Logo
image

বিখ্যাত মাৰ্কিন পপষ্টাৰ এৰন কাৰ্টাৰৰ মৃত্যু

আমাৰ অসম, ৭ নৱেম্বৰ: অতি কম বয়সতে মৃত্যুক সাবটি ঘূৰি নহা পথেৰে গুচি গ’ল আমেৰিকাৰ বিখ্যাত পপষ্টাৰ, ৰেপাৰ এৰন কাৰ্টাৰ৷ মাত্ৰ ৩৪ বছৰ বয়সতে সংগীতেৰে বিশ্বত তোলপাৰ লগোৱা এৰন কাৰ্টাৰৰ মৃতদেহ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলিছৰ ঘৰৰ বাথটাবত উদ্ধাৰ হয়৷ অতি কম বয়সতে সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা কাৰ্টাৰ ড্ৰাগ্‌ আৰু অতিমাত্ৰা নিচাৰ বলি হয় আৰু লাহে লাহে হাতাশাত ভুগিবলৈ আৰম্ভ কৰে৷ এই বছৰৰে ছেপ্টেম্বৰ মাহত তেওঁ পঞ্চমবাৰলৈ ৰিহেবিলিটেশ্বন চেণ্টাৰলৈ যাবলগীয়া হৈছিল৷ ৰিহেবৰ পৰা ঘূৰি অহাৰ পাছতো তেওঁৰ নিচা আৰু হাতাশা যোৱা নাছিল৷ যাৰ ফলত তেওঁৰ বাথটাবত ডুবি মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ ২০০০ চনৰ আৰম্ভণিৰে পৰাই তেওঁৰ সংগীতে দ্ৰুত জনপ্ৰিয়তা লাভ কৰে আৰু আমেৰিকাৰ লগতে বিশ্বৰ আন আন স্থানলৈও বিয়পি পৰে তেওঁৰ নাম৷ তেওঁৰ টীন পপ আৰু হিপ-হপ মিউজিকে সকলোৰে হূদয় স্পৰ্শ কৰিছিল৷ শনিবাৰে পুৱা ১১ বজাত তেওঁ বাথটাবত ডুবাৰ খবৰ লাভ কৰে লছ এঞ্জেলিছৰ আৰক্ষীয়ে৷ গতিকে আৰক্ষীৰ দলে কাৰ্টাৰৰ ঘৰত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীৰ চকুত সন্দেহজনক কোনো ধৰা নপৰিল৷ প্ৰথমে আৰক্ষীয়ে কাৰ্টাৰৰ মৃত্যুৰ কথা প্ৰকাশ কৰা নাছিল৷ কিন্তু তেওঁৰ মেনেজমেণ্ট কোম্পানী আৰু হ’বলগীয়া পত্নী মেলনী মাৰ্টিনে কাৰ্টাৰৰ মৃত্যুৰ কথা ৰাজহুৱা কৰে৷ কাৰ্টাৰে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে পূৰ্বে বহুবাৰ ৰাজহুৱা কৰিছিল৷ ইমান কম বয়সতে সফলতা লাভ কৰাৰ পাছতে ড্ৰাগ্‌ছে তেওঁৰ জীৱনটো ধবংস কৰি পেলায়৷