Logo
image

স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ব সাংবাদিক-অধিবক্তা নটাশা পিৰ্ক মুছাৰ

আমাৰ অসম, ১৫ নৱেম্বৰঃ  চেণ্ট্ৰেল ইউৰোপৰ দেশ স্লোভেনিয়াৰ  ৰাষ্ট্ৰপতি  নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ ইতিহাস ৰচিছে মহিলা সাংবাদিক তথা অধিবক্তা নাটাশা পিৰ্ক মুছাৰে৷ ৫৪ বছৰীয়া নাটাশাই দেশখনৰ ৰাষ্ট্ৰপতি  নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ পাছত এতিয়া তেওঁ দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি  হোৱাটো নিশ্চিত হয়৷ তেওঁ জয়ী হোৱাৰ পাছতে দেশখনৰ চেণ্টাৰ-লেফ্‌ট চৰকাৰে  সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ গতিকে তেওঁ ৰাষ্ট্ৰপতি  হোৱাটো নিশ্চিত হয়৷ ৰাষ্ট্ৰপতি  নিৰ্বাচনত নাটাশাই ৫৩.৮৬ শতাংশ ভোট লাভ কৰে৷ তেওঁৰ প্ৰতিদ্বন্দ্বী তথা প্ৰাক্তন বিদেশ মন্ত্ৰী এণ্ডেজ লোগাৰে ৪৬.১৪ শতাংশহে ভোট লাভ কৰে৷ নিৰ্বাচনত জয়ী হোৱাৰ পাছত নাটাশাই দেশৰ জনতাক প্ৰতিশ্ৰুতি দিয়ে নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ৷ দেশৰ জনতাৰ সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে কাম কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁৰ জয়ে স্লোভেনিয়া আৰু বিদেশত মহিলাৰ কণ্ঠক আৰু অধিক উচ্ছ কৰি তুলিব বুলিও নাটাশাই ভাষণত কয়৷ প্ৰথমে সাংবাদিক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত নাটাশাই ওকালতি আৰম্ভ কৰে আৰু দেশখনৰ এগৰাকী প্ৰভাৱশালী আৰু সফল অধিবক্তা হিচাপে খ্যাতি লাভ কৰে আৰু সামাজিক কল্যাণ আৰু মানৱ অধিকাৰৰ হকে কাম কৰি জনপ্ৰিয়তা লাভ কৰে৷ গতিকে তেওঁ জনতাৰ সমৰ্থন লাভ কৰে৷