বাস্তৱ নহয় ‘পাৰচেপচন’
আনে নাজানিলেও বা নুবুজিলেও বিজেপিয়ে জানে আৰু বুজে যে বিজেপিৰ প্ৰথম, প্ৰধান আৰু একমাত্ৰ শত্ৰু হ’ল কংগ্ৰেছ৷ আন ৰাজনৈতিক দলে স্থানীয় পৰ্যায়ত বিজেপিক কিছু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে, কিছু আহুকালত পেলাব পাৰে, কিন্তু কেন্দ্ৰৰ পৰা আৰু ভাৰতজোৰা আধিপত্যৰ পৰা একমাত্ৰ কংগ্ৰেছ দলেহে বিজেপিক স্থানান্তৰিত কৰিব পাৰে৷ ভাৰতৰ প্ৰতিখন প্ৰদেশ-কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱত কংগ্ৰেছৰ দুজন হ’লেও মানুহ আছে৷ এই সাংগঠনিক ভিত্তি কংগ্ৰেছৰ শ বছৰজোৰা পৰিক্ৰমাত গঢ়ি উঠিছে আৰু ইয়াৰ দীঘলীয়া শাসন কালত সেই সাংগঠনিক ভিত্তি বহু গভীৰলৈ শিপাইছে৷ কংগ্ৰেছৰ অতি বেয়া দিনতো সেই ভিত্তি উছন হৈ নাযায়৷ ১৯৮০ চনত জন্ম লাভ কৰা বিজেপি গঢ় লৈ উঠিছে আৰএছএছৰ প্ৰায় ৯৭ বছৰীয়া সাংগঠনিক ভিত্তিৰ ওপৰত, কিন্তু নানা উত্থান-পতন তথা অস্তিত্বৰ সংকট আৰু আপোচৰ মাজেৰে পাৰ হৈ অহা আৰএছএছৰ বিস্তৃতি কংগ্ৰেছৰ সমান হয়তো এতিয়ালৈ হোৱা নাই৷ এই কথা জানে বাবেই বিজেপি আৰু আৰএছএছে কংগ্ৰেছক, বিশেষকৈ নেহৰু-গান্ধী পৰিয়ালক অনবৰত আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কংগ্ৰেছ আৰু নেহৰn-গান্ধী¸ পৰিয়ালৰ বিজেপি-আৰএছএছক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পৰাৰ ক্ষমতা আছে৷ সেয়েহে বিজেপি-আৰএছএছে মুখত এনেকুৱা দেখুৱায় যেন কংগ্ৰেছ একো ‘ফেক্টৰ’ নহয়, কংগ্ৰেছক লৈ তেওঁলোকে অকণো মূৰ নঘমায় আৰু কাৰ্যক্ষেত্ৰত বিজেপি-আৰএছএছে আটাইতকৈ অধিক সময় আৰু সম্পদ কংগ্ৰেছক একো ফেক্টৰ নহয় বুলি প্ৰমাণ কৰাত খৰচ কৰে৷ কংগ্ৰেছক আক্ৰমণ কৰাৰ আটাইতকৈ সহজ আৰু সুলভ উপায়টো হ’ল কংগ্ৰেছৰ তথাকথিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি৷ কংগ্ৰেছ দীঘলীয়াকৈ ক্ষমতাত আছিল৷ বিজেপি দীঘলীয়াকৈ ক্ষমতাত থাকিলে লাহে লাহে নেতাসকলৰ পুতেক-বোৱাৰীয়েকসকল নেতা, বিধায়ক, সাংসদ, মন্ত্ৰী হোৱা দেখা যাব৷ জয় শ্বাহ একমাত্ৰ অমিত শ্বাহৰ পুত্ৰ হোৱাৰ বাবেই ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল ব’ৰ্ডৰ সাধাৰণ সম্পাদক হ’ল৷ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হ’ব পৰাকৈ বিজেপিৰ শাসন দীঘলীয়া হোৱা নাই৷
নৰেন্দ্ৰ মোদীৰ বিকল্পৰূপে যাতে ৰাহুল গান্ধীয়ে নিজকে দাঙি ধৰিব নোৱাৰে, তাৰ বাবে ৰাহুল গান্ধীক ‘পাপ্পু’ৰূপে তুলি ধৰিবলৈ বিজেপিয়ে আৰু তেওঁলোকৰ আইটি চেলে অহৰ্নিশে চেষ্টা চলাই থাকে৷ ইয়াৰ বাবে প্ৰচুৰ অৰ্থ, সময় আৰু যোগাযোগ প্ৰযুক্তিত দক্ষ পেছাদাৰী মানৱ সম্পদ ব্যৱহাৰ হয়৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল, বিজেপি-আৰএছএছে জানে যে নৰেন্দ্ৰ মোদীৰ বিকল্পৰূপে নিজকে দাঙি ধৰাৰ আটাইতকৈ অধিক সম্ভাৱনা থকা ব্যক্তিজনেই হ’ল ৰাহুল গান্ধী৷ ৰাহুল গান্ধীক সৰু কৰি ৰাখিব পাৰিলে নৰেন্দ্ৰ মোদীক ডাঙৰ যেন দেখা যাব৷
