Logo
image

তথ্য প্ৰযুক্তি বনাম জীৱনৰ ছন্দ

সাম্প্ৰতিক সময়ৰ আধুনিক পৃথিৱীত তথ্য-প্ৰযুক্তিয়ে সৰ্বদিশতে কেনে এক আগ্ৰাসী ভূমিকা পালন কৰিছে সেই সম্পৰ্কে বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ সমাজ তথা দেশৰ প্ৰগতি, উন্নয়নৰ লগতে সামাজিক জীৱন যাপনৰ ক্ষেত্ৰত প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ই হৈ পৰিছে সকলোৰে বাবে এৰাব নোৱাৰা আহিলা৷ একৈশ শতিকাৰ আজিৰ পৰত এনে এক পৰ্যায়লৈ আমি গতি কৰিছোঁ যে আমি নিজেই নিজক যিমান জানো, প্ৰযুক্তিয়ে নিজা কৌশলেৰে আমাৰ বিষয়ে অধিক ইনফৰ্মেচন বা খবৰ সমূহ সংগ্ৰহ কৰিছে৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে তথ্য-প্ৰযুক্তিয়ে সৃষ্টি কৰা আহিলা যেনে ম’বাইল, কম্পিউটাৰ, লেপটপ আদিও ইণ্টাৰনেটৰ যোগেদি উপলব্ধ ৱাটছএপ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ই-মেইল আদিৰ সৈতে মানুহৰ একাত্মতা, আগ্ৰহ, হেঁপাহক অনুধাৱন কৰি দিনে দিনে বজাৰলৈ আগমন ঘটিছে নতুন সুবিধাযুক্ত বিভিন্ন গেটেজসমূহৰ৷ মাত্ৰ কেইটামান বছৰৰ আগলৈকে বুটামযুক্ত ম’বাইলে মানুহৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ কিন্তু মানুহৰ মাজত ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ বজাৰখন দখল কৰিবলৈ ‘আমেৰিকা, চীন, দক্ষিণ কোৰিয়া, জাপান আদি বিভিন্ন দেশে নতুন সা-সুবিধাযুক্ত ম’বাইল উৎপাদন কৰিলে৷ ফলত ন’কিয়াৰ দৰে প্ৰতিষ্ঠান নিমিষতে হেৰাই গ’ল৷ এয়া কেৱল ম’বাইলৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়৷ বিভিন্ন ধৰণৰ যান-বাহন, নিত্য-ব্যৱহাৰ্য সা-সামগ্ৰী, টেলিভিছন, নিৰ্মাণ খণ্ড, সেৱাগত আদি সকলোতে নিত্য নতুন প্ৰযুক্তিয়ে পুৰণা প্ৰযুক্তিগত আহিলা সমূহৰ বজাৰৰ পতন ঘটাইছে৷ ভোগবাদ, আধুনিক জীৱন-যাপনৰ নামতো মানুহে প্ৰয়োজন নহ’লেও নতুন নতুন আহিলাসমূহ যিকোনো প্ৰকাৰে সংগ্ৰহ কৰাৰ এক প্ৰতিযোগিতাৰ দৌৰত লিপ্ত হৈছে৷ নতুন প্ৰযুক্তিগত আহিলাৰ প্ৰতি মানুহৰ এনে দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি এপল’ৰ প্ৰতিষ্ঠাপক ষ্টীভ জবছে কৈছিল– ‘বহু সময়ত মানুহে নিজেই উপলব্ধি কৰিব নোৱাৰে তেওঁলোকৰ প্ৰকৃততে প্ৰয়োজন কি? কিন্তু, নতুন প্ৰযুক্তিলব্ধ সামগ্ৰীটো উদ্ভাৱনৰ লগে লগে তেওঁলোকৰ এক নতুন দৃষ্টিভংগীৰ সৃষ্টি হয় আৰু তাক লাভ কৰাৰ বাবে তেওঁলোক উদ্‌গ্ৰীৱ হৈ পৰে৷’ লক্ষণীয়ভাৱে মানুহে বিজ্ঞানৰ সূত্ৰ, তথ্যৰ আধাৰত সৃষ্টি হোৱা এই আহিলাসমূহ ব্যৱহাৰ কৰি বহু তথ্য, জ্ঞান আহৰণ কৰিছে যদিও প্ৰকৃততে সমাজ-দেশ উত্তৰণৰ বাবে যি বিজ্ঞানসন্মত ধাৰণা, দৃষ্টিভংগীৰ প্ৰয়োজন সেয়া পূৰণত ব্যৰ্থ হৈছে৷ এতিয়া তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ যোগেদি সৰ্বত্ৰ আৰম্ভ হৈছে ইজনে সিজনক ব্লেকমেইল, মানসিকভাৱে ভাৰাক্ৰান্ত কৰা, ছেক্স ৰেকেট- হনী ট্ৰেপিং, বেংকৰ তথ্য চুৰি, হেকিং, ঘৃণা-বিষবাষ্প বিয়পোৱাৰ দৰে ক’ত কি ঘটনা৷ এফালে মানৱ জীৱনৰ ছন্দক অধিক গতিশীল কৰিছে বুলি ভবা হয় যদিও মানৱ জীৱনলৈ একাকীত্ব, বিচ্ছিন্নতা, স্বাস্থ্যজনিত সমস্যাও কঢ়িয়াই আনিছে৷ আজিৰ দিনত ফেচবুক লাইভ কৰি যুৱক-যুৱতীয়ে আত্মহনন কৰাৰ ঘটনা দ্ৰুতভাৱে ঘটিব লাগিছে৷ মানসিক চাপ, মানসিক দ্বন্দ্বৰ বশৱৰ্তী হৈ উঠি অহা প্ৰজন্মৰ এচামে এনেদৰে জীৱন বিসৰ্জন দিয়াটো এই প্ৰযুক্তিৰ সৃষ্টিকৰ্তাসকলে হয়তো কেতিয়াও বিচৰা নাছিল, নিবিচাৰে৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰযুক্তিৰ আলম লৈ এনেবোৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে ইয়াক অৰ্থাৎ চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ বাবে আকৌ প্ৰয়োজন অতি উন্নত অন্য প্ৰযুক্তিৰক্ক অৰ্থাৎ প্ৰযুক্তিৰ আলমতেই প্ৰযুক্তিৰ আধাৰত সৃষ্টি হোৱা অপৰাধমূলক ঘটনাক ৰোধ কৰাৰ বাবে নতুন কৌশল৷ ক্ৰমান্বয়ে সামাজিক বান্ধোন অটুট ৰখাৰ বাবে পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতি, পৰম্পৰা, ব্যৱস্থাসমূহ উপেক্ষিত হ’বলৈ ধৰাৰ পিছৰে পৰা বহু মানুহে প্ৰযুক্তিগত আহিলাৰ সৈতে কৰা অত্যধিক ‘বন্ধুত্ব’ৰ দ্বাৰা জীৱনৰ স্বাদ বিচাৰিবলৈ লৈছে যদিও সেয়া কিমান ফলদায়ক হৈছে সেয়া প্ৰশ্নৰ বিষয়৷ কিন্তু এই কথাও সত্য যে সমগ্ৰ বিশ্বৰে আৰ্থ-সামাজিক দিশত তথ্য-প্ৰযুক্তি অতি প্ৰয়োজনীয় হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক এৰাই চলাও অসম্ভৱ! সৌ সিদিনা বিশ্বৰ প্ৰায় ৫ বিলিয়ন লোকে ব্যৱহাৰ কৰা হোৱাটছএপ্‌ মাত্ৰ দুঘণ্টাৰ বাবে বন্ধ হোৱাৰ ফলত ডিজিটেল বিশ্ববাসীৰ জীৱনৰ গতিধাৰা স্তব্ধ হোৱাৰ লগতে বহু কোটি  টকাৰ লোকচান হয়৷ বিভিন্ন কাৰণত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হোৱাৰ লগে লগে নেটিজেনৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ অলপতে অসম চৰকাৰে অনুষ্ঠিত কৰা চৰকাৰী চাকৰিৰ লিখিত পৰীক্ষাৰ সময়ছোৱাত ইণ্টাৰনেট বন্ধ কৰাৰ বাবে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ মুঠতে দেশৰ চুকে-কোণে তথ্য-প্ৰযুক্তিগত আহিলাসমূহ বৈষয়িক আৰামৰ সামগ্ৰী হোৱাৰ লগতে ‘স্বাভাৱিক জীৱন’-যাপনৰো অতি প্ৰয়োজনীয় আহিলা হৈ পৰিছে৷ এতিয়াৰ দিনত এইবোৰ সামগ্ৰীৰ সৈতে সহবাস নকৰাটোহে এক প্ৰকাৰৰ ‘অস্বাভাৱিকতা’! মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল– ‘মানৱ জীৱনৰ স্পিৰিট সদায়ে প্ৰযুক্তিৰ ঊধবৰ্ত থাকিব লাগিব৷’ সকলোৱে এই কথাষাৰ মনত ৰখা ভাল!