Logo
image

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে এইদৰে আঁতৰাওক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰে? বহুতে পানী খাই ভাত এমুঠি নোচবোৱাকৈ গিলি দিয়ে৷ কিন্তু ইয়াৰ পাছতো যদি কাঁইটটো লাগিয়েই থাকে, তেন্তে কি কৰিব? জানি থওক ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে পৰিত্ৰাণ পোৱাৰ কেইটামান উপায়–
(১) মাছৰ কাঁইট ডিঙিত লাগিলে অকল পানী খালেই নহ’ব৷ গৰম পানীৰ সৈতে অকণমান নিমখ মিহলাই লওক৷ সেই পানী খালে ডিঙিত লাগি থকা মাছৰ কাঁইটটো কোমল হয়৷
(২) এমুঠি ভাত লাড়ু কৰি লওক৷ ইয়াৰ পাছত পানীৰ সৈতে গিলি পেলাওক৷ ভাত চোবাই খালে কাঁইট আঁতৰোৱাটো কঠিন হৈ পৰে৷ কিন্তু নোচোবোৱাকৈ গিলি দিলে ভাতৰ সৈতে কাঁইটটো তললৈ নামি যায়৷
(৩) ভাতৰ সলনি কল খায়ো মাছৰ কাঁইট আঁতৰাব পৰা যায়৷
(৪) এটুকুৰা নেমুৰ সৈতে নিমখ মিহলাই ৰস চুহি খাওক৷ কিছু সময়ৰ পাছত ডিঙিত লাগি ধৰা কাঁইটটো কোমল হৈ নিজে নিজে তললৈ নামি যাব৷
(৫) পানীৰ সৈতে সামান্য পৰিমাণৰ ভিনেগাৰ মিহলাই খালেও ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰে৷
(৬) অলিভ অইল পান কৰিও ডিঙিৰ পৰা মাছৰ কাঁইট আঁতৰাব পৰা যায়৷ অলিভ অইলে ডিঙিৰ ভিতৰচোৱা পিছল কৰি কাঁইট তললৈ নমাই দিয়ে৷
(৭) কোকাকোলা খায়ো ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰাব পৰা যায়৷ ইয়াৰ বাবে এগিলাচ কোকাকোলা খালেই হ’ল৷ কোকাকোলাই মাছৰ কাঁইট কোমল কৰি পেলায়৷ ফলত ই লাহে লাহে তললৈ নামি যায়৷