ৰোগ প্ৰতিৰোধৰ বাবে পদিনা খাওক
সাধাৰণতে পদিনা সকলো ঠাইতে উপলব্ধ৷ চিকিৎসা বিজ্ঞানীসকলৰ মতে পদিনা হৈছে শৰীৰৰ বাবে মহৌষধ৷ নিয়মিয়াকৈ পদিনাৰ চাহ, চৰবত, জুচ, চাটনি আদি খাই থাকিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷
* নিতৌ পুৱা খালী পেটত গৰম পানীত পদিনাৰ ৰস মিহলাই খালে কৃমিৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷
* পদিনাই তেজ পৰিষ্কাৰ কৰে৷ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অত্যন্ত সঠিকভাৱে ৰাখে৷
* নিয়মিয়াকৈ পদিনা খালে খাদ্য হজম হোৱাৰ লগতে শৌচ খোলোচা হয়৷ শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰলৈ ওলাই যায়৷ ফলত শৰীৰ নিৰোগী হৈ থাকে৷
* পদিনাই ইউৰিক এচিড, কলেষ্ট’ৰেল, হৃদৰোগ, উচ্ছ বা নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷
* পুৰণি জ্বৰ, নিউম’নিয়া, টায়ফয়েদ আদি ৰোগত পদিনা ৰসৰ লগত তুলসী, আদা, জালুক আৰু মৌ একাপ বা এগিলাচ গৰম পানীত মিহলাই খালে যথেষ্ট উপকাৰ পাব পাৰে৷
* গৰমত ছালৰ যিকোনো এলাৰ্জি বা ছালৰ সংক্ৰমণৰ বাবে পদিনা অতি উপকাৰী৷
* চাইনাচাইটিছ, চৰ্দি-কাহ, এজমাৰ সমস্যাত পদিনাৰ জুচ, চাটনি, চাহ অতি সুফলদায়ক৷
* অজীৰ্ণ, অৰুচি, বদহজম, পাচনতন্ত্ৰৰ দুৰ্বলতা, কোষ্ঠকাঠিন্যতা আদিৰ বাবে পদিনাৰ চাটনি নাইবা কুহুমীয়া গৰম পানীত পদিনাৰ ৰস, নেমুৰ ৰস, ক’লা নিমখ মিহলাই চৰবত বনাই খালে উপকাৰ পোৱা যায়৷
* পেটৰ গেছ, পেটফুলা, পেটবিষ, বুকু জ্বলা-পোৰা আদি সমস্যাত পদিনাৰ চাটনি বা চৰবত খালে উপকাৰ পাব পাৰে৷






