Logo
image

নিউয়ৰ্কৰ আকাশচুম্বী অট্টালিকাত জুই, আহত ৩৮

আমাৰ অসম, ৭ নৱেম্বৰ: আমেৰিকাৰ বিত্তীয় চহৰ নিউয়ৰ্কৰ এটা আকাশচুম্বী অট্টলিকাত শনিবাৰে লগা ভয়ংকৰ অগ্নিকাণ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নিউয়ৰ্ক চিটীৰ আকাশচুম্বী অট্টলিকাটোৰ ২০ নম্বৰ মহলাত লগা এই অগ্নিকাণ্ডৰ ফলত ৩৮জন লোক আহত হয়৷ ইয়াৰে পাঁচজনৰ অৱস্থা অতি শোচনীয়৷ নিউয়ৰ্ক চিটীৰ ফায়াৰ কমিছনাৰ ল’ৰা কেভানঘে এই কথা প্ৰকাশ কৰে৷ আহত ৩৮জনৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচজন লোকো আছে৷ অগ্নিকাণ্ডৰ পাছতে অট্টলিকাটোত থকা লোকসকলৰ মাজত হাহাকাৰ লাগে৷ একাংশ লোকে নিজে তললৈ নামি আহে আৰু আবদ্ধ হৈ পৰা একাংশ লোকক অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে৷ জুই লগাৰ পাছতে নিউয়ৰ্ক চিটীৰ অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবাটাও ফোনকল লাভ কৰে৷ জুই ভয়ংকৰ হোৱাত বহু লোক ২০ নম্বৰ মহলাতে আবদ্ধ হৈ পৰিছিল৷ কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে অতি কষ্ট কৰি উদ্ধাৰ অভিযান সম্পন্ন কৰে৷