
অংকুৰিত আলু খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক
আলু বেছিদিন ৰাখিলে গজালি মেলে বা অংকুৰিত হ’বলৈ ধৰে৷ বহুতে আকৌ সেই আলুৰেই বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰে৷ কিন্তু অংকুৰিত হোৱা বা গজালি ওলোৱা আলু খোৱাটো বিপজ্জনক৷ জীৱ বিজ্ঞানীসকলৰ মতে আলুৱে ছ’লাইন নামৰ এবিধ বিহ উৎপাদন কৰে৷ পোক-পৰুৱাই যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে আলুৱে উৎপাদন কৰে ছ’লাইন৷
অৱশ্যে অংকুৰিত হোৱাৰ পূৰ্বে আলুত ছ’লাইন উৎপাদন নহয়৷ তেনে অৱস্থাত আলু খালে কোনো সমস্যা বা শৰীৰৰ ক্ষতি নহয়৷
বহুতে আলুৰ অংকুৰ বা গজালি কাটি পেলায় আৰু সেই আলুৰে বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰে৷ ফলত এনে ব্যঞ্জন খালে শৰীৰত বিহক্ৰিয়া ঘটাৰ আশংকা থাকে৷ আলুত থকা ছ’লাইন নামৰ বিহবিধ যদি শৰীৰত সোমায় তেন্তে পেটৰ সমস্যা হয়৷ বহুতৰে মূৰো বিষায়৷
ছ’লাইন নামৰ বিহবিধ বেছি পৰিমাণে শৰীৰত সোমালে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ আনকি ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ সেয়ে অংকুৰিত হোৱা বা গজালি মেলা আলু নাখাব৷
ছ’লাইন নামৰ বিহবিধে স্নায়ুৰ ক্ষতি কৰে৷ গতিকে খাবলৈ অনা আলু যাতে অংকুৰিত নহয় তাৰ বাবে আন্ধাৰ আৰু ঠাণ্ডা ঠাইত সংৰক্ষণ কৰক৷