয়ে সেইবোৰ ঘূৰাই আনিম বুলি কৈছিল! মূল্যবৃদ্ধি হ্ৰাস কৰিম বুলি কৈছিল৷ বাকী কথা বাদ দিলেও জনতাই এই দুটা কথাৰ বাবেই চৰকাৰ পৰিৱৰ্তন কৰিছিল৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ ২০১৬ত সৰ্বানন্দ সকলোৰে আনন্দ শ্লোগান আহিল৷ সৰ্বানন্দ সোণোৱালে পাঁচ বছৰ নিৰামিষভোজী প্ৰাণীৰ দৰে পাৰ কৰিলে৷ আহিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ শৰ্মাই নিৰ্বাচনত জিকিবলৈ মহিলাৰ মাইক্ৰ’ফাইনেঞ্চৰ ধন পৰিশোধ কৰা, অৰুণোদয় হিতাধিকাৰী সৃষ্টি কৰা, বছৰি এক লাখ নিবনুৱাক সংস্থাপন দিয়া, ৩০ ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত ক্ষমতাত দ্বিতীয়বাৰলৈ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল অসমত৷ কিন্তু নিৰ্বাচিত হোৱাৰ পাছতেই প্ৰথম মাইক্ৰ’ফাইনেঞ্চৰ ধন পৰিশোধৰ ক্ষেত্ৰত হোঁহকা-পিছলা কৰিবলৈ ল’লে৷ সকলো মহিলাৰ ঠাইত একাংশ মহিলাৰ বাবে নানা চৰ্ত আৰোপ কৰিলে, যাৰ বাবে মহিলাসকলে পুনৰ আন্দোলন কৰিব লগা হ’ল৷ নিৰ্বাচনৰ পূৰ্বে কোনো চৰ্ত নথকা আঁচনিত এটাৰ পাছত আন এটা চৰ্ত আৰোপ কৰি বহুতৰে ধন বন্ধ কৰা হ’ল৷ বছৰি এক লাখ নিবনুৱা দূৰৰ কথা, বিগত ডেৰ বছৰে পঞ্চাছ হাজাৰকো সংস্থাপন দিব পৰা নাই৷ ইয়াৰ সমান্তৰালকৈ চাকৰি দিবৰ বাবে পতা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ’ল৷ প্ৰথমবাৰ কনিষ্টবলৰ সাক্ষাৎকাৰ বাতিল হ’ল৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিত নেতাৰ অঙহী-বঙহীয়ে কিদৰে চাকৰি পালে সকলোৱে দেখিলে৷ 

কেৱল ইমানেই নহয়, ৩০ ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনত এশ গুণপৰ্যন্ত বিদু্যৎ বিল বাঢ়িবলৈ ধৰিলে৷ যি সময়ত সমগ্ৰ ভাৰতৰ ৰাজনীতিত ‘ৰেৱৰি’ সংস্কৃতি বুলি চৰ্চাৰ বিষয় হৈ পৰা বিনামূলীয়া আঁচনিৰ জৰিয়তে দিল্লী-পঞ্জাবত সকলো গ্ৰাহকে ক্ৰমে ২০০ আৰু ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিছে, সেই সময়ত অসম চৰকাৰে গোপনে বিদু্যতৰ মাচুল বৃদ্ধি কৰা ঘটনাই চৰকাৰৰ প্ৰতি সকলোৰে আস্থা হেৰাবলৈ আৰম্ভ কৰিছে৷

বিগত ১৫ বছৰে অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি অসমৰ দীৰ্ঘকালৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সুবিধা পালেই চিঞৰি চিঞৰি ক’বলৈ নাপাহৰে, অথচ এখন জিলা চিকিৎসালয়ত অক্সিজেনৰ অভাৱত, বিশেষজ্ঞ ডাক্তৰৰ অভাৱত তেজস্বিতা বৰুৱা নামৰ সম্ভাৱনাপূৰ্ণ কিশোৰীগৰাকীৰ মৃত্যু হ’ব লগা হয়৷ এই ঘটনাৰ পাছত স্বাস্থ্যমন্ত্ৰীজনে পৰিদৰ্শন কৰি সঠিক ব্যৱস্থা লোৱা হ’ব বুলি কোৱাৰ এসপ্তাহ পাছতে সেই চিকিৎসালয়তে পুনৰ ভুল চিকিৎসাত আদিত্য পায়েং নামৰ এজন যুৱকৰ মৃত্যু হ’ব লগা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বোকাজনৰ এটি কণমানিক চিকিৎসা কৰাৰ পাছত শিশুটিৰ দৃষ্টিশক্তি লোপ পোৱাৰ দৰে ঘটনাসমূহৰ পৰা বৰ্তমান চৰকাৰখনৰ প্ৰতি জনতাৰ আস্থা শেষ হৈ আহিবলৈ ধৰাৰ ছবিখন পৰিস্ফুট হৈ উঠিছে৷