Logo
image

সপোন চুৰমাৰ পাকিস্তানৰ : দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ইংলেণ্ড

ডিজিটেল ডেস্ক :দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে ইংলেণ্ডে৷ পাকিস্তানৰ সপোন চুৰমাৰ টি-২০ বিশ্বকাপৰ খিতাপ হাতত তুলি ল'লে ইংলেণ্ডে৷ বাটলাৰ বাহিনীৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিলে বাবৰ বাহিনীয়ে৷ পাকিস্তানক ৫ উইকেইত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে বাটলা নেতৃত্বাধীন ইংলেণ্ডে৷ 

ফাইনেলত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ১৯ অভাৰত ৫ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। বেন ষ্টোকছে ইংলেণ্ডৰ হৈ সৰ্বাধিক ৪৯ টা বল ৫২ ৰান সংগ্ৰহ কৰে৷ ইফালে পাকিস্তানৰ হাৰিছ ৰাউফে ২ টা উইকেট লাভ কৰে।

পাকিস্তানৰ হৈ শান মাছুদে সৰ্বাধিক ২৮ টা বলত ৩৮ ৰান কৰিবলৈ সক্ষম হয়। অধিনায়ক বাবৰ আজমে ২৮ টা বলত ৩২ ৰান সংগ্ৰহ কৰে। আনহাতে ইংলেণ্ডৰ চেম কুৰানে সৰ্বাধিক ৩ টা উইকেট লাভ কৰে। আদিল ৰছিদে ২ টা উইকেট লাভ কৰে।

পাকিস্তানৰ বেটিং : মহম্মদ ৰিজৱান ১৫ (১৪), বাবৰ আজম ৩২(২৮), মহম্মদ হাৰিছ ৮(১২), শান মাছুদ ৩৮(২৮), ইফতিখাৰ আহমেদ ০(৬), ছাদাব খান ২০(১৪), মহম্মদ নাৱাজ ৫(৭), মহম্মদ ৱাছিম ৪(৮), শ্বাহিন আফ্ৰিদি ৫(৩) নট আাউট, হাৰিছ ৰাউফ ১(১) নট আউট৷ 

পাকিস্তানৰ শ্বাহিন আফ্ৰিদি, ছাদাব খান, মহম্মদ ৱাছিমে ১টাকৈ উইকেট আৰু হাৰিছ ৰাউফে ২টা উইকেট লাভ কৰে৷

ইংলেণ্ডৰ বেটিং : জছ বাটলাৰ ২৬(১৭),  এলেক্স হেলছ ১(২),  ফিলিপ ছল্ট ১০(৯),  বেন ষ্টোকছ ৫২(৪৯) নট আউট, হেৰী চেৰিংটন ব্ৰুক ২০(২৩), মইন আলী ১৯(১৩), লিয়াম লিভিংষ্টন ১(১) নট আউট৷

ইংলেণ্ডৰ বেন ষ্টোকছে ১টা, ছেম কুৰানে ৩টা, আদিল ৰছিদ আৰু ক্ৰিছ জৰ্ডানে ২টা উইকেট লাভ কৰে৷