নেহৰু-গান্ধী পৰিয়ালে কংগ্ৰেছক এডাল সূতাই এডাল নানাৰঙী, নানা আকৃতি, নানা প্ৰকৃতিৰ ফুলক এডাল মালাৰ ৰূপত গাঁঠি ৰখাৰ দৰে একেডাল ডোলেৰে বান্ধি ৰাখে৷ নেহৰু-গান্ধী পৰিয়াল হ’ল কংগ্ৰেছ নামৰ অলেখ পৃষ্ঠাৰ কিতাপখন এখন কিতাপৰূপে বান্ধি ৰখা আঠা৷ নৰেন্দ্ৰ মোদী আজি বিজেপিত তেনে এক একত্ৰিত কৰি ৰখা শক্তিৰূপে ক্ৰমবিকাশ ঘটিছে৷ বহু মানুহক সমৱেত কৰা সামাজিক, ৰাজনৈতিক, ধৰ্মীয় শক্তি বা সংগঠনসমূহৰ ক্ষেত্ৰত এয়া এক পৃথিৱীজোৰা সাধাৰণ প্ৰক্ৰিয়া৷ কংগ্ৰেছৰ পৰা নেহৰু-গান্ধীৰ পৰিয়ালক আঁতৰাই আগবাঢ়িবলৈ দিয়া উপদেশ অতি বালসুলভ আৰু অপৰিপক্ব উপদেশ, অথবা তেওঁলোক কংগ্ৰেছৰ শুভচিন্তক নহয়৷ কংগ্ৰেছৰ সভাপতিৰ পদত নেহৰু-গান্ধী পৰিয়ালৰ বাহিৰৰ মল্লিকাৰ্জুন খৰ্গে অধিষ্ঠিত হোৱাটো এটা প্ৰতীকী কাৰবাৰ মাত্ৰ৷ বিজেপিয়ে সভাপতি জে পি নড্ডাক ইয়াৰ ব্ৰেণ্ডৰূপে তুলি ধৰা নাই, নৰেন্দ্ৰ মোদীকহে ব্ৰেণ্ডৰূপে তুলি ধৰিছে৷ একেদৰে কংগ্ৰেছেও ব্ৰেণ্ডৰূপে ৰাহুল গান্ধীকেই নৰেন্দ্ৰ মোদী ব্ৰেণ্ডৰ প্ৰতিদ্বন্দ্বীৰূপে তুলি ধৰাত বাদে কংগ্ৰেছৰ আন উপায় নাই৷
বহুতে ব্ৰেণ্ডৰূপে অৰবিন্দ কেজৰিৱালেও প্ৰতিষ্ঠা লাভ কৰা বুলি কৈছে৷ কিন্তু কেজৰিৱাল হিন্দুত্ব, হিন্দুৰাষ্ট্ৰ আদি মূল ৰাজনৈতিক বিষয়সমূহত নিমাত৷ এই বিষয়সমূহত মৌনতা অৱলম্বনৰ কৌশলেৰে আৰু স্কুল, হাস্পতাল আৰু বিজুলীৰ কথা কৈ একোখন ৰাজ্যত হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰি, কিন্তু ভাৰতৰ সাধাৰণ নিৰ্বাচনত তেনে কৌশলে কাম দিয়াৰ সম্ভাৱনা কম৷
ৰাহুল গান্ধীয়ে মুকলিকৈ হিন্দুত্ব, হিন্দুৰাষ্ট˜ৰ বিৰোধিতা কৰিছে৷ মুকলিকৈ কৈছে যে বিজেপি-আৰএছএছে বিচৰা ভাৰতখন কংগ্ৰেছে নিবিচাৰে৷ তেওঁ সংবিধান, গণতন্ত্ৰ আৰু মৌলিক অধিকাৰৰ কথা কৈছে৷ ৰাহুলে এতিয়ালৈ প্ৰয়োজনীয় সমৰ্থন পোৱা নাই, কিন্তু বিজেপি-আৰএছএছে জানে যে কংগ্ৰেছ আৰু ৰাহুলৰ বিকল্প হোৱাৰ সম্ভাৱনা আৰু শক্তি দুয়োটাই আছে৷ সেয়েহে ব্ৰেণ্ড মোদীৰ বিকল্প বা প্ৰতিদ্বন্দ্বীৰূপে ব্ৰেণ্ড ৰাহুলৰ উত্থান যাতে হ’ব নোৱাৰে তাৰ বাবে বিজেপি-আৰএছএছে সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে৷
২০২৪ৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি আহিছে৷ নিৰ্বাচনত কাৰ জয় বা পৰাজয় হ’ব সেয়া নিৰ্ভৰ কৰিব কোনে নিজৰ পক্ষত ‘পাৰচেপচন’ অৰ্থাৎ ধাৰণা-বোধ-উপলব্ধি সৃষ্টি কৰাত সফল হ’ব তাৰ ওপৰত৷ এই ‘পাৰচেপচন’ সঁচা বা বাস্তৱ নহয়, ইয়াক গঢ়ি তোলা হয় অলেখ ধন খৰচ কৰি অত্যাধুনিক যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰি, অলেখ পেছাদাৰী মানৱ সম্পদ ব্যৱহাৰ কৰি৷ নৰেন্দ্ৰ মোদীৰ দৰে এটা জনপ্ৰিয় ব্ৰেণ্ড থাকিলে এনে পাৰচেপচন গঢ়া বহু সহজ হৈ পৰে৷ বিজেপি ‘পাৰচেপচন’ গঢ়াত অন্ততঃ এতিয়ালৈ আগবাঢ়ি আছে৷ কংগ্ৰেছে নিজৰ পক্ষত কেনেকৈ পাৰচেপচন গঢ়িবলৈ চেষ্টা কৰে, অনাগত দিনত সেয়া লক্ষণীয় হ’ব৷






