Logo
image

২৪ৰ চিন্তা আৰু ‘ভাৰত জোড়ো’ যাত্ৰাৰ স্বৰূপ

গুগ্‌লৰ তথ্য মতে, বৰ্তমান ভাৰতত স্বাধীনতাৰ সেই আৱেগবিহ্বল পুৱাটো দেখা জীৱিত মানুহৰ সংখ্যা ২৮,৩৬৮জন৷ অৰ্থাৎ এইসকলে নতুন ভাৰতৰ সেই আমেজভৰা আৱেগৰ মাজত ডাঙৰ-দীঘল হৈছে৷ সেইসকলে বৰ্তমানো স্বাধীনতাৰ ‘অমৃত পাণ’ কৰি জীয়াই আছে, যি অমৃতৰ সন্ধানত জীৱন আৰম্ভ কৰিছিল৷ ইয়াৰ পাছত আজি ভাৰতৰ জনসংখ্যা [শেহতীয়া] ১৩৯.৩৪ কোটি৷ অৰ্থাৎ প্ৰায় ১৪০ কোটি লোকে বুকুত সপোন লৈ জীয়াই আছে এক সমৃদ্ধ ভাৰতৰ৷ ইয়াৰ বাবেই দেশৰ জনতাই নানা কষ্ট স্বীকাৰ কৰিছে৷ আশা কৰিছে সেইসমূহ ৰাজনৈতিক দলৰ পৰা যি দেশক দৰিদ্ৰমুক্ত কৰি সমৃদ্ধিৰ শেষ বিন্দুত উপনীত কৰোৱাৰ প্ৰতিশ্ৰুতি দি শাসন ক্ষমতা দখল কৰে৷ কেৱল শাসন ক্ষমতা দখল কৰাসকলৰ পৰাই নহয়, দেশত বিপ্লৱ সংঘটিত কৰি সমাজবাদী অৰ্থনীতিৰে সকলোৰে সম-অধিকাৰ, সম-বিকাশৰ জৰিয়তে সমৃদ্ধিৰ শিখৰত আৰোহণৰ বাবে সপোন দেখি লাখ লাখ লোকে দেশৰ বাবেই মৃত্যুক সাবটি লোৱাৰ কাহিনী অলেখ৷ কিন্তু দেশে দৰিদ্ৰতাৰ নাগপাশৰ পৰা আজিলৈকে মুক্ত নহ’ল৷ দেশৰ নেতাসকলে এক সঠিক অৰ্থনৈতিক পৰিকল্পনা গঢ়ি তুলিব নোৱৰাৰ বাবেই আজি দেশ-জনতাৰ এই অৱস্থা৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গ্ৰহণ কৰা মিশ্ৰ অৰ্থনীতিৰ বিফলতাই বিগত শতিকাৰ শেষৰ দশকত নতুন অৰ্থনৈতিক নীতিৰ নামত সাম্ৰাজ্যবাদী অৰ্থনীতিৰ হাতত নিজকে বন্ধকত থৈ কংগ্ৰেছে যি দেশ উদ্ধাৰৰ পৰিকল্পনা কৰিছিল, আজি সেই বিফল পৰিকল্পনাৰ ফল সকলোৱেই ভোগ কৰিব লগা হৈছে৷ কংগ্ৰেছে নিৰ্মাণ কৰা ভেটিৰ ওপৰত বিজেপিয়ে নিজৰ সাম্প্ৰদায়িক ৰহণ সানি আমেৰিকান সাম্ৰাজ্যবাদৰ আশিসধন্য হৈ দেশক উদাৰীকৰণৰ শেষ বিন্দুত উপনীত কৰাবলৈ দেশৰ সকলো সম্পদক ব্যক্তিগত মালিকৰ [কোম্পানী] হাতত অৰ্পণ কৰাৰ কাম প্ৰায় সমাপন কৰিছে৷ [যি দুই-এপদ আছে, সেয়া আগন্তুক দুটা বছৰৰ ভিতৰত কৰিবলৈ ইতিমধ্যে পৰিকল্পনা শেষ হৈছে৷] এনে সময়তে বিজেপিয়ে যি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰাৰ বাবে অৰ্থাৎ প্ৰতিবছৰে দুই কোটিক, বৰ্তমানলৈ ১৬ কোটিক চাকৰি, মূল্য হ্ৰাসৰ সলনি ব্যাপক মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ শোধোৱা, ক’লাধন ঘূৰাই অনাৰ অসাৰ প্ৰতিশ্ৰুতি, মোদীৰ দিনতে হাজাৰ হাজাৰ কোটি টকা লৈ বহু লোকে ভাৰত ত্যাগ কৰা, দৈনিক নতুন নতুন কৰৰ বোজাৰ মাজলৈ জনগণক ঠেলি দিয়া ঘটনাই জনতাক অতিষ্ঠ কৰি তুলিছে, যি বিজেপিয়ে কংগ্ৰেছৰ দিনত জিএছটিৰ বিৰোধিতা কৰিছিল, আধাৰ কাৰ্ডৰ বিৰোধিতা কৰিছিল, সেই বিজেপিয়ে শাসনলৈ আহিয়ে এই দুটা কাৰ্য সমাপন কৰি লৈছিল৷ এইবোৰ বিষয়ৰ লগতে দেশত বিৰাজ কৰা সাম্প্ৰদায়িক বাতাৱৰণত জনগণ অতিষ্ঠ হৈ পৰিছে৷ কংগ্ৰেছে ইয়াৰ বাবেই যেন বাট চাই আছিল৷ বিগত আঠটা বছৰে