Logo
image

তেজস্বিতাৰ মৃত্যুৰ প্ৰতিবেদন

৫ অক্টোবৰত মাজুলীত সংঘটিত হৈছিল এক হূদয়বিদাৰক ঘটনা৷ এগৰাকী সম্ভাৱনাময় তথা প্ৰতিভাৱান কণমানি তেজিস্বতা বৰুৱাৰ উপযুক্ত চিকিৎসাৰ অভাৱত চিকিৎসালয়তে মৃত্যু হৈছিল৷ পৰিয়াল তথা ঘটনাস্থলীত উপস্থিত থকা লোকে অক্সিজেনৰ অভাৱ আৰু বিশেষজ্ঞ চিকিৎসক চিকিৎসালয়খনত উপস্থিত নথকাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত তেজস্বিতা বৰুৱাই তিল তিলকৈ মৃত্যুক সাবটি ল’ব লগা হৈছিল৷ এই লৈ সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, চৰকাৰেও পৰিস্থিতিৰ গুৰুত্ব বুজিয়েই স্বাস্থ্যমন্ত্ৰীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছিল৷ ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষী ব্যক্তিক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বৰ্তমান যিখন তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰা হ’ল, সেই প্ৰতিবেদন দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে৷ প্ৰশাসনিক বিষয়াৰ দ্বাৰা কৰোৱা প্ৰতিবেদনে পুনৰ তেজস্বিতাকে যেন হত্যা কৰিলে৷ প্ৰতিবেদনত কোৱা হৈছে, তেজস্বিতাৰ পিতৃ-মাতৃয়ে তেজস্বিতাক ঔষধ সেৱন বন্ধ কৰাৰ বাবেই কণমানিজনীৰ মৃত্যু হৈছিল৷ কিন্তু তাতোকৈও আচৰিত কথাটো হ’ল, তেজস্বিতাৰ পিতৃ-মাতৃয়ে কৈছে যে এই সম্পৰ্কত তদন্তকাৰী বিষয়াই তেওঁলোকক কোনো সোধা-পোছা কৰা নাই৷ তেতিয়া হ’লে ক’ত পালে এই তথ্য তদন্তকাৰী বিষয়াদ্বয়ে৷ প্ৰতিবেদনখনত কোৱা হৈছে– তেজস্বিতাৰ মৃগী ৰোগ আছিল আৰু অনিয়মীয়া ঔষধ সেৱন আৰু গীত-নৃত্যৰ মাজত উচ্ছ প্ৰাবল্যৰ শব্দৰ মাজত থকাৰ বাবেই তেজস্বিতাৰ তাৎক্ষণিক মৃত্যুৰ কাৰণ৷ কিন্তু এজন সাধাৰণ মানুহৰ বাবেও এই কথাটো বুজাত অসুবিধা নহয় যে তেজিস্বতা বৰুৱাই নিয়মীয়াকৈ নৃত্য-গীত তথা এনে হুলস্থূলীয়া পৰিৱেশতেই জীৱন পাৰ কৰি আহিছে৷ প্ৰতিভাৱান শিল্পীগৰাকী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান৷ সন্তানৰ চিকিৎসাৰ বাবে কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ ওচৰত চিকিৎসা কৰি অহাৰ তথ্য ইতিমধ্যে ৰাজহুৱা হৈছে৷ আৰু সেই চিকিৎসকৰ পৰামৰ্শমতেই ঔষধ সেৱনৰো কথা পৰিয়ালে ৰাজহুৱা কৰিছে৷ তেন্তে কি ভিত্তিত উপায়ুক্তৰ প্ৰতিবেদনে পৰিয়ালটোক দোষী সাব্যস্ত কৰিলে সেয়া এতিয়া হাজাৰ টকীয়া প্ৰশ্ন হৈ পৰিছে৷ প্ৰতিবেদনখনত তেজস্বিতাৰ হূদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি কোৱা হৈছে৷ যিকোনো মৃত্যু হোৱা মানুহৰেই হূদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়, সেই কথাটো প্ৰতিবেদনত উল্লেখ কৰিবলীয়া বিষয় হয় নে নহয় সেই কথাটো এতিয়া মাজুলীবাসীৰ বাবে প্ৰশ্ন হৈ পৰিছে৷ আচলতে চৰকাৰী কোনো