Logo
image

কিডনী ভালে ৰাখিবলৈ এইবোৰ খাদ্য পৰিহাৰ কৰক

কিডনী মানৱ শৰীৰৰ যোদ্ধা হিচাপে বিবেচিত হয়৷ কিডনীৰ জৰিয়তে আমাৰ তেজত থকা দূষিত পদাৰ্থ পৰিষ্কাৰ কৰা হয়৷ সাধাৰণতে উচ্ছ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে ৰোগত আক্ৰান্তসকলৰ কিডনীজনিত ৰোগ বৃদ্ধি পোৱাৰ আশংকা থাকে৷ সেইবাবে কিডনী ভালে ৰখাৰ বাবে খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে৷ কিছুমান খাদ্য কিডনীৰ বাবে বিহ তুল্য৷
1. পিজা: বহু লোকৰ পিজা খোৱাৰ প্ৰৱণতা বেছি৷ এই পিজাত উচ্ছ চৰ্বিযুক্ত পনিৰ থাকে৷ যি কিডনীৰ বাবে ক্ষতিকাৰক৷ সেয়ে পৰাপক্ষত  পিজা খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে৷
2. ফ্ৰেন্স ফ্ৰাই: আলু বিভিন্ন খাদ্যত ব্যৱহৃত হয়৷ আলু বেছিকৈ খালে  জাংক ফুড খোৱাৰ দৰে হয়৷ যিসকলে ফ্ৰেন্স ফ্ৰাই বা আলু চিপ্‌ছ বেছিকৈ খায় সেইসকল কিডনীজনিত ৰোগত সহজে আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ আলুত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু ছডিয়াম থাকে৷ এই দুয়োটাই কিডনীৰ বাবে ভাল নহয়৷ 
3. প্ৰক্ৰিয়াজাত মাংস: বৰ্তমান সময়ত প্ৰক্ৰিয়াজাত মাংস খোৱাৰ প্ৰৱণতা অনেকৰে বেছি৷ এনে মাংসত ছডিয়ামৰ পৰিমাণ বেছি থাকে৷ যদি প্ৰতিদিনে ২৩০০ মিলিগ্ৰামৰ বেছি ছডিয়াম গ্ৰহণ কৰা হয় তেতিয়া ৰক্তচাপ লাহে লাহে বৃদ্ধি পায়৷ ইয়াৰ ফলত কিডনীত হেঁচা পৰে৷ সেয়েহে এনেধৰণৰ প্ৰক্ৰিয়াজাত মাংস খোৱাৰ বিপৰীতে উদ্ভিদৰ পৰা পোৱা প্ৰটিনহে গ্ৰহণযোগ্য৷
4. চুপ: বহুতৰে চুপ খোৱাৰ প্ৰৱণতা বেছি৷ কেতিয়াবা চৰ্দি বা ডিঙিৰ বিষ আদি হ’লে মাংস আদিৰ চুপ বেছিকৈ খোৱা হয়৷ ইয়াৰ ফলত শৰীৰত ছডিয়ামৰ পৰিমাণ বাঢ়ি যায়৷ সেয়েহে হোটেল ৰেস্তোৰাঁ আদিত চুপ খোৱাৰ পৰিৱৰ্তে ঘৰতে নিমখৰ পৰিমাণ কমকৈ দি চুপ প্ৰস্তুত কৰি খালে ছডিয়াম নিয়ন্ত্ৰিত হৈ থাকে৷ কিডনী ভালে ৰখাৰ কাৰণে এনেধৰণৰ খাদ্য খোৱাত সাৱধান হোৱা উচিত৷