মোদীৰ অপকৰ্মক সমৰ্থন জনোৱাৰ পাছত এতিয়া ২০২৪১ বাবে গা এঙামূৰি দি উঠিছে৷ কংগ্ৰেছে আশা কৰি আছিল বিজেপিৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সোণালী সুযোগ ল’বলৈ৷ সেয়ে নতুনকৈ ‘ভাৰত জোড়ো’ যাত্ৰা কৰিব লগা হৈছে৷ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য হিচাপে ঘোষণা কৰিছে– ভাৰতত বাস কৰা বিভিন্ন অংশৰ লোকৰ মাজলৈ সদ্ভাব আৰু মিলা-প্ৰীতি ঘূৰাই আনি তেওঁলোকৰ মাজত এক বিশ্বাস আৰু আস্থাৰ পৰিৱেশ গঢ়ি তোলা৷ কংগ্ৰেছে ইমানদিনে কি কৰিছিল? মুছলমানৰ তোষামোদৰ ৰাজনীতি কৰি কৰি হিন্দু সাম্প্ৰদায়িক ৰাজনীতিক সাৰ-পানী যোগাইছিল! মহাত্মা গান্ধীৰ অস্পৃশ্যতাবিৰোধী আন্দোলনক কি কৰিছিল কংগ্ৰেছে! স্বাধীনতাৰ এই অমৃত কালতো কিয় জাত-পাতৰ ৰাজনীতিত দেশ দগ্ধ হৈ থাকিব লগা হৈছে? কিয় অকণমান খোৱাপানীৰ বাবে দেশৰ জনতাই হাহাকাৰ কৰিব লগা গৈছে? ইয়াৰ বাবে কংগ্ৰেছ জগৰীয়া নহয়নে? কংগ্ৰেছে কৈছে, চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বাবে দেশত অভাৱনীয় মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই দেখা দিছে৷ প্ৰশ্ন হ’ল– বিজেপিৰ অৰ্থনৈতিক নীতি সুকীয়া নেকি? নতুন অৰ্থনৈতিক নীতিৰ বাহক কংগ্ৰেছেই নহয়নে? এই কংগ্ৰেছী নীতিৰ বাবেই দেশৰ সম্পদসমূহ ব্যক্তিগত মালিকৰ হাতলৈ যোৱা নাইনে? যেতিয়া মিশ্ৰ অৰ্থনীতি পৰিত্যাগ কৰি নতুন অৰ্থনৈতিক নীতি দেশলৈ আনিলে, তেতিয়াই বিদেশী কোম্পানীৰ বাবে দেশৰ বাট খোল খোৱা নাইনে? এতিয়া বিজেপিৰ জ্জ্ব বছৰৰ পাছত কংগ্ৰেছে কৈছে বিজেপিৰ ভুল নীতিৰ বাবে দেশৰ এই অৱস্থা হৈছে৷ কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাত তথাকথিত একাংশ প্ৰগতিশীল লেখক-বুদ্ধিজীৱী তথা কমিউনিষ্টে ভাৰত উদ্ধাৰৰ যাত্ৰা হিচাপে চিনাক্ত কৰিব খুজিছে৷ যিটো দেশখনৰ বাবেই এক বিড়ম্বনা হিচাপে চিহ্নিত হৈছে৷ কংগ্ৰেছৰ হাতত পুনৰ দেশ অৰ্পণে দেশৰ পৰিস্থিতি অধিক জটিল কৰিব৷ দেশৰ প্ৰগতিশীল অংশটোৱে নিজৰ দেশ উদ্ধাৰৰ যুদ্ধত বিফল হৈ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বিপৰীতে জনগণক প্ৰগতিশীল তথা বিকল্প অৰ্থনীতি গঢ়ি তোলাৰ সংগ্ৰামত ব্ৰতী হোৱাহে উচিত আছিল৷  কংগ্ৰেছৰ দলটোৱে বিজেপিৰ বিগত ৮ বছৰীয়া অবিৰত প্ৰচাৰত বিতত হৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পোতাশালৰ পৰা উলিয়াই অনাৰ চেষ্টা কৰি যিজন অশীতিপৰ ব্যক্তিক দলৰ দায়িত্ব অৰ্পণ কৰিছে, সি যে ১৯৯১ চনৰ এখন ভাওনাৰ পুনৰাবৃত্তি, সেই কথা বুজাই বুজি পাইছে৷ বৰ্তমানো দলৰ ‘লংগৰ’ যে ৰাহুল গান্ধীৰ হাততে থাকিব, সিও দিনমণিৰ দৰেই সত্য৷ সেয়ে জনতাই কংগ্ৰেছ-বিজেপিবিৰোধী বিকল্প ৰাজনীতিৰ সন্ধান কৰা দেখা গৈছে৷ যিটো অনাগত কেইটামান দিনৰ ভিতৰতে অধিক স্পষ্ট হৈ পৰিব৷