Logo
image

নিৰ্বাচনী আৱেগৰ ঢৌ সৃষ্টিৰ ৰাজনীতি

ৰাজ্যৰ বাহিৰৰ আন কোনোবা নেতা অসমলৈ আহি কিবা এখন মিটিঙত ‘মানানীয় চভাপতি মহোদয়’ বুলি দুটামান অসমীয়া শব্দ উচ্ছাৰণ কৰিলে জাউৰিয়ে জাউৰিয়ে হাত তালিৰে সভাত উপস্থিত থকা অসমীয়াৰ আত্মহাৰা উল্লাসত আকাশ-বতাহ মুখৰ কৰাৰ অলেখ দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে৷ প্ৰত্যক্ষ কৰিছে অসমলৈ অহা দিল্লীৰ বৰ বৰ নেতাই ডিঙিত অসমীয়া গামোচা এখন আঁৰি এটা মাত্ৰ প্ৰশংসাসূচক শব্দৰে অসম আৰু অসমীয়াৰ প্ৰতি প্ৰেমৰ নদী বোৱাই দিয়াৰ ৰাজনৈতিক স্বাৰ্থৰ ভাষণ৷ অসমীয়াসকলৰ মনত উৰণীয়া পখীৰ দৰে ‘উৰি যাওঁ, উৰি যাওঁ’ আৱেগৰ পাখিয়ে ঢপলিয়াই, মচগুল হৈ পৰে বিমলানন্দত৷ বিহুৰ নাচ নাচে উৰাই-ঘূৰাই৷ চকুত যেন ভাহি উঠে স্বপ্নময় ৰূপালী অসম, সোণৰ অসম– যেনিবা অসমখন মাটিৰ অসমেই নহয়, এখন মায়াপুৰীহে৷ এতিয়া প্ৰশ্নটো যদি উঠে ‘পৃথিৱীৰ ভিতৰত কোনটো জাতিয়ে নিজৰ ৰাজ্যৰ মাটি, ভেটি, জাতি, ভাষাৰ অস্তিত্বৰ বিষয়বোৰকো নেওচা দি হ’লেও নাচোন-বাগোন, নতুন নতুন উৎসৱ সৃষ্টিৰ ৰাজকীয় আৱেগৰ সোঁতত উটি-ভাহি থাকিবলৈ ভাল পায়? অসমীয়া বুলি ভবা বা কোৱা ‘আমি’সকলৰ উত্তৰ কি হ’ব, নিশ্চিতভাৱে ক’ব নোৱাৰি৷ কিন্তু বাহিৰৰ ৰাজ্যৰ, বিশেষকৈ যুগে যুগে অসমীয়াক ৰঙা চকু দেখুৱাই শাসন, শোষণ, উৎপীড়ন তথা নিৰ্যাতন কৰি অহা দিল্লীৰ শাসক, বৰ বৰ নেতা, পালিনেতাৰ কণ্ঠত সৰ্বদায় উচ্ছাৰিত উত্তৰটো– ‘অসমীয়া’৷ এটা মাত্ৰ প্ৰশংসাৰ শব্দ কৈ, ডিঙিত এখন গামোচা আঁৰি, অসমীয়া দুজনমান অতীতৰ বীৰৰ নাম উচ্ছাৰণ কৰি নচুৱাই থাকিব পৰা বিশ্বৰ একমাত্ৰ জাতিটোৰ নাম অসমীয়া৷ জাতি, উপজাতিৰ নামত ভাগ ভাগ কৰি বিভাজিত অসমীয়াৰ পৰা ৰাজনৈতিক স্বাৰ্থ আদায়ৰ ৰাজনীতিৰে অসমীয়া জাতিসত্তাত কুঠাৰাঘাত কৰি অহা দিল্লীশ্বৰসকলৰ মনস্তাত্ত্বিকতা এনেকুৱাই, সেইটো অনুধাৱন কৰিবলৈ কিহে জগাই তুলিব? আৱেগৰ ঢৌৰ খুন্দাই নে সুপ্ত বিবেক-বিচাৰৰ জাগ্ৰত চেতনাই? ২০২৪ আহি দুৱাৰমুখ পাইছে৷ নতুন নতুন আৱেগ সৃষ্টিৰ মায়াজাল পতাৰ আঁচনি, পৰিকল্পনাত ব্যস্ত নেতাসকল৷ শাসনৰ গাদীত বহাসকলে সবাতোকৈ সুবিধাজনক অৱস্থানত