Logo
image

সৃষ্টি হ’বনে এক নতুন প্ৰশাসনিক সংস্কৃতিৰ?

অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত এচিএছ, এপিএছকে ধৰি বিভিন্ন পদসমূহৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণাৰ পাছত বহু সফল প্ৰাৰ্থীৰ সাক্ষাৎকাৰৰ পাছত একপ্ৰকাৰ প্ৰতীয়মান হৈছে যে মেধা, যোগ্যতাৰ ভিত্তিতেই তেওঁলোক নিৰ্বাচিত হৈছে৷ কুখ্যাত ৰাকেশ পাল বাহিনী আৰু ইয়াৰ পূৰ্বেও কেইজনমান দুৰ্নীতিগ্ৰস্ত আয়োগৰ চেয়াৰমেন, সদস্যই লোকসেৱা আয়োগৰ চাকৰিসমূহ বজাৰৰ পণ্য সামগ্ৰীলৈ পৰ্যবসিত কৰাৰ পাছত অসম লোকসেৱা আয়োগৰ প্ৰতি মেধাবী ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন অভিভাৱকসকলেও আস্থা হেৰুৱাইছিল৷ পূৰ্বৰ বিজেপি চৰকাৰৰ আমোলত দুৰ্নীতিগ্ৰস্ত চেয়াৰমেনকে মুখ্য কৰি বাকী সাংগোপাংগোসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ পাছত বৰ্তমানৰ চৰকাৰে আয়োগৰ কাম-কাজত স্বচ্ছতা অনাৰ লগতে দক্ষ আৰু নিকা কৰাৰ বাবে অধিক গুৰুত্ব দিয়াৰ পাছত অসম লোকসেৱা আয়োগে হৃত সন্মান বহু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছে৷ এতিয়া উচ্ছ মধ্যবিত্ত, মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ লগতে কৃষক, শ্ৰমিকৰ সন্তানেও নিজৰ মেধা, যোগ্যতাৰ বলেৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ ৰাজ্যখনৰ আৰ্থ-সামাজিক বিকাশৰ গতিধাৰা সৱল কৰাৰ স্বাৰ্থত এইসকলে সৱল ভূমিকা পালন কৰাটো ৰাইজে এতিয়া মনে-প্ৰাণে কামনা কৰিছে৷ উল্লেখ্য লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে বৰ্তমানৰ চৰকাৰৰ আমোলত ইতিমধ্যে আৰক্ষী বিভাগ, জনস্বাস্থ্য, লোক নিৰ্মাণ, শিক্ষা বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাসমূহ স্বচ্ছতাৰে আৰু সফলতাৰে অনুষ্ঠিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইতিমধ্যে কেইবাবাৰো নিয়োগ মেলাসমূহ অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিষ্ঠা, একাগ্ৰতাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে৷ সু-প্ৰশাসন এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ বিকাশৰ মূলমন্ত্ৰ৷ বিভিন্ন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি চৰকাৰ গঠন কৰাৰ পাছত চৰকাৰৰ নেতৃত্ব বহন কৰা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কেন্দ্ৰ, ৰাজ্যত শাসনৰ বাঘজৰী নিয়ন্ত্ৰণ কৰে৷ অৱধাৰিতভাৱে সু-প্ৰশাসনৰ চাবি-কাঠী এইসকলৰ ওপৰত ন্যস্ত থাকিলেও চৰকাৰীভাৱে প্ৰদান কৰা নিৰ্দেশনাসমূহ বিষয়া, কৰ্মচাৰীসকলেই কাৰ্যকৰী কৰে৷ বহু ক্ষেত্ৰত ৰাজনৈতিক লাভালাভ, ব্যক্তিগত স্বাৰ্থ পূৰণ, স্বজন-তোষণ আদিক অগ্ৰাধিকাৰ দি বহু মন্ত্ৰী, বিধায়ক, সাংসদ আৰু তেওঁৰ ধেমাধৰাসকলে অবাধ দুৰ্নীতি, অনিয়মক প্ৰশ্ৰয় দিয়াৰ ফলত সু-প্ৰশাসন সুদূৰ পৰাহত হৈ পৰে৷ প্ৰণিধানযোগ্য যে এনে অভীপ্সাসমূহ পূৰণ কৰিবলৈ হ’লে মন্ত্ৰী-নেতাই প্ৰশাসনিক বিষয়া, কৰ্মচাৰীৰ সহায়-সহযোগ অবিহনে কৰাটো অসম্ভৱ৷ এচাম বিষয়া-কৰ্মচাৰীয়ে প্ৰথমাৱস্থাত এই প্ৰক্ৰিয়াৰ লগত জড়িত হ’বলৈ থেৰোগেৰো কৰে যদিও ভৱিষ্যত সুৰক্ষা [?]