বায়ু প্ৰদূষণ– অৰ্থনৈতিক উন্নয়নৰ হেঙাৰ
বায়ু আমাৰ প্ৰাণশক্তি৷ বায়ু প্ৰদূষণে মানৱক শংকিত কৰি তুলিছে৷ প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে নগৰীকৰণ, উদ্যোগীকৰণ আৰু উন্নয়নমূলক কাম-কাজে মানুহৰ জীৱন-ধাৰণৰ মান পূৰ্বতকৈ উন্নত কৰিছে যদিও এইবোৰৰ পৰা হোৱা বায়ু প্ৰদূষণৰ ফলত মানুহ নানা ৰোগ-ব্যাধিত আক্ৰান্ত হৈছে৷ দিল্লীত বায়ু প্ৰদূষণৰ ফলত কি অৱস্থাৰ সৃষ্টি হয়, সেই কথা সকলোৰে জ্ঞাত৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ‘আপ’ চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে যুগ্ম-অযুগ্ম বাহন চলোৱাৰ ব্যৱস্থা কৰাৰ কথাও আমি সকলোৱে জানো৷ কৰ’না কালৰ লকডাউনৰ সময়ত যান-বাহনৰ চলাচল প্ৰায় বন্ধ হোৱাৰ উপৰি কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠানৰো প্ৰায়ভাগ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৃথিৱীৰ বায়ু বহুখিনি প্ৰদূষণমুক্ত হোৱা বুলিও সকলোৱে স্বীকাৰ কৰিছে৷ কিন্তু লকডাউনৰ পাছত পুনৰ আগৰ অৱস্থা পাইছে৷ মহামাৰী কৰ’নাই বিশ্ব অৰ্থনীতিৰ লগতে ভাৰততো বিৰূপ প্ৰভাৱ পেলোৱাৰ সমান্তৰালভাৱে বায়ু প্ৰদূষণেও অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ মূলতঃ দূষিত বায়ুৰ বাবে মানুহে নানা ৰোগত আক্ৰান্ত হোৱাৰ ফলত ইয়াৰ চিকিৎসাৰ বাবদ বুজন পৰিমাণৰ ধন ব্যয় হয়৷ আনকি বায়ু প্ৰদূষণৰ বাবে বহুজনে অকালতে মৃত্যুকো আঁকোৱালি ল’বলগীয়া হয়৷ অলপতে ‘দ্য ইণ্ডিয়া ষ্টেট লেভেল ডিজিজ বাৰ্ডেন ইনিচিয়েটিভ’-এ প্ৰকাশ কৰা সমীক্ষাৰ প্ৰতিবেদন অনুসৰি ২০১৯ বৰ্ষত ভাৰতত বায়ু প্ৰদূষণৰ কাৰণে প্ৰায় ১৭ লাখ লোকৰ মৃত্যু হয়৷ এই সংখ্যা উক্ত বৰ্ষত ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ ১৮ শতাংশ৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বায়ু প্ৰদূষণৰ ফলত হাঁওফাঁও, হূদযন্ত্ৰ, ষ্ট্ৰ’ক আদিত আক্ৰান্ত হোৱাৰ বাবেই বছৰি বহু লোকৰ মৃত্যু হয়৷ বিশ্বত সম্প্ৰতি বায়ু প্ৰদূষণ এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ ইয়াৰ ফলত মানুহৰ জীৱনকালো হ্ৰাস পাইছে৷ তদুপৰি বায়ু প্ৰদূষণে অৰ্থনৈতিক উন্নয়নতো নেতিবাচক প্ৰভাৱ পেলাইছে৷ ১৯৯০ চনৰ পৰা ২০১৯লৈ ভাৰতত ঘৰুৱা প্ৰদূষণৰ ৬৪ শতাংশ কমিছে যদিও এই সময়ছোৱাত ঘৰৰ বাহিৰৰ প্ৰদূষণ ১১৫ শতাংশ বাঢ়িছে৷ ফলত মানুহৰ ৰোগৰ মাত্ৰাও বাঢ়ি গৈছে৷ ৰোগৰ লগত যিহেতু অৰ্থনীতিৰ সম্পৰ্ক আছে, সেয়ে এনে ৰোগীৰ চিকিৎসাৰ বাবদ ভাৰতৰ মুঠ জি ডি পিৰ এক বুজন অংশ ব্যয় হয়৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, বিগত বৰ্ষত প্ৰদূষণৰ ফলত ৰোগাক্ৰান্ত হোৱা লোকৰ চিকিৎসা ব্যয়ত ভাৰতৰ মুঠ জিডিপিৰ ০.৪ শতাংশ ব্যয় হয়৷ ইয়াৰ উপৰি বিগত বৰ্ষত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ বাবে ভাৰতৰ মুঠ জি ডি পিৰ ১.৪ শতাংশ ক্ষতি হয়৷ যদিহে বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা নাযায়, তেন্তে ২০২৪ চনত ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হোৱাত সমস্যাৰ সৃষ্টি হ’ব৷ ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ মূলতে হ’ল শক্তিৰ উৎস হিচাপে কয়লা ব্যৱহাৰ কৰা, নৰা বা নৰাজাতীয় শস্যৰ অৱশিষ্ট পুৰি পেলোৱা, আৱৰ্জনা পুৰি পেলোৱা, নিৰ্মাণকাৰ্য, ইটাভাটিৰ পৰা হোৱা প্ৰদূষণ, যান-বাহনৰ পৰা হোৱা প্ৰদূষণ আদিৰ উপৰি কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা নিৰ্গত ধোঁৱা, গেছ, আৱৰ্জনা আদিৰ ফলত হোৱা বায়ু প্ৰদূষণ৷ চৰকাৰ তথা জনসাধাৰণে যদিহে বায়ু প্ৰদূষণ ৰোধ কৰিব নোৱাৰে, তেন্তে আগত সময়ত ই এক ভয়াৱহ সমস্যাৰূপে থিয় দিব আৰু দেশৰ আৰ্থিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলাব৷






