Logo
image

‘ড্ৰামা কুইন’ ৰাখীৰ বিয়া! দৰা কোন?

আমাৰ অসম. ২০ ডিচেম্বৰঃ কালাৰ্ছ টিভিৰ জনপ্ৰিয় অনুষ্ঠান বিগ বছ-১৪১ শ্বুটিংস্থলীত হাজিৰ হয়গৈ সদায় চৰ্চাৰ মাজত থকা টেলিভিশ্বনৰ ‘ড্ৰামা কুইন’ তথা আইটেম ডান্সাৰ ৰাখী চাৱন্ত৷ বিগ বছৰ ঘৰত হাজিৰ হৈয়ে নিজৰ বিয়াক লৈ মুখ খুলিছে ৰাখী চাৱন্তে৷ নিজৰ ব্যক্তিগত জীৱনক লৈ প্ৰথমবাৰৰ বাবে মুখ খোলা ৰাখী চাৱন্তে কয় যে ইতিমধ্যে তেওঁৰ বিয়া হৈ গৈছে৷ কিন্তু মানুহে বেলেগভাৱে ভাবিছে৷ অনেকেই ভাবিছে যে তেওঁ মিছা কথা কৈছে৷ বিয়াৰ পূৰ্বেই অন্তঃসত্বা ৰাখী চাৱন্তৰ সন্তান জন্মাৰ পূৰ্বে তেওঁৰ স্বামী আহিব লোকচক্ষুৰ সন্মুখলৈ৷ তেওঁ নিজৰ পৰিচয় সকলোৰে আগত তুলি ধৰিব৷ তেওঁ বিবাহ হোৱা কথাটো যে মিছা নহয় সেই কথা সজোৰে বিগ বছৰ ঘৰত ৰাজহুৱা কৰে ৰাখী চাৱন্তে৷ বিগ বছৰ পৰিচালক ছলমান খানৰ ভ্ৰাতৃ ছোহেল খানৰ যোগেদি ৰাখীয়ে বিগ বছত সুযোগ পায়৷ শেহতীয়াকৈ বিগ বছৰ অনুষ্ঠানতে নিজকে দেউলীয়া বুলি ঘোষণা কৰি বহু বিস্ফোৰক মন্তব্য কৰিছে ৰাখী চাৱন্তে৷ ৰাখীৰ স্পষ্ট কথা এই মুহূৰ্তত ৰাখীৰ অৰ্থৰ প্ৰয়োজন৷ তেওঁ ধন সম্পত্তি যাৰ ওচৰত আছিল তেওঁ বৰ্তমান এই পৃথিৱীত নাই৷ যাৰ বাবে তেওঁৰ ধন সম্পত্তি সকলো লোপ পায়৷ সংশ্লিষ্ট ব্যক্তিজনৰ মৃত্যুৰ লগে লগে ৰাখী চাৱন্তৰ সকলো ধন সম্পত্তি লোপ পোৱা বুলি তেওঁ ব্যক্ত কৰিছে৷ লগতে তেওঁ সেই ধন সম্পত্তি ঘূৰাই পোৱাৰ আশা নাই বুলিও মন্তব্য কৰিছে৷ সেয়ে তেওঁ অৰ্থ সংকটত পৰিছে আৰু অৰ্থ সংকটৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ ৰোজগাৰৰ প্ৰয়োজন বুলি কোৱাৰ লগতে তেওঁ ৰোজগাৰৰ সন্ধানত আছে বুলিও অৱগত কৰে৷ দেউলীয়া হৈ পৰা ৰাখী চাৱন্তৰ আন এক বিস্ফোৰক মন্তব্য কোনেও হয়তো বিশ্বাসত নলয়৷ ৰাখীয়ে সদৰী কৰা মতে মুম্বাইৰ এখন পঞ্চতাৰকা হোটেলত তেওঁৰ বিবাহ হৈ গৈছে৷ য’ত কইনাৰ সাজত হাজিৰ হয় ৰাখী৷ বিয়াৰ সময়ত ৰাখীয়ে শুভ্ৰ ৰঙৰ গাউন পৰিধান কৰিছিল৷ ৰাখীয়ে বিবাহৰ বাবে কইনা হিচাপে হাজিৰ হ’লেও দৰা কোন তাৰ বিষয়ে ৰাখী নিমাত৷ 

গায়কৰ চুম্বনৰ পৰা ধৰ্ষণৰ অভিযোগলৈকে ৰাখী মানেই বিতৰ্ক৷ এক সাক্ষাৎকাৰত ৰাখী চাৱন্তে কৈছিল– অনিল আম্বানি আৰু টিনা মুনিমৰ বিয়াত ৰাখীয়ে কেটাৰিঙৰ কাম কৰিছিল আৰু পাৰিশ্ৰমিক হিচাপে লাভ কৰিছিল ৫০ টকা৷ 

