Logo
image

অনুপেক্ষণীয় ‘দুৰ্বল’

অষ্ট্ৰেলিয়াত চলি থকা এইবাৰৰ টুৱেণ্টী২০ বিশ্বকাপত কোনটো দলৰ খিতাপ জয়ৰ সম্ভাৱনা বেছি বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰ দিয়াটো সহজ নহ’ব৷িক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, প্ৰথম ৰাউণ্ডৰ খেলৰ পৰা এতিয়ালৈকে বিভিন্ন দলৰ প্ৰদৰ্শনলৈ মন কৰিলে চৰ্চালৈ নহা দল এটা চেম্পিয়ন হ’লেও তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি আয়াৰলেণ্ডৰ কথা৷ বুধবাৰে ‘ছুপাৰ-১২’পৰ্যায়ৰ গ্ৰুপ ‘এক’ৰ বৰ্ষাবিঘ্নিত খেলত আয়াৰলেণ্ডে শক্তিশালী ইংলেণ্ডক পৰাস্ত কৰে পাঁচ ৰানত৷বএইবাৰৰ বিশ্বকাপৰ মূল পৰ্যায়ত ইয়াক প্ৰথমটো অঘটন হিচাপে অভিহিত কৰা হৈছে৷ ইয়াৰ পূৰ্বে ২০০৭, ২০১১ আৰু ২০১৫ চনৰ বিশ্বকাপতো অঘটন ঘটাইছিল আয়াৰলেণ্ডে৷ সেয়েহে এইবাৰো আইৰিছ দলটোক লৈ আন দলবোৰ শংকিত৷ প্ৰথম ৰাউণ্ডৰ খেলতো দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক বিদায় দিছিল এণ্ডি বেলবিৰ্নী নেতৃত্বাধীন আয়াৰলেণ্ডে৷ ভাৰতত অনুষ্ঠিত ২০১১ চনৰ বিশ্বকাপৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ টুৰ্নামেণ্টত প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হৈছিল আয়াৰলেণ্ডৰ আৰু দলটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইলে যে অভিজ্ঞতাৰ ফালৰ পৰা পিছ পৰি থাকিলেও আগশাৰীৰ প্ৰতিযোগিতাত অঘটন ঘটোৱাৰ সামৰ্থ্য আছে দলটোৰ৷

আয়াৰলেণ্ডৰ হাতত ইংলেণ্ড পৰাস্ত হোৱাৰ পাছত নেদাৰলেণ্ডছৰ বিৰুদ্ধে বৃহস্পতিবাৰে হ’বলগীয়া খেলখনৰ পূৰ্বে  ভাৰতীয় দলটোকো নিশ্চয় কিছু  চিন্তাত নেপেলোৱাকৈ নাথাকিব৷ ডাচ্ছ দলটোৰ বাবে ভাৰতক পৰাস্ত কৰাটো সহজ নহ’ব যদিও ক্ৰিকেটত দুৰ্বল হিচাপে বিবেচিত দলৰ হাতত শক্তিশালী দল পৰাস্ত হোৱাৰ বহু উদাহৰণ আছে৷ ইউনাইটেড আৰৱ এমীৰেটছত অনুষ্ঠিত ২০২১ চনৰ টুৱেণ্টী২০ বিশ্বকাপৰ প্ৰথম দুখন খেলত পাকিস্তান আৰু নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ ‘ছুপাৰ-১২’  পৰ্যায়ৰ পৰা বিদায় ল’বলগীয়া হৈছিল ভাৰতে৷ এইবাৰো টীম ইণ্ডিয়াৰ প্ৰথমখন খেল আছিল পাকিস্তানৰ বিৰুদ্ধেই৷ দলৰ একাধিক সদস্যৰ আঘাতৰ সমস্যাই চিন্তাত ৰাখিছিল টীম মেনেজমেণ্টক৷ খেলখনত পাকিস্তানী বলাৰৰ সন্মুখত এটা সময়ত বিপৰ্যয়ৰ সন্মুখীন হ’লেও প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ আসাধাৰণ ইনিংছ আৰু হাৰ্দিক পাণ্ডিয়াৰ মূল্যবান বৰঙণিৰে শ্বাসৰুদ্ধকৰ খেলখনত শেষ হাঁহি বিৰিঙিছিল ভাৰতীয় ক্ৰিকেটাৰৰ মুখত৷ পাকিস্তানৰ বিৰুদ্ধে এই জয়ে ভাৰতীয় দলক মনস্তাত্বিক দিশত বহুখিনি আগুৱাই নিছে৷ পাকিস্তানৰ বিৰুদ্ধে ৫৩টা বলত খেলা অপৰাজিত ৮২ ৰানৰ ইনিংছটোৰ বাবে ছ’চিয়েল মিডিয়াত এতিয়া চলিছে কোহলিৰ জয়গান৷ কেৱল ভাৰতেই নহয়, পাকিস্তানৰ ক্ৰিকেটপ্ৰেমীও  তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে৷ স্বাভাৱিক ফৰ্ম ঘূৰাই পাবলৈ দীৰ্ঘ সময় যুঁজি থকাৰ পাছত এই প্ৰদৰ্শনে নিঃসন্দেহে কোহলিৰ আত্মবিশ্বাস ঘূৰাই আনিব৷ ক্ৰিকেট পণ্ডিতসকলৰ মতে, ভাৰত বিশ্বকাপত জয়ী হ’বলৈ হ’লে পৰৱৰ্তী খেলকেইখনতো কোহলিৰ পৰা প্ৰয়োজন হ’ব অনুৰূপ প্ৰদৰ্শন৷ নেদাৰলেণ্ডছ সোমবাৰে বাংলাদেশৰ হাতত পৰাস্ত হৈছিল ৯ ৰানত৷  প্ৰথম খেলত পৰাস্ত হ’লেও ভাৰতে ডাচ্ছ দলটোক সহজভাৱে লোৱাটো ভুল হ’ব৷ কিয়নো তুলনামূলকভাবে দুৰ্বল বুলি বিবেচনা কৰা দলেও যে অপ্ৰত্যাশিত ফলাফল দেখুৱাব পাৰে, তাৰ প্ৰমাণ আয়াৰলেণ্ডে দেখুৱাইছে৷ ভাৰতে প্ৰথমখন খেল খেলিছিল মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ডত৷ ৰোহিত শৰ্মাৰ দলটোৱে বৃহস্পতিবাৰে খেলিব ছিডনীত৷ মেলব’ৰ্ন আৰু ছিডনীৰ পৰিৱেশ হয়তো পৃথক হ’ব৷ পৰিৱেশ যিয়েই নহওক, দুয়োটা দলেই বিচাৰিব নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ৷ প্ৰতিপক্ষ যি দলেই নহওক কিয়, আন এক জয়ে ভাৰতীয় দলৰ মনোবল  অধিক বৃদ্ধি কৰিব আৰু এই আত্মবিশ্বাসেই পৰৱৰ্তী খেলকেইখনত দলটোৰ অন্যতম সহায়ক হ’ব৷