Logo
image

পৰ্যটন ক্ষেত্ৰৰ উত্তৰণ প্ৰসংগত

ছেপ্টেম্বৰৰ পাছৰ পৰা ভাৰতৰ বিভিন্ন পৰ্যটনস্থলীলৈ পৰ্যটকৰ আগমন বৃদ্ধি পায়৷ ক’ভিড অতিমাৰীয়ে আন ক্ষেত্ৰৰ লগতে পৰ্যটন ক্ষেত্ৰখনতো বৃহৎ ক্ষতি কৰিছিল যদিও পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈ অহাত শেহতীয়াকৈ পৰ্যটকৰ আহ-যাহ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে৷ এইক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনো ব্যতিক্ৰম নহয়৷ ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে শংকা নোহোৱাকৈ পৰ্যটকৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত সমস্যা আঁতৰিছে৷ অসমৰ মুখ্য পৰ্যটনস্থল বুলি ক’লে সাধাৰণতে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নামেই প্ৰথমে আহে৷ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানবোৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ পাছত দেশী-বিদেশী পৰ্যটকৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে৷ উল্লেখ্য, দেশৰ পাঁচখন সবাতোকৈ জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাজিৰঙাও অন্যতম৷ সেয়েহে এই উদ্যানখনলৈ প্ৰতিবছৰে ভালেসংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে৷ পৰ্যটকৰ সুবিধাৰ্থে শেহতীয়াভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰীৰ বাবে অনলাইনযোগে আগতীয়াকৈ বুকিঙৰ ব্যৱস্থা কৰা হৈছে৷ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই নহয়, মানাহ, পবিতৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যায়ক্ৰমে এই ব্যৱস্থা কৰা হ’ব৷ অসমৰ লগতে প্ৰতিবেশী ৰাজ্যকেইখনতো শীতকালত বহুসংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে৷ মেঘালয় চৰকাৰৰ ফালৰ পৰা শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, চলিত বছৰত প্ৰায় ১৫ লাখ পৰ্যটকে ৰাজ্যখন ভ্ৰমণ কৰিছে৷ অৱশ্যে, এইসকল লোকৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা আছিল কেৱল ৪১১৷ ইয়াৰ মূল কাৰণটো হৈছে, ক’ভিড প্ৰট’কল৷ প্ৰতিবেদনটোত লগতে উল্লেখ কৰা হৈছে যে ক’ভিড অতিমাৰীৰ পূৰ্বে অৰ্থাৎ ২০১৯ চনত ১২ লাখতকৈ অধিক পৰ্যটকৰ মেঘালয়লৈ আগমন ঘটিছিল৷ এইসকলৰ মাজত প্ৰায় ২৬ হাজাৰ আছিল বিদেশৰ পৰা অহা৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ চাংমাৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক সাঙুৰি বিশেষ পেকেজৰ ব্যৱস্থা কৰিলে অধিক সুফল পাব পৰা যাব৷
এটা কথা স্বীকাৰ্য যে কোনো এটা স্থান পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবলৈ হ’লে সেই স্থানৰ বিষয়ে পৰ্যটকৰ সম্যক ধাৰণা থাকিব লাগিব৷ অৰ্থাৎ প্ৰয়োজন হ’ব প্ৰচাৰৰ৷ এইক্ষেত্ৰত অসম কিছু পিছপৰি থকা বুলি ক’লেও হয়তো ভুল কৰা নহ’ব৷ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, দিল্লীত অনুষ্ঠিত সৰস মেলাত অসমৰ থলুৱা ব্যঞ্জন সন্দৰ্ভত ভুলকৈ প্ৰচাৰ চলোৱা বুলি অভিযোগ উঠিছে৷ এনেধৰণৰ ভুল প্ৰচাৰে কোনো এখন ঠাই সন্দৰ্ভত সৰ্বসাধাৰণৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰে৷ আন এটা মন কৰিবলগীয়া কথা হৈছে যে অসম যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ আৰু গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ অহা (ছিকিমক বাদ দি) পৰ্যটকৰ বাবে ট্ৰেনজিট কেম্পস্বৰূপ, সেয়েহে অসমতো পৰ্যটন উদ্যোগৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে৷ কেইবছৰমান আগলৈকে ৰাজ্য বা দেশৰ বাহিৰৰ পৰ্যটকৰ বাবে কাজিৰঙা, মানাহ অভয়াৰণ্যৰ লগতে উজনি অসমৰ চাহ বাগিচা, শিৱসাগৰ, নদীদ্বীপ মাজুলী আৰু নামনি অসমৰ মানাহ অভয়ৰাণ্য আৰু গুৱাহাটীৰ কামাখ্যা মন্দিৰেই মুখ্য পৰ্যটনস্থলী হিচাপে ধাৰণা আছিল৷ কিন্তু এইবোৰ স্থানৰ লগতে ৰাজ্যখনত চাবলগীয়া আৰু বহু ঠাই আছে, যিবোৰৰ  যথোচিত প্ৰচাৰ নোহোৱাৰ বাবে পৰ্যটক এইবোৰ স্থানৰ বিষয়ে অৱগত নহয়৷ অৱশ্যে, এতিয়া ছ’চিয়েল মিডিয়াযোগে অসমৰ প্ৰচাৰ লাভ নকৰা পৰ্যটনস্থলীবোৰৰ  প্ৰচাৰ হোৱাৰ ফলত পৰ্যটকো এই স্থানবোৰলৈ অহাৰ বাবে আগ্ৰহী হৈছে৷ সেইবাবে অসমত থকা পৰ্যটনস্থলীবোৰ সন্দৰ্ভত বাহিৰৰ লোকক অৱগত কৰোৱাৰ বিশেষ ব্যৱস্থা ল’ব লাগে৷ কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলেও এইক্ষেত্ৰত ব্যৱস্থা ল’ব পাৰে৷ পৰ্যটকৰ সুবিধাৰ বাবে ছিকিম, অৰুণাচল, মেঘালয় আদি ৰাজ্যত পৰ্যটনস্থলীৰ আন্তঃগাঁথনি উন্নত কৰাত ৰাজ্য চৰকাৰে যেনেদৰে আগভাগ লৈছে, তাৰ তুলনাত অসম যে বহুখিনি পিছপৰি আছে সেই কথা স্বীকাৰ কৰিবই লাগিব৷ ৰাষ্ট্ৰীয় উদ্যানকেইখনলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ বাবে চৰকাৰে যেনেধৰণে ব্যৱস্থা লৈছে, অনুৰূপ ব্যৱস্থা সম্ভাৱনাপূৰ্ণ আন পৰ্যটনক্ষেত্ৰবোৰতো লোৱা উচিত৷
আন ৰাজ্যত তথ্য কেন্দ্ৰ স্থাপন কৰি ৰাজ্যখনৰ মুখ্য পৰ্যটনস্থলবোৰৰ তথ্য যোগান ধৰিলে অসম ভ্ৰমণ কৰিব বিচৰা লোকসকল উপকৃত হ’ব৷ তাৰ লগতে অসমৰ বিভিন্ন উৎসৱবোৰৰ সময়ত পৰ্যটকৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰিলেও সুফল পোৱা যাব৷