Logo
image

দুৰ্নীতিয়ে নীতিত পৰিণত নেকি?

ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰাৰ বিৰুদ্ধে বিশেষকৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ নেতৃত্বত পূৰ্ণগতিত অভিযান অব্যাহত আছে৷ ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন চৰকাৰী বিভাগসমূহত কৰ্মৰত বহু বিষয়া, কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰা হাতে-লোটে ধৰা পৰাৰ পিছত গ্ৰেপ্তাৰ হৈছে৷ জিলা পৰিবহণ বিষয়া, এ চি এছ বিষয়া, অভিযন্তা, কাৰ্যালয় সহায়ক, একাউণ্টটেণ্ট, মণ্ডল, বন বিষয়াকে ধৰি বহুজনক কৰায়ত্ত কৰা হৈছে বিগত সময়ছোৱাত৷ গৃহ বিভাগৰ যুটীয়া সচিবৰ দৰে অতি দায়িত্বপূৰ্ণ চাকৰি কৰা বিষয়াৰ হাতৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৫০ লাখ নগদ টকা৷ মুঠতে আজিৰ সময়ছোৱাত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দ্বাৰা হাতে-লোটে ধৰা পৰা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে দুই হাত দাঙি শিৰনত কৰাটো এক সুলভ দৃশ্যত পৰিণত হৈছে৷ এনেদৰে গ্ৰেপ্তাৰবৰণ কৰা লোকৰ বিষয়ে সংবাদ মাধ্যমে ব্ৰেকিং নিউজ, চাঞ্চল্যকৰ নিউজ পৰিৱেশন কৰিছে; দৰ্শক-শ্ৰোতাই এয়া দেখি ইস-আস্‌ কৰিছে৷ এদিনৰ পিছতে এই ঘটনাৰ ওৰ পৰিছে৷ পুনৰ আৰম্ভ হৈছে একেই কাৰ্য৷ তদাৰকী কোষেও নিজৰ অনুসন্ধান অব্যাহত ৰাখি গ্ৰেপ্তাৰ কৰি গৈছে এজনৰ পিছত এজনকৈ৷ সাধাৰণতে ভবা যায় যে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক কঠোৰভাৱে অনুসৰণ কৰাৰ পিছত দুৰ্নীতিগ্ৰস্তসকলে উৎকোচ ল’বলৈ, ঘোচ খাবলৈ কিছু পৰিমাণে হ’লেও ভীতিগ্ৰস্ত হ’ব৷ কিন্তু সেয়া হোৱা নাই, হোৱাৰো হয়তো আশা ক্ষীণ৷ যি সময়ত ৰাজ্যৰ  ৰাজকোষ দুৰ্বল হৈ পৰিছে সেই সময়ত জিলা পৰিবহণ বিষয়াৰ বিছনাৰ পৰা উদ্ধাৰ হয় ২০-৩০ লাখ টকা, ৫-১০ লাখ টকা কনিষ্ঠ বৰ্গৰ সহায়কৰ পৰা উদ্ধাৰ কৰাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে৷ ৰাজ্যৰ সকলো দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ, ব্যৱসায়ী, ৰাজনৈতিক ব্যক্তি, নেতা-পালিনেতা আদিক যদি সঠিকভাৱে তদন্ত কৰি ধৰা পেলায় হয়তো অসমতে বহু হাজাৰ কোটি টকা উদ্ধাৰ হ’ব, যি অসমৰ ৰাজকোষ শক্তিশালী কৰিব৷ আশ্চৰ্যজনকভাৱে য’তেই চোৱা যায় তাতে দুৰ্নীতি, নীতি-বহিৰ্ভূত কাৰ্যকলাপ৷ ৰাজ্যৰ ৰাজধানী চহৰ, উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন, নলা-নৰ্দমাৰ চাফাইৰ কাম ন্যস্ত কৰা সকলে আবণ্টিত ধন লুটি-পুটি খালে৷ সমাজ কল্যাণ, জনস্বাস্থ্য, লোকনিৰ্মাণ, জলসিঞ্চন, কৃষি-পশুপালন সকলো বিভাগতে অবাধ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ তদন্ত চলিছে, দোষী বিষয়া-কৰ্মচাৰী কাৰাগাৰলৈ গৈয়ে আছে৷ পুনৰ বিভিন্ন নতুন আঁচনিৰ নামত নতুনকৈ ধন আবণ্টন হৈছে৷ সেই ধনৰো বিভিন্ন কৌশলেৰে [চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজতে] ভাগ-বাটোৱাৰা হৈয়ে আছে৷ এক কথাত দুৰ্নীতি বহু লোকৰ মন-মগজুত এনেদৰে থিতাপি লৈছে সেয়া সতকাই অন্ত পেলোৱাটো বাদেই, হ্ৰাস কৰাটোও অতি প্ৰত্যাহ্বানৰ বিষয় ৰূপে থিয় দিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এইবোৰ হ্ৰাস কৰিবৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভিজিটেলাইজেশ্যন, বিভিন্ন পৰ্টেলত আপলোড কৰাৰ ব্যৱস্থা, ফাইল ট্ৰেকিঙৰ ব্যৱস্থা, অনলাইন ব্যৱস্থাৰ প্ৰয়োগ আদি বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত এচাম লোক কিছু পৰিমাণে উপকৃত নোহোৱাকৈ থকা নাই৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সচিবালয়– যাক ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড বুলি অভিহিত কৰা হয় তাতো আশাপ্ৰদভাৱে কৰ্মসংস্কৃতি গঢ় লৈ উঠা নাই, ফাইলৰ ৰঙা ফিটাৰ মেৰপাকবোৰো সামান্যতমো খোল খোৱা নাই৷ এটা অনুমোদন, নিৰ্দেশাৱলী লাভৰ বাবে সঞ্চালকালয়, সচিবালয়লৈ তাঁত-বাতি কৰাৰ ধৰণ-কৰণবোৰ পূৰ্বৰ দৰেই চলি আছে৷ একেটা ফাইলকে বহুবাৰ ইজনৰ পৰা সিজনৰ টেবুললৈ বাগৰি যোৱাৰ মাজতে বহু ধনৰ লেনদেন হয়৷ লক্ষণীয়ভাৱে এফালে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ সমান্তৰালকৈ নিকা, স্বচ্ছতাৰে বিভিন্ন চাকৰিৰ বাবে নিযুক্তি প্ৰদানৰ যি ব্যৱস্থা কৰা হৈছে যি ভৱিষ্যত দিনত হয়তো প্ৰশাসনিক কাম-কাজত স্বচ্ছতা, গতিশীলতা কিছু পৰিমাণে আনিব বুলি আশা কৰিব পাৰি৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থাবোৰৰ প্ৰয়োগে যুৱচামৰ মাজত এক আশাৰ বতৰাও কঢ়িয়াই আনিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এপিএছচিৰ চাকৰি, শিক্ষকৰ চাকৰিৰ পৰা অধিকাংশ চাকৰি-বাকৰিৰ নামত দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱাটো একপ্ৰকাৰ নীতিত পৰিণত হৈছিল৷ চৰকাৰী কাম-কাজৰ নামত ঘোচ-উপঢৌকন এক স্বাভাৱিক প্ৰক্ৰিয়ালৈ পৰ্যবসিত হৈছিল৷ সেই ছিষ্টেমৰ সৈতে সহবাস কৰা সকলে হঠাতে এতিয়া ৰামনামী কাপোৰ পৰিধান কৰাটো সহজ নহয়৷ ইয়াক সমুলঞ্চে নিয়ন্ত্ৰণ কৰাটো অতি কষ্টসাধ্য কাম৷ চৰকাৰে ইয়াক কেনেদৰে মোকাবিলা কৰে সেয়া সময়ে উত্তৰ দিব৷