Logo
image

২০২০ত অক্ষয় কুমাৰৰ উপাৰ্জন ৩৫৬ কোটি টকা

আমাৰ অসম, ২১ ডিচেম্বৰঃ সকলোৱে জানে যে বলীউডৰ তাৰকাসমূহৰ ভিতৰত অক্ষয় কুমাৰৰ দৰে পৰিশ্ৰমী তাৰকা খুব কম৷ অক্ষয় কুমাৰে দিনে-নিশাই কষ্ট কৰিব পাৰে৷ ছবিৰ কামত ব্যস্ত থকাৰ সময়ত তেওঁৰ আন বিষয়লৈ কোনো মন-কাণ নাথাকে৷ কষ্ট কৰাৰ বাবে অক্ষয় কুমাৰ এতিয়া বলীউডৰ আটাইতকৈ বেছি উপাৰ্জন কৰা তাৰকা৷ ২০২০ চনটো বহুতৰ বাবে অভিশাপ স্বৰূপ আছিল৷ কিন্তু আচৰিত যে বহুতৰ বাবে অভিশাপ হৈ পৰা এই বছৰটোতে অক্ষয় কুমাৰে ৩৫৬ কোটি টকা উপাৰ্জন কৰিছে৷ যাৰ বাবে পত্নী একালৰ অভিনেত্ৰী টুইংকল খান্নাৰ হৈছে অক্ষয় কুমাৰে এতিয়া পাৰ কৰিছে সুখৰ সময়৷ শেহতীয়াকৈ অক্ষয়ৰ পত্নীয়ে তেওঁলোকৰ ‘সুখৰ সময়’ৰ এখন ছবি নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰে৷ ইয়াৰ পাছতে টুইংকলৰ ফল’ৱাৰ হয় ৫.৮ মিলিয়নৰো অধিক৷