Logo
image

এই কৌশলেৰে পেটৰ চৰ্বি সহজতে কমাব পৰা যায়

ওজন বাঢ়িবলৈ ধৰিলে প্ৰথমেই চকু পৰে পেটৰ চৰ্বিত৷ অৱশ্যে কেতিয়াবা কেতিয়াবা ওজন হ্ৰাস পালেও পেটৰ চৰ্বি একেদৰেই থকা দেখা যায়৷ বিশেষকৈ যিসকলে অনবৰতে বহি কাম কৰে তেওঁলোকৰ ক্ষেত্ৰত পেটৰ চৰ্বি একেদৰে থকা দেখা যায়৷ এনে ক্ষেত্ৰত খোৱা-বোৱা নিয়ন্ত্ৰণ কৰিলেও জিমলৈ যোৱা বা শৰীৰচৰ্চা কৰিবলগীয়া হয়৷ কিন্তু এটা সহজ কৌশল আছে যিটো মানি চলিলে পেটৰ চৰ্বি সহজে কমাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে এটা সহজ কৌশল– মূৰটো সদায় পোন কৰি ৰখাৰ চেষ্টা কৰক৷ বহি বা শুই অথবা থিয় হৈ যিকোনো অৱস্থাত এই ব্যায়াম কৰিব পৰা যায়৷ দীঘলীয়া উশাহ লৈ কিছুসময় ধৰি ৰাখক৷ উশাহ লোৱাৰ সময়ত পেটৰ পেশী সংকুচিত কৰি ভিতৰৰ পিনে টানি ৰখাৰ চেষ্টা কৰক৷ ১৪-২০ ছেকেণ্ড সময় এনেদৰে থাকি লাহে লাহে উশাহ এৰি পূৰ্বৰ অৱস্থালৈ উভতি আহক৷ দিনত ৩০-৪০ বাৰ এই অভ্যাস কৰক৷ দৈনিক বিভিন্ন কাম কৰি থাকোতে বা আনকি অৱসৰৰ সময়তো এই ব্যায়াম কৰিব পাৰে৷ পেটৰ পেশী শক্তিশালী কৰা আৰু চৰ্বি কমোৱাৰ ক্ষেত্ৰত এই অভ্যাসে উপকাৰ কৰে৷