অৱতীৰ্ণ৷ বীৰ-বীৰাংগনাৰ ছবি গাড়ী-মটৰে আঁৰি দি অসম প্ৰেমৰ চানেকি দাঙি ধৰা, সাগৰ, মহাসাগৰ, নদ-নদীত যিমান পানী আছে তাতোকৈ অসমীয়াক বেছি ভাল পোৱাৰ, সন্মান কৰাৰ অভিনয়েৰে নতুন নতুন আৱেগৰ ঢৌত অসমীয়াক উটাই-ভহাই ৰখাৰ ৰাজনীতি কৰিবই৷ কিন্তু এটাও শব্দ নকয় অসমৰ বাস্তৱ সমস্যা সমাধান সন্দৰ্ভত৷ উত্তৰ নিদিব– ৰাষ্ট্ৰীয়পঞ্জী চৰকাৰখনে যোৱা ১০ বছৰে  কিয় চূড়ান্ত নকৰিলে? অসমীয়াসকলৰ বাবে সাংবিধানিক সুৰক্ষা প্ৰদানৰ ব্যৱস্থাটো ক’ত গমাই ৰাখিলে আৰু কিয়? ধৰ্মৰ দোহাই দি পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা আমদানিকৃত লাখ লাখ বিদেশী নাগৰিকক অসমতে মাটি-ভেটি দি সংস্থাপিত কৰি অসমীয়াৰ অস্তিত্বলৈ কিয় নতুন সংঘাতৰ পথ মুকলি কৰা হ’ল? খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ অযোগ্য প্ৰায় ঊনৈছ লাখ বিদেশী নাগৰিকক অসমতে সংস্থাপিত কৰাৰ নতুনকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জাল পতা হৈছে কিয়? অসমীয়া ভাষাটোৰ অংগক্ষত কৰিবলৈ কঁকালত টঙালি বন্ধাৰ অন্তৰ্নিহিত স্বাৰ্থ কাৰ? ইয়াৰ অন্তৰালত লুকাই থকা চৰকাৰী উদ্দেশ্য কি? অসমীয়া ভাষাৰ ক, খ, গ চিনি নোপোৱা বহিঃৰাজ্যৰ লোকক অসমৰ স্কুলত শিক্ষক পতাৰ ভিতৰুৱা ৰাজনীতি কি? প্ৰাক্তন ন্যায়াধীশ এজনৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰাৰ অৰ্থে পাতি দিয়া উচ্ছ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদন চৰকাৰে এতিয়ালৈ কাৰ্যকৰী নকৰিলে কিয়? কেতিয়াবা কাৰ্যকৰী কৰিব? কাৰ্যকৰীকৰণৰ প্ৰলোভনেৰে আৰু কিবা নতুন আৱেগৰ নদীত অসমীয়াক উটুৱাই-ভহাই ৰখাৰ ৰাজনীতিৰে ২০২৪ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিবই নিশ্চয়? তেওঁলোকে সৃষ্টি কৰা আৱেগৰ চেঁৱে-চেঁৱে নাচি আত্মহাৰা হ’বলৈ আমি অসমীয়াসকলতো আছোঁৱেই৷ আমাৰ লগত বৰ বৰ নেতাসকলেও একেলগে নাচিব, দুই-এক বয়োজ্যেষ্ঠক সেৱা জনাব, কোনোবা যুৱকক ‘ভাগিন’ বুলি মাতিব, হাঁহি-ধেমালি চলিব৷ চব ঠিক-ঠাক হৈ যাব৷ চৰম দুৰ্ভাগ্যৰ আৱৰ্তত অসম আৰু অসমীয়া বন্দী হৈ ৰ’ব৷ হয়তো সেয়াই আমাৰ প্ৰাপ্য পৰিণতি নাচি-বাগি সকলো পাহৰি থকাৰ৷