ৰ স্বাৰ্থত মন্ত্ৰী-নেতাৰ পক্ষত অৱস্থান কৰে; এচামে ইচ্ছাকৃতভাৱেই আকণ্ঠ দুৰ্নীতি-অনিয়মত নিমজ্জিত হয় আৰু দুৰ্নীতি-অনিয়মৰ বাট উলিওৱাৰ ক্ষেত্ৰত নেতা-মন্ত্ৰীকো বিশেষভাৱে সহায়হে কৰে৷ অৱশ্যে এপাচি শাকত এটা জালুকৰ দৰে মুষ্টিমেয় কিছু বিষয়া-কৰ্মচাৰীয়ে এইবোৰৰ পৰা দূৰৈত থাকিবৰ বাবে চেষ্টা নকৰা নহয়৷ সম্প্ৰতি অসমত চি এম ভিজিলেন্স, চি আই ডি বিভাগ আদিৰ নেতৃত্বত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলি থকাৰ বাবে দলে-বলে বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে৷ আশ্চৰ্যজনক কথা প্ৰায় প্ৰতিদিনে এনেদৰে বহু লোক গ্ৰেপ্তাৰ হোৱাৰ পাছতো ঘোচ, উপঢৌকন লোৱা লোকৰ সংখ্যা হ্ৰাস পাইছেনে? এজন ডিটিঅ’ৰ বিচনাৰ তলত বহু লাখ টকা উদ্ধাৰ হোৱাৰ পাছত অন্য এজন ডিটিঅ’, পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ বাসগৃহৰ পৰা লক্ষ লক্ষ টকা উদ্ধাৰ কৰা হৈছে৷ এইবোৰ কথাই প্ৰতীয়মান কৰে যে প্ৰায় মজ্জাগতভাৱে অধিকাংশৰে মনত দুৰ্নীতি গভীৰভাৱে প্ৰোথিত হৈছে যাৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ সহজ হৈ থকা নাই৷ কংগ্ৰেছৰ বিগত ১৫ বছৰীয়া শাসনকালত আৰু বিজেপিৰ যোৱাটো শাসনকালত কয়লা, চুপাৰি, গৰু, ড্ৰাগছ আদি বহু ছিণ্ডিকেট বিনা বাধাই চলি আছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী, বহু মন্ত্ৰী-বিধায়ক যোৱা মন্ত্ৰীসভাতো স্থান পোৱাৰ লগতে বিধায়ক বা আন পদত আছিল৷ একেটা ‘ছিণ্ডিকেট সংস্কৃতি’ৰ মাজেদি অহা এইসকলে বৰ্তমান এইবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এক নতুন সংস্কৃতিৰ যদি জন্ম দিব পাৰে তেন্তে ইতিহাসে নি(য় তেওঁলোকক মনত ৰাখিব৷ ইফালে নতুনকৈ নিকা প্ৰক্ৰিয়াৰে নিযুক্ত এ চি এছ, এ পি এছৰ পৰা সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা এই নতুন সংস্কৃতি সৃষ্টিৰ বাবে এয়া হ’ব পাৰে সূৱৰ্ণ সুযোগক্ক এই সংস্কৃতিত সততাৰ লগতে অৱশ্যেই অন্তৰ্ভুক্ত হ’ব লাগিব দক্ষতা, সংহতি, দায়বদ্ধতা, নেতৃত্ব আৰু মানুহমুখী চিন্তাক্ক ন্যায়াধীশ সন্তোষ হেগড়েই কৈছিল সুপ্ৰশাসন হ’বলৈ চৰকাৰৰ লগতে বিষয়াসকলেও ৰাজধৰ্ম পালন কৰিব লাগিব৷ অন্যহাতে সু-প্ৰশাসন জনসাধাৰণৰো এক মৌলিক অধিকাৰ৷ প্ৰকৃত ৰাজধৰ্ম পালনৰ যোগেদিহে ৰাজ্যত এক নতুন প্ৰশাসনিক সংস্কৃতি সৃষ্টি কৰাটো সম্ভৱ হ’ব৷