Logo
image

ঋষি ছুনকৰ সতীৰ্থ মন্ত্ৰীৰ পদত্যাগ

আমাৰ অসম, ১১ নৱেম্বৰঃ ধমকি দিয়া গোচৰৰ তদন্ত চলি থকাৰ পাছতো ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনকে বন্ধুত্বৰ খাতিৰতে মন্ত্ৰীসভাত স্থান দিয়া এজন মন্ত্ৰীয়ে পদত্যাগ কৰে৷ গতিকে ইয়াকে লৈ এতিয়া ঋষি ছুনক সমালোচনাৰ সন্মুখীন হৈছে৷ পদত্যাগ কৰা এই মন্ত্ৰীজনৰ নাম হৈছে ছাৰ গেৱিন উইলিয়ামছ৷ তেওঁৰ পত্যাগৰ পাছতে প্ৰধানমন্ত্ৰী ঋষি ছুনকে খেদ প্ৰকাশ কৰে৷ পদত্যাগ কৰা গেৱিনৰ বিৰুদ্ধে সতীৰ্থ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ আৰু ধমকি দিয়াৰ অভিযোগ উঠি আহিছিল৷