Logo
image

দেশত অৰাজকতা আনিবলৈকে ‘গুলীচালনা’ৰ নাটক ইমৰান খানৰ

আমাৰ অসম, ৭ নৱেম্বৰ: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাই কেৱল পাকিস্তানতে নহয়, সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰিছে৷ পাকিস্তানৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাক লৈও ব্যাপক চৰ্চা অব্যাহত আছে৷ দেশখনৰ সাধাৰণ নিৰ্বাচন দাবী কৰি অহা ইমৰান খানে এই ঘটনাৰ দ্বাৰা দেশৰ জনতাৰ আৱেগ নিজৰ ফালে কৰিবলৈ সক্ষম হয়৷ একে সময়তে তেওঁ বৰ্তমানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে অভিযোগ আনে যে এই গোটেই আক্ৰমণটোৰ ষড়যন্ত্ৰ কৰিছিল চৰকাৰ আৰু সেনাই৷ যাৰ ফলত দেশৰ জনতা, বিশেষকৈ ইমৰান খানৰ সমৰ্থকসকল ক্ষুব্ধ হৈ পৰিছে আৰু দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰিছে৷ কোনো কোনো স্থানত পাকিস্তনৰ সেনাৰ বিৰুদ্ধেও প্ৰতিবাদ আৰম্ভ হৈছে৷ যিজন যুৱকে ইমৰান খানৰ ওপৰত আক্ৰমণ কৰিছিল, তেওঁ ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে দেশৰ জনতাক বিপথে পৰিচালিত কৰা আৰু আজানৰ সময়ত ডেকত উচ্ছস্বৰত সংগীত বজাই প্ৰতিবাদী সমদল উলিওৱা বাবেই ইমৰান খানক হত্যাৰ চেষ্টা কৰিছিল৷ কিন্তু তেওঁৰ এই এটা কামেই আজি পাকিস্তানক উত্তপ্ত কৰি তুলিছে৷ দেশত যদি প্ৰাক্তন প্ৰধানমন্ত্ৰী এজনেই সুৰক্ষিত নহয়, তেন্তে সাধাৰণ লোক কেনেকৈ সুৰক্ষিত হ’ব বুলিও বহুতো প্ৰশ্ন উত্থাপন কৰিছে৷ গতিকে পৰিস্থিতিলৈ লক্ষ্য ৰাখি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শ্বেহবাজ শ্বৰীফে টুইট কৰি দাবী কৰে যে ইমৰান খানে দেশত অৰাজকতা সৃষ্টি কৰিবলৈ এই গুলীচালনাৰ নাটক কৰিছে৷ তেওঁ পাকিস্তানৰ মুখ্য ন্যায়াধীশক আহ্বান জনায় বিষয়টোত হস্তক্ষেপ কৰিবলৈ৷ তেতিয়াহে আচল কথাটো ওলাই পৰিব৷ তেওঁ টুইটত আৰু লিখে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে দেশত অৰাজকতা সৃষ্টি কৰিবলৈকে এই নাটক কৰিছে৷ ইমৰান খানে মিছা অভিযোগ আনি জনতাক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে৷ ঘটনাটোৰ তদন্ত কৰিবৰ বাবে ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰা এখন উচ্ছ পৰ্যায়ৰ তদন্ত কমিটী গঠন কৰিবলৈও আহ৩ান জনায়৷ তেতিয়াহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব৷ ইমৰান খানৰ ওপৰত হোৱা এই আক্ৰমণৰ সন্দৰ্ভত পাকিস্তানৰ গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহে কয় যে ইমৰান খানৰ গাত চাৰিটা গুলী লগা কথাটো সম্পূৰ্ণ মিছা৷