ৰাখীৰ জন্ম ১৯৭৮ চনৰ ২৫ নৱেম্বৰত৷ তাইৰ প্ৰকৃত নাম আছিল নীৰু ভেদা৷ তাই আছিল মাকৰ আগৰ পক্ষৰ সন্তান৷ আজন্ম ৰাখীয়ে মাকৰ দ্বিতীয় স্বামীকেই দেউতাকৰ সন্মান দি আহিছে৷ মাক জয়াই দাৰোৱান হিচাপে হাস্পতালত কাম কৰিছিল৷ দেউতাক আছিল আৰক্ষী কনিষ্ঠবল৷ অভাৱী সংসাৰখনত থাকিও ৰাখীয়ে হিন্দী ছবিত নাচ-গান কৰাৰ হেঁপাহ পুহি ৰাখিছিল৷ ১৯৯৭ চনত ‘অগ্নিচক্ৰ’ ছবিত ৰাখীয়ে প্ৰথম অভিনয় কৰে৷ চৰিত্ৰটোৰ নাম আছিল ৰুহি চাৱন্ত৷ পৰৱৰ্তী সময়ত আইটেম নম্বৰৰ সৈতে নাচিছিল ৰাখীয়ে৷ মস্তি, জিছ দেশ মেঁ গংগা ৰহেতা হ্যেয়, ইয়ে ৰাস্তে হ্যায় প্যাৰ কে, জোৰু কা গুলাম, ম্যে হুঁনা, দম, ওম, মুম্বাই এক্সপ্ৰেছ, না তুম জানো না হাম, চুৰা লিয়া হ্যায় তুম নে আদি ছবিত ৰাখীক নৃত্যু বা অভিনয় কৰা দেখা গৈছে৷ হিমেশ ৰেশমিয়াক ‘মহব্বত হ্যায় মিৰ্চি’ গানত পাৰফৰ্ম কৰি প্ৰচাৰৰ আলোকলৈ আহিছিল ৰাখী৷ হিন্দীৰ লগতে দক্ষিণী ছবিতো ৰাখীয়ে অভিনয় কৰিছে৷ 

২০০৬ চনত নিজৰ জন্মদিনৰ পাটীত গায়ক মিকা সিঙে ৰাখীক চুম্বন কৰি হৈচৈৰ সৃষ্টি কৰিছিল৷ ৰাখীয়ে মিকাৰ বিৰুদ্ধে যৌন অতিশৰ্যাৰ অভিযোগো আনিছিল৷ ২০০৮ বৰ্ষত ৰাখীয়ে তদানিন্তন প্ৰেমিক অভিষেক অৱস্থিক চৰিয়াইছিল, কাৰণ অভিষেকে ৰাখীক অশ্লীল নামেৰে সম্বোধন কৰিছিল৷ নৃত্যশিল্পী অভিষেক অবন্তিৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰাখীৰ৷ ‘নাচ বালিয়ে’ শীৰ্ষক শ্বো’ত দুয়ো একেলগে নৃত্য কৰিছিল৷ পৰৱৰ্তী সময়ত ‘ৰাখী কা সমম্বৰ’ অনুষ্ঠানত ৰাখী কানাডাৰ ব্যৱসায়ী এলেশ পৰুজান ৱালাৰ সৈতে এন্‌গেজড হয়৷ কিছুদিনৰ পাছতে এই সম্পৰ্কত ফাট মেলে৷ তাৰ পাছত টেলিভিশ্বন ব্যক্তিত্ব দীপক কালালক বিয়া কৰাই ৰাখীয়ে৷ কিছুদিনৰ পাছত গ’ম পোৱা গ’ল এই সম্পৰ্কও এখন নাটকহে আছিল৷ এবাৰ অভিনেত্ৰী তনুশ্ৰী দত্তৰ সৈতেও বাকযুদ্ধত লিপ্ত হৈছিল ৰাখী৷ ৰাখীয়ে তনুশ্ৰী সমকামী বুলি অভিযোগ আনিছিল৷ ২০১৯ বৰ্ষত ৰাখীয়ে ঘোষণা কৰিছিল যে তেওঁ বিবাহিত৷  তেওঁৰ স্বামী ৰীতেশ প্ৰৱাসী ব্যৱসায়ী৷ তেওঁৰ স্বামীয়ে ৰাষ্ট্ৰপতিত ট্ৰাম্পৰ সৈতেও কাম কৰিছে৷ শেহতীয়াকৈ বিগ বছ ১৪ অনুষ্ঠানত ৰাখীয়ে ঘোষণা কৰে যে তেওঁ বিবাহিত৷ তেওঁ সাম্প্ৰতি সন্তান সম্ভৱা৷ ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত ৰাখী উত্তৰ পশ্চিম মুম্বাই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে৷ প্ৰতীক আছিল জলকীয়া৷ ৰাখীয়ে ভোট পাইছিল কিমান জানেনে? মাত্ৰ ১৫টা৷