কৰ্মচাৰীৰ বিৰুদ্ধে উঠা অভিযোগ যদি চৰকাৰী কৰ্মচাৰীয়েই তদন্ত কৰে, তেন্তে সেই তদন্ত যে নিৰপেক্ষ নহয় তাক মাজুলীৰ প্ৰতিবেদনে আকৌ এবাৰ প্ৰমাণ কৰিলে৷ কোনো চৰকাৰে চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে উঠা অভিযোগক যদি প্ৰকৃততে সন্মুখলৈ আনিবলৈ হয়, তেন্তে কোনো কৰ্মৰত বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰালেহে প্ৰকৃত সত্য পোহৰলৈ আহিব পাৰে৷ প্ৰতিবেদনখনত এইটো উল্লেখ কৰিছে যে যি সময়ত তেজস্বিতাৰ মৃত্যু হৈছিল, সেই সময়ত চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামী নীতি-বহিৰ্ভূতভাৱে অনুপস্থিত আছিল৷ তিনিগৰাকী নাৰ্ছেও কৰ্তব্যত হেমাহি কৰিছিল৷ এই দুয়োটা তথ্য সন্নিবিষ্ট হোৱাৰ পাছত ঔষধ নোখোৱা আৰু হূদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা কথাক গুৰুত্ব দিয়া কথাটোৱে চৰকাৰৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিছে৷ এই প্ৰতিবেদনৰ ভিত্তিত অসমৰ সৰ্বকালৰ দীঘলীয়া স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে, সিও অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপক ঢাকোন দিবলৈ কৰা এক প্ৰয়াস বুলিয়েই চৰ্চিত হৈছে৷ তেজস্বিতাৰ মৃত্যুৰ পাছতো মাজুলীতে আৰু কেইবাজনো ব্যক্তিয়ে বিনা চিকিৎসাই মৃত্যুক সাবটিব লগা ঘটনা পোহৰলৈ আহিছে৷ অসমৰ চিকিৎসালয়সমূহত উপযুক্ত ডাক্তৰৰ অভাৱ, নাৰ্ছৰ গাফিলতি, ঔষধৰ অভাৱৰ লগতে উপযুক্ত আই চি ইউ নথকাৰ কথাটো সৰ্বজনবিদিত৷ আনহে নালাগে কংগ্ৰেছ চৰকাৰৰ দিনতেই আৰম্ভ হোৱা ১০৮ মৃত্যুঞ্জয় সেৱাও এতিয়া প্ৰায় বন্ধ হৈ পৰাৰ দৰেই হৈছে৷ এতিয়া আন কথাত বাদেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো ১০৮ বিচাৰিলে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়, যাৰ বাবে বহু দুৰ্ভগীয়াই উপযুক্ত সময়ত উপযুক্ত চিকিৎসা নাপাই মৃত্যুক সাবটিবলগীয়া হৈছে৷ এতিয়া এইবোৰ ঘটনাৰ যদি তদন্ত হ’বলৈ হয়, তেন্তে নিশ্চয়কৈ তদন্তৰ প্ৰতিবেদনত চিকিৎসা বা আই চি ইউৰ অভাৱত নহয়, দুৰ্ঘটনাত মৃত্যু হোৱা বুলিয়েই প্ৰতিবেদন আহিব৷ কিন্তু বাস্তৱ সত্যটো হ’ল উপযুক্ত সময়ত উপযুক্ত চিকিৎসা পাবলৈ সক্ষম নোহোৱাৰ বাবেহে ব্যক্তিজনৰ মৃত্যু হৈছিল৷ মাজুলীৰ এই ঘটনাৰ পাছত স্থানীয় বিধায়কজনৰ এটা মন্তব্যয়ো চৰকাৰী চিকিৎসা ব্যৱস্থাৰ পয়ালগা স্বৰূপটো উন্মোচিত কৰিছে৷ বিধায়কজনে মাজুলীত কোনো ব্যক্তিয়ে নাৰ্ছিং হোম খুলিলে তেওঁ সহায় কৰিব বুলি কৰা মন্তব্যই সমগ্ৰ চৰকাৰী চিকিৎসা ব্যৱস্থাকেই যে ভেঙুচালি কৰিছে, সি নিশ্চিত৷ এতিয়াও সময় আছে চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নতি সাধক, অন্যথা দীৰ্ঘ সময়ৰ বাবে জনতাক বুৰ্বক সজাই ৰাখিব নোৱাৰিব৷