গণশিল্পী-চেলিব্ৰিটী
ভূপেন হাজৰিকা শেষজন গণশিল্পী আৰু প্ৰথমজন চেলিব্ৰিটী৷ গণশিল্পীৰ যুগ কুৰি শতিকাৰ শেষৰফালে অন্ত পৰিছিল৷ একবিংশ শতিকাত কেৱল পেছাদাৰী বা প্ৰফেছনেল শিল্পীহে আছে, তেওঁলোক হয় সফল বা বিফল, আৰু সফলতাৰ চূড়ান্ত ৰূপটোৱেই হ’ল চেলিব্ৰিটী৷ একৈছ শতিকাৰ শিল্পীৰ সফলতা নিৰ্ভৰ কৰে তেওঁৰ শিল্প এক পণ্যৰূপে বজাৰত কিমান বিক্ৰী হয়, তেওঁৰ শিল্পকৰ্মৰ ইউটিউব ভিডিঅ’ কিমানে চাই, ইনষ্টাগ্ৰামত তেওঁৰ ফলোৱাৰ বা অনুসৰণকাৰী কিমান সেইটোৰ ওপৰত৷ শিল্পকৰ্ম বা শিল্পসৃষ্টিসমূহ বৰ্তমানৰ বিশ্বজোৰা বজাৰ অৰ্থনীতিত বিক্ৰীৰ বাবে বজাৰত মেলি দিয়া একোটা পণ্য৷ এই পণ্য সৃষ্টিত নিঃসন্দেহে শিল্প প্ৰতিভা জড়িত হৈ আছে, কিন্তু লগতে সেই পণ্য সৃষ্টিৰ বাবে ধন বিনিয়োগৰো প্ৰয়োজন হৈছে৷ শিল্পীয়ে নিজে বা কোনো প্ৰযোজকে সেই ধন বিনিয়োগ কৰিছে৷ বজাৰত সেই পণ্য যদি বিক্ৰী নহয়, অৰ্থাৎ বিনিয়োগ কৰা ধন যদি ঘূৰি নাহে, তেনেহ’লে শিল্পীয়ে নিজৰ শিল্পকৰ্ম অব্যাহত ৰখা কঠিন হৈ পৰিব৷ কোনো শিল্পীৰে এটা অক্ষয় ধনৰ ভাণ্ডাৰ নাই আৰু কোনো প্ৰযোজকে নিজৰ লোকচান কৰি কোনো শিল্পৰ বাবে অনন্তকাললৈ বিনিয়োগ কৰি থাকিব নোৱাৰে৷ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভায়ো কলিকতালৈ গৈ গানৰ গ্ৰামোফোন ৰেকৰ্ড তৈয়াৰ কৰি বজাৰত বিক্ৰীৰ বাবে দিছিল৷
প্ৰথমতে শব্দ আৰু তাৰপাছত দৃশ্য ডিজিটেল ৰূপত ৰেকৰ্ড কৰা সম্ভৱ হৈ পৰিল৷ কম্পিউটাৰৰ প্ৰায় সাধুকথাৰ সদৃশ উন্নতি হ’ল৷ হাজাৰটা গান বা হাজাৰখন চিনেমা এটা সৰু কম্পিউটাৰত ডিজিটেল ফাইলৰূপে সংৰক্ষিত কৰিব পৰা হ’ল৷ তাৰ পাছত ইণ্টাৰনেটৰ প্ৰভূত উন্নতি হ’ল, ম’বাইল নেটৱৰ্কৰ প্ৰভূত উন্নতি হ’ল, ডিজিটেল ডেটা সহজ আৰু সস্তা হৈ পৰিল৷ এতিয়া গান বা চিনেমা কম্পিউটাৰ বা স্মাৰ্টফোনত সাঁচি ৰখাৰো কোনো প্ৰয়োজন নাই, যেতিয়াই মন যায় ইণ্টাৰনেটৰ পৰা তাক উপভোগ কৰিব পাৰি৷ এই ডিজিটেল পৃথিৱীখনক উলাই কৰি আজি আৰু কোনো শিল্পী ৰাইজৰ দৃষ্টিগোচৰ হ’ব নোৱাৰে৷ আজি কোনেজন শিল্পীয়ে চহৰৰ তিনিআলিত বা গাঁৱৰ চ’কত নিজৰ শিল্প প্ৰদৰ্শন কৰি গণশিল্পী হ’বলৈ ইচ্ছা কৰে?
