আৰ্থিকভাৱে অনগ্ৰসৰৰ বাবে সংৰক্ষণ
ভাৰতৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণ কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায় দিয়ে৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে সংবিধানৰ ১০৩সংখ্যক সংশোধনীৰে দেশৰ যিকোনো পদ আৰু শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ বাবে দহ শতাংশ সংৰক্ষণৰ বাবে চৰকাৰক অনুমতি দিয়ে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৯ চনৰ ১২ জানুৱাৰীতে আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত দহ শতাংশ সংৰক্ষণৰ বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰাইছিল৷ উক্ত বিধেয়কত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি আইনত পৰিণত কৰাৰ পাছতে বিভিন্ন সংগঠনে সংবিধানৰ ‘সাম্যৰ অধিকাৰ’ উলংঘা হোৱাৰ অভিযোগ তুলি উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ কিন্তু, সোমবাৰে উচ্ছতম ন্যায়ালয়ে দিয়া ৰায়টোৱে এই অভিযোগ খণ্ডন কৰি চৰকাৰৰ পক্ষতে ৰায় দিয়ে৷ এই ৰায়ৰ পাছত দেশৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ লোকে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত দহ শতাংশ সংৰক্ষণ লাভ কৰিবলৈ সক্ষম হ’ব৷ সম্প্ৰতি আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীটোৱে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হৈ আহিছে৷ ধনৱানসকলে উন্নত আৰু উচ্ছশিক্ষা লাভ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় যদিও আৰ্থিকভাৱে দুৰ্বল লোকসকলে নানা সমস্যাৰ সন্মুখীন হৈ আহিছে৷ আৰ্থিকভাৱে অনগ্ৰসৰৰ বাবে ১০ শতাংশ সংৰক্ষণে এই শ্ৰেণীৰ লোকৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি এচামে মত প্ৰকাশ কৰিছে৷ কিন্তু আন এচামৰ মতে, এই ব্যৱস্থাই সমাজৰ অৱস্থাপন্ন লোকসকলকহে উপকৃত কৰিব, দুখীয়া শ্ৰেণীক এই ব্যৱস্থাই উপকৃত নকৰে৷ যদিহে পূৰ্বৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰা যায়, তেন্তে দেখা যায় যে সেইসকলৰ মাজৰ অৱস্থাপন্ন লোকসকলেহে সংৰক্ষণৰ সুবিধা লৈ আগবাঢ়ি গৈছে আৰু দুখীয়াসকল দুখীয়া হৈয়েই আছে৷ যদিহে গ্ৰাম্য অঞ্চলত বাস কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ পৰিয়ালসমূহলৈ লক্ষ্য কৰা যায়, তেন্তে দেখা যাব যে সেইবোৰ অঞ্চলৰ মাত্ৰ ৪ শতাংশ পৰিয়ালৰহে চৰকাৰী চাকৰি আছে৷ বাকী ৯৬ শতাংশ পৰিয়ালৰ লোকৰ অধিকাংশই আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই সকলো ক্ষেত্ৰতে আজিও পিছপৰি আছে৷ অৰ্থনৈতিকভাৱে অনগ্ৰসৰৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থায়ো সমাজৰ অৱস্থাপন্নসকলহে উপকৃত কৰিব৷ আয়কৰ বিভাগৰ তথ্য অনুসৰি, ভাৰতৰ ৯৫ শতাংশ লোকৰ বাৰ্ষিক উপাৰ্জন ৮ লাখৰ কম৷ যদিহে কোনো পৰিয়ালৰ বাৰ্ষিক আয় ৮ লাখৰ কম হয় আৰু পৰিয়ালৰ পাঁচ একৰতকৈ কম খেতি মাটি বা ১,০০০ বৰ্গফুটতকৈ কম জোখৰ ফ্লেট থাকে, তেনে লোকে আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ সুবিধা লাভ কৰিব৷ অৰ্থাৎ যি পৰিয়ালৰ মাহে উপাৰ্জন ৬৬,৬৬৫ টকা, তেনে পৰিয়ালৰ লোকে আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ সংৰক্ষণৰ সুবিধা লাভ কৰিব৷ অৰ্থাৎ যিখন দেশত বুজনসংখ্যক লোকৰ বছৰি উপাৰ্জন ৬০ হাজাৰ টকাও নহয়, তেনে ক্ষেত্ৰত নিম্ন আয়ৰ লোকসকলে এই সংৰক্ষণৰ সুবিধা পাবনে? এই সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা সমাজৰ এমুঠিমান অৱস্থাসম্পন্ন লোককহে শিক্ষা আৰু চৰকাৰী চাকৰি লাভৰ পথ মুকলি কৰি দিয়া হ’ব৷ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ উন্নতি কৰাটো এখন কল্যাণকামী চৰকাৰৰ দায়িত্ব৷ কিন্তু চৰকাৰৰ এই সংৰক্ষণ ব্যৱস্থাই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা লোকক কিমান উপকৃত কৰিব, সেয়া সন্দেহৰ বিষয়৷






