ডেংগুৰ প্ৰকোপ
কৰ’না অতিমাৰীৰ পাছত দেশত এতিয়া আৰম্ভ হৈছে ডেংগুৰ আতংক৷ চলিত বছৰৰ আৰম্ভণিৰ পৰা ভাৰতৰ ১২খন ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ হৈছিল৷ অক্টোবৰৰ পৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ চিকিৎসা বিভাগে প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ ছেপ্টেম্বৰপৰ্যন্ত ভাৰতত ৬৩,২৮০জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল৷ অক্টোবৰত পুনৰ ২০ হাজাৰ লোক আক্ৰান্ত হোৱা বুলি উল্লেখ কৰা হৈছে৷ দেশৰ ৰাজধানী দিল্লীত ২৬ অক্টোবৰত ২,১০০জন লোক ডেংগুত আক্ৰান্ত হোৱা বুলি জনাইছিল দিল্লী পৌৰ নিগমে৷ বিগত পাঁচ বছৰত এই সংখ্যা হৈছে সৰ্বাধিক৷ আনহাতে, পশ্চিমবংগতো অক্টোবৰত ডেংগুত আক্ৰান্তৰ সংখ্যা চল্লিছ হাজাৰ অতিক্ৰম কৰা বুলি উল্লেখ কৰা হৈছে৷ পশ্চিমবংগৰ কলকাতা, উত্তৰ ২৪ পৰগণা, মুৰ্ছিদাবাদ, জলপাইগুড়ি, হাওড়া আৰু হুগলী জিলাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক৷ দিল্লী আৰু পশ্চিমবংগৰ লগতে উত্তৰ প্ৰদেশ, কেৰালা, বিহাৰ, পঞ্জাব, ওড়িশা, তামিলনাডু আদি ৰাজ্যতো ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে৷ অসমতো শেহতীয়াকৈ ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে৷ পাহাৰীয়া ৰাজ্য কাৰ্বি আংলঙত ৰোগবিধৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পাছত ৰাজ্যখনৰ ১৩খন জিলালৈ বিয়পিছে ইয়াৰ সংহাৰ৷ ৰাজধানী গুৱাহাটীৰ লগতে আন জিলালৈ এই ৰোগ বিয়পাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে৷ অসমত ছদিনৰ ভিতৰতে তিনি শতাধিক লোক ডেংগুত আক্ৰান্ত হোৱাটো চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷
বাৰিষা আৰম্ভহোৱাৰ পৰা নৱেম্বৰমানলৈ সাধাৰণতে ডেংগুৰ প্ৰভাৱ দেখা যায়৷ কিয়নো এই সময়ছোৱাত ডেংগু বিয়পোৱা মহটোৰ বংশবৃদ্ধি হয়৷ সেয়েহে সাৱধানতাই হৈছে ডেংগুৰ পৰা হাত সৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়৷ এই ৰোগৰ ভেকচিন বজাৰত পোৱা নায়ায যদিও এইক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি আছে৷ ডেংগুৰ লক্ষণবোৰ ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি সৰ্বসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা চলোৱা হৈছে যদিও চিকিৎসকসকলৰ মতে, চহৰ অঞ্চলৰ লোকে এইবোৰৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই অধিক লোক এই ৰোগত আক্ৰান্ত হয়৷ খুব বেছি জ্বৰ হোৱা, গাৰ বিষ হোৱা, বমিৰ ভাব হোৱা, নাক আৰু দাঁতৰ আলুৰে তেজ ওলোৱা আদি হৈছে ডেংগুৰ লক্ষণ৷ এনে লক্ষণ দেখা দিলে ৰোগীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা উচিত৷ যিবিধ মহৰ দ্বাৰা ডেংগুৰ সংক্ৰমণ হয়, সেইবিধ মহ সাধাৰণতে গ্ৰীষ্ম অথবা উপ-গ্ৰীষ্মমণ্ডলৰ ঠাইতহে বংশবৃদ্ধি বেছিকৈ হয়৷ এটা গৱেষণাৰ প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ মুঠ জনসংখ্যাৰ অৰ্ধেকসংখ্যকেই ডেংগুৰ প্ৰাৰ্দুভাৱ থকা অঞ্চলত বাস কৰে৷ জলবায়ুৰ পৰিৱৰ্তনো ডেংগুৰ লগতে মেলেৰিয়া আদি ৰোগৰ প্ৰাদুৰ্ভাৱৰ কাৰণ হ’ব পাৰে৷ ভাৰতৰ লগতে পাকিস্তান, নেপাল, বাংলাদেশ আদি ৰাষ্ট˜তো শেহতীয়াকৈ ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷
ডেংগু ৰোগ বিয়পে এবিধ মহৰ দ্বাৰা৷ ডেংগুত আক্ৰান্ত লোক এজনক কামোৰাৰ পাছত মহটোৱে আন এজনক কামুৰিলে সেই লোকজনো আক্ৰান্ত হৈ পৰে৷ সাধাৰণতে এই মহটোৱে দিনৰভাগতহে কামোৰে আৰু সেয়েহে যিসকলৰ দিনৰ ভাগত শোৱাৰ অভ্যাস, তেওঁলোকে আঁঠুৱা ব্যৱহাৰ কৰা উচিত৷ চিকিৎসকসকলৰ মতেও সতৰ্কতাই হৈছে ডেংগু প্ৰতিৰোধৰ সৰ্বোত্তম উপায়৷ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হ’লে প্ৰথমেই ঘৰৰ ভিতৰ-বাহিৰত যাতে ক’তো পানী জমা হৈ নাথাকে, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে৷ টায়াৰ, প্লাষ্টিক ক’ভাৰ, ফুলৰ টাব আদিত জমা হোৱা পানীত মহে কণী পৰাৰ সুবিধা হয় আৰু এনেদৰে মহৰ বংশবৃদ্ধি হয়৷ বেছিকৈ জনগমাগম হোৱা ঠাইত সঘনাই মহ নিৰোধক স্প্ৰে ব্যৱহাৰ কৰা উচিত৷ ঘৰত থকা সময়ত মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ শৰীৰটো ভালদৰে ঢাকি ৰাখিব লাগে৷ এইক্ষেত্ৰত শিশুসকলৰ প্ৰতি বিশেষ নজৰ ৰখা উচিত৷ শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰা উচিত৷ সংক্ৰমণৰ কোনো লক্ষণ দেখা দিলে সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অৱশ্যে, ডেংগুৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰো বহুখিনি কৰিবলগীয়া আছে৷ ডেংগুৰ প্ৰভাৱ আৰু তাৰ পৰা হাত সৰাৰ উপায় সন্দৰ্ভত চৰকাৰৰ প্ৰচাৰ বিভাগে সৰ্বসাধাৰণক অৱগত কৰোৱা উচিত৷ কেৱল ধোঁৱা দিয়াতে দায়িত্ব নাসামৰি ডেংগু যাতে অসমৰ নতুন নতুন অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ বাবেও স্বাস্থ্য বিভাগে ব্যৱস্থা লোৱা উচিত৷