শিল্পী আৰু জনতাৰ মাজত এতিয়া আছে ডিজিটেল ইণ্টাৰফেচবোৰ– ইউটিউবকে ধৰি বিগ ডেটা কৰ্পৰেচনবোৰ–যিবোৰৰ ডিজিটেল প্লেটফৰ্মবোৰৰ অবিহনে শিল্পকৰ্ম বা শিল্পসৃষ্টি দৰ্শক-শ্ৰোতা-উপভোক্তাৰ ওচৰ পোৱাৰ সম্ভাৱনা লাহে লাহে বিলুপ্ত হৈ আহিছে৷ তাৰ মাজতো এমেচাৰ থিয়েটাৰ দলবোৰে বা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীবোৰে বিগ ডেটা কোম্পানীৰ অৰ্থাৎ ইউটিউব, গুগ্ল, ফেচবুক, ইনষ্টাগ্ৰাম, ৱাটছএপ আদিৰ বাহিৰত থাকি শিল্পীসকলক এখন প্লেটফৰ্ম দিয়াৰ চেষ্টা কৰি আছে, কিন্তু তেওঁলোকে হয় সাধাৰণ মানুহে ঢুকি নোপোৱা একধৰণৰ ইলাইট বা সম্ভান্ত শিল্প সৃষ্টি কৰিছে, অথবা সাধাৰণ মানুহৰ মনোৰঞ্জনৰ বাবে সস্তীয়া পণ্য সৃষ্টি কৰিছে– গণশিল্প বা গণশিল্পী সৃষ্টি কৰাত তেওঁলোক সফল হ’ব পৰা নাই৷
বিগ ডেটা কোম্পানীৰ ডিজিটেল বজাৰখন অবিহনে শিল্পীৰ, বিশেষকৈ পৰিৱেশ্য কলাৰ স’তে জড়িতসকলৰ ৰাইজৰ ওচৰ চপাৰ কোনো উপায় নাইকিয়া হোৱাৰ পাছত গণশিল্পীৰ যুগৰ অন্ত পৰিছে৷ এই ডিজিটেল বজাৰখনে কেৱল জনপ্ৰিয় চেলিব্ৰিটী তৈয়াৰ কৰিব পাৰে৷ প্ৰতিভাৰ এই বজাৰখনৰ বাবেও মূল্য আছে৷ কিন্তু তথাকথিত যুগজয়ী-কালজয়ী সৃষ্টিৰ আৰু গণসংস্কৃতিৰ ঠাই ডিছপ’জেব্ল পপ সংস্কৃতিয়ে দখল কৰাৰ পাছত শিল্প প্ৰতিভা প্ৰধানকৈ নিয়োজিত হৈছে জনপ্ৰিয় পণ্য সৃষ্টি কৰাত৷ ইউটিউবত যিমানেই বেছি ‘হিট’ পাব, সিমানেই বজাৰত প্ৰতিপত্তি বাঢ়িব, সৃষ্টি এটা ভাইৰেল হৈ গ’লে শিল্পীৰ কেৰিয়াৰ আৰু জীৱন ‘বনি’ যাব৷ বজাৰক চেলিব্ৰিটী লাগে আৰু চেলিব্ৰিটীক বজাৰ লাগে৷ দুয়োটা ইটো সিটোৰ পৰিপূৰক৷
এসময়ত হয়তো জনগণে আজি ডিজিটেল বজাৰখনে দিয়া মঞ্চখন শিল্পীক যোগান ধৰিছিল৷ বহু শিল্পীয়ে সমগ্ৰ জীৱনজুৰি অভাৱৰ স’তে যুঁজি নিজৰ শিল্প সাধনা কৰি গৈছিল৷ সেই যুগৰ অন্ত পৰিছে৷ এতিয়াও হয়তো বহু শিল্পীয়ে বজাৰখনৰ পৰা আঁতৰত থাকি নিজৰ শিল্প সৃষ্টি অব্যাহত ৰাখিছে, কিন্তু তেওঁলোকে নিজৰ শিল্পটোক পেছাৰূপে লোৱাটো সম্ভৱ হোৱা নাই৷ শিল্পই তেওঁলোকক ভাত-কাপোৰ যোগাৰ কৰি দিব পৰা নাই৷ তেওঁলোক গণশিল্পীও হ’ব পৰা নাই, চেলিব্ৰিটীও হ’ব পৰা নাই৷
অসমীয়াৰ সৌভাগ্য যে ভূপেন হাজৰিকাৰ সমস্ত অমৰ শিল্পকৰ্ম ডিজিটেল যুগ আৰম্ভ হোৱাৰ আগৰ সৃষ্টি৷ বিগ ডেটা কোম্পানীৰ প্লেটফৰ্মবোৰৰ অবিহনেই তেওঁ চেলিব্ৰিটী ষ্টেটাছ লাভ কৰিছিল, এই প্লেটফৰ্মবোৰৰ অবিহনেই তেওঁ প্ৰত্যক্ষভাৱে জনতাৰ লগত সংযোগ স্থাপন কৰা শিল্পী, প্ৰকৃত গণশিল্পীও আছিল৷ তেনে শিল্পীৰ যুগৰ হয়তো অন্ত পৰিছে৷ শিল্পী আৰু জনতাৰ মাজত আছে বজাৰ, শিল্প বজাৰৰ পণ্য, শিল্প সৃষ্টি মনোৰঞ্জনৰ আহিলা মাত্ৰ৷ এয়া ‘জনপ্ৰিয় সংস্কৃতি’ পপ-কালচাৰৰ যুগ, চেলিব্ৰিটীৰ যুগ৷ মঞ্চৰ ৰঙালী বিহু ইতিমধ্যে ডিছপ’জেব্ল পপ কালচাৰত পৰিণত হোৱা নাই জানো? ৰাতি মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰি জাবৰৰ দ’মত পেলাই দিয়া ‘ডিছপ’জেব্ল’ এবাৰ ব্যৱহাৰযোগ্য সস্তীয়া পণ্য?






