Logo
image

বিদ্যালয়ৰ উন্নয়ন

চৰকাৰী শিক্ষাব্যৱস্থা বিদ্যালয় পৰ্যায়ত বিনামূলীয়া কৰাৰ উপৰি অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়া সমসাজৰো ব্যৱস্থা কৰিছে৷ ইয়াৰ পাছতো চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত বৃদ্ধি পোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈহে বৃদ্ধি পাইছে৷ সমাজৰ সমৰ্থৱানসকলে নিজৰ সন্তানক  চৰকাৰী বিদ্যালয়ত পঢ়ুওৱাৰ পৰিৱৰ্তে ধন খৰচ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে পঢ়ুৱায়৷ আনকি সৰু-সুৰা কাম কৰি সংসাৰৰ জোৰা-টাপলি মৰা লোকেও অভাৱ-অনাটনৰ মাজতো সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে সেউসকলৰ সন্তানক পঢ়ুৱায়৷ ফলত বছৰি চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাই আহিছে৷ আনকি এসময়ৰ বহু ঐতিহ্যমণ্ডিত বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱত বন্ধ হৈ গৈছে৷ বছৰ বছৰ ধৰি চৰকাৰে শিক্ষাব্যৱস্থাৰ উন্নয়নৰ বাবে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে ব্যৱস্থা নোলোৱাৰ বাবেই চৰকাৰী বিদ্যালয়লৈ অভিভাৱকে সন্তানক পঠিয়াব নোখোজা হৈছে৷ চৰকাৰী বিদ্যালয়ৰ বিদ্যালয়গৃহৰ অৱস্থা বহুতৰে জৰাজীৰ্ণ৷ তদুপৰি বহু বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ অভাৱ হোৱাৰ উপৰি ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক প্ৰস্ৰাৱাগাৰ, শৌচাগাৰৰ অভাৱ৷ এইবোৰৰ উপৰি সকলো বিদ্যালয়তে নাই শ্ৰেণী অনুপাতে শিক্ষক৷ কোনোবাখন বিদ্যালয়ত যদি প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, আনহাতে অধিকাংশ বিদ্যালয়ত কিন্তু শ্ৰেণী অনুপাতে নাই শিক্ষক৷ বহু বিদ্যালয়ত এজন বা দুজন শিক্ষকে চাৰি-পাঁচটা শ্ৰেণীত একে সময়তে পঢ়াবলগীয়া হোৱাত এনে বিদ্যালয়ৰ প্ৰায়বোৰ শিক্ষাৰ্থীয়ে পাঠ আহৰণত অক্ষম হয়৷ এনেবোৰ সমস্যাৰ বিষয়ে জনসাধাৰণ অৱগত হৈয়েই সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ এহাজাৰখন চৰকাৰী বিদ্যালয় উন্নয়নৰ সংকল্প গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ঘোষণা কৰা অনুসৰি সমগ্ৰ অসমৰ এহাজাৰখন বিদ্যালয়ক নতুন দিনৰ বিদ্যালয় হিচাপে ৰূপান্তৰিত কৰিব৷ ৫,০০০ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিব খোজা এই প্ৰকল্পৰ কাম ২০২৬ চনৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয় বা যিকোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ চৰকাৰী বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অত্যাধুনিক শ্ৰেণীকোঠাৰ লগতে সকলো সা-সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি প্ৰতিখন বিদ্যালয়তে উন্নত খেলপথাৰ আৰু খেলা-ধূলাৰ সুবিধা কৰাৰো পোষকতা কৰিছে চৰকাৰে৷ এই উদ্দেশ্যে চৰকাৰে পৰীক্ষামূলকভাৱে গুৱাহাটী আৰু গুৱাহাটীৰ কাষৰীয়া দহ-বাৰখন বিদ্যালয়ক প্ৰথমে আটকধুনীয়াকৈ গঢ়ি তুলিব খুজিছে৷ যদিহে চৰকাৰৰ এই সম্পৰীক্ষা সফল হয়, তেন্তে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ আঠ-নখন বিদ্যালয়ক নতুন দিনৰ বিদ্যালয় হিচাপে গঢ় দিব৷
চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধিব খোজাটো চৰকাৰৰ নি(য় ইতিবাচক পদক্ষেপ৷ কিন্তু ইয়াৰ লগতে বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰাটোহে অতি জৰুৰী৷ ধুনীয়া বিদ্যালয় গৃহ আৰু আচবাব থাকিলেও যদিহে শিক্ষাৰ্থীক জ্ঞান দিবলৈ প্ৰয়োজন অনুপাতে আৰু শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ হয়, তেন্তে তেনে বিদ্যালয় এৰাবাৰীত পৰিণত হ’বলৈ বেছি দিন নালাগিব৷ পাছলৈ হয়তো এই আন্তঃগাঁথনি ব্যৱহাৰ কৰিবলৈ কোনো ব্যক্তিগত প্ৰতিষ্ঠানকহে দিব লাগিব৷ যিহেতু এতিয়াও সমাজৰ গৰিষ্ঠসংখ্যক দুখীয়া, নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ শিক্ষাৰ প্ৰধানস্থল চৰকাৰী বিদ্যালয়সমূহ, সেয়ে চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শ্ৰেণী অনুপাতে আৰু বিষয় অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰক৷