অপৰাধীৰ ৰম্যভূমি
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অপৰাধ নিৰ্মূল কৰাৰ বাবে যিমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ৰাজ্যখনত কিন্তু অপৰাধৰ সংখ্যা হ্ৰাস পোৱা নাই৷ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈয়েই ড॰ শৰ্মাই ৰাজ্যখনৰ আৰক্ষী বাহিনীক অধিক ক্ষমতা প্ৰদান কৰাৰ উপৰি অপৰাধীক আঁঠুৰ তলত গুলীয়াই কৰায়ত্ত কৰিব পাৰিব বুলি কৈছিল৷ আনকি প্ৰয়োজনত আৰক্ষীয়ে অপৰাধীক ‘এনকাউণ্টাৰ’ কৰিব পাৰিব বুলিও কৈছিল৷ মুখ্যমন্ত্ৰীৰ পৰা সেউজ সংকেট পোৱাৰ পাছৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ গুলীত বহু অপৰাধীক গুলীয়াই আহত কৰা হৈছিল আৰু বহুজন আৰক্ষীৰ হাতত নিহত হৈছিল৷ কিন্তু এনে ‘এনকাউণ্টাৰ’ৰ ঘটনাৰ বাবে বহুক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ প্ৰতি ৰাইজৰ সন্দেহ বৃদ্ধি পাইছিল৷ আনকি নিৰীহ লোককো আৰক্ষীয়ে গুলীয়াই আহত আৰু নিহত কৰাৰ অভিযোগ উঠিছিল৷ বিপৰীতে যিসকল দাগী অপৰাধী, সেইসকলে কিন্তু নিৰ্বিবাদে চলাই গৈছিল নিজৰ অপৰাধ সাম্ৰাজ্য৷ সেইদৰে ড্ৰাগছ নামৰ বৰবিহৰ পৰা নৱ প্ৰজন্মক ৰক্ষা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ আৰক্ষী বিভাগে ঠায়ে ঠায়ে ড্ৰাগ ব্যৱসায়ীক কৰায়ত্ত কৰিছে যদিও এই ব্যৱসায়ৰ পুথি-খলিহনাহে ধৰিবলৈ সক্ষম হৈছে৷ ড্ৰাগ ব্যৱসায়ৰ সৈতে জড়িত মূল ব্যৱসায়ী কোন কোন, সেইসকলক বিচাৰি কৰায়ত্ত কৰিব নোৱাৰাৰ ফলত ৰাজ্যখনত ড্ৰাগৰ ব্যৱসায় বন্ধ হোৱা নাই৷ বাৰম্বাৰ আৰক্ষী বাহিনীয়ে ৰাজ্যত অপৰাধজনিত ঘটনা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি কৈ আহিছে যদিও বিভিন্ন তথ্যই আজিও অসম অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি বুলি প্ৰমাণ কৰি আহিছে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘নেশ্বনেল ক্ৰাইম ব্যুৰো’ৰ তথ্য অনুসৰি হত্যাকাণ্ড সংঘটিত হোৱাৰ ফালৰ পৰা অসম দেশৰ ভিতৰতে তৃতীয়৷ উল্লেখ্য, বিগত বৰ্ষত হত্যাকাণ্ড সংঘটিত হোৱাৰ ক্ষেত্ৰত ঝাৰখণ্ডই দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে যদিও হাৰিয়ানাৰ পাছতে অসমে এনে অপৰাধ কাৰ্যৰে তৃতীয় স্থান দখল কৰে৷ উল্লেখ্য, বিগত বৰ্ষত পঞ্জীয়নভুক্ত অসমৰ মুঠ ১,১৯২টা হত্যাকাণ্ডৰ ৩১১ টা ব্যক্তিগত শত্ৰুতাৰ বাবে, ২২৭টা বিবাদৰ বাবে, ১০৫টা মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবে আৰু ৯টা হত্যাকাণ্ড যৌতুকজনিত কাৰণত সংঘটিত হয়৷ আনহাতে, বিগত বৰ্ষত ৰাজ্যখনত সংঘটিত ৫৩৬ টা হত্যাকাণ্ডৰ কাৰণ অজ্ঞাত বুলি ‘নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো’ৰ তথ্যত প্ৰকাশ৷ সেইদৰে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰতো অসম দেশৰ ভিতৰতে দ্বিতীয়৷ ৰাজ্যখনত প্ৰতিদিনে এনে ঘটনা সংঘটিত হোৱাৰ কথা প্ৰায়েই পোহৰলৈ আহে৷ তথ্য অনুসৰি ২০২১ বৰ্ষত অসমত অপৰাধ পূৰ্বৰ বৰ্ষৰ তুলনাত ১০ শতাংশ বৃদ্ধিহে পাইছেþ৷ ২০২০ বৰ্ষত পঞ্জীয়নভুক্ত ১,২১,৬০৯টা অপৰাধৰ ঘটনাৰ বিপৰীতে ২০২১ বৰ্ষত এই সংখ্যা ১,৩৩,২৩৯টালৈ বৃদ্ধি পায়৷ এনে অৱস্থাত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যখনৰ পৰা অপৰাধ দূৰ কৰাত বিফল হোৱা বুলিহে ক’ব লাগিব৷ অৱশ্যে জানুৱাৰীৰ পৰা জুলাইলৈ গুৱাহাটীত ৪৮ শতাংশ অপৰাধ বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে বুলি আৰক্ষী বিভাগে প্ৰকাশ কৰিছে যদিও ৰাজ্যখনত প্ৰতিদিনে সংঘটিত হৈ থকা হত্যা, ধৰ্ষণ, প্ৰৱঞ্চনা আদিৰ ঘটনাই সাধাৰণ নাগৰিকক প্ৰতিনিয়ত এক অসুৰক্ষিত জীৱন কটাবলৈ বাধ্য কৰাইছে৷ ৰাজ্যৰ এচাম লোকে কৰ্মসংস্থাপনৰ আন উপায় নাপাই অপৰাধ কাৰ্যত প্ৰবৃত্ত হৈছে আৰু আন এচামে সহজে ধন ঘটাৰ পন্থাৰূপে অপৰাধ জগতত ভৰি থৈছে৷ চৰকাৰে যদিহে ৰাজ্যৰ পৰা অপৰাধ আৰু অপৰাধীক দূৰ কৰিব নোৱাৰে তেন্তে অপৰাধীৰ টিঘিল-ঘিলনি বৃদ্ধি পাব আৰু জনসাধাৰণে সকলো সময়তে ভয়-শংকাৰে জীৱন অতিবাহিত কৰিব লাগিব৷ অৱশ্যে, ৰাজ্যৰ প্ৰতিজন লোককে যদি চৰকাৰে কৰ্ম ৰ্কৰি উপাৰ্জনৰ সুযোগ দিয়ে, তেন্তে এনে অপৰাধ বহুলাংশে হ্ৰাস পাব৷ তদুপৰি বহিঃৰাজ্যৰ অপৰাধীয়ে ৰাজ্যখনত যাতে অপৰাধ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী বিভাগ অধিক তৎপৰ হ’ব লাগিব৷






