Logo
image

টুৱেণ্টী২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ ব্যৰ্থতাৰ কাৰণ

অষ্ট্ৰেলিয়াত সদ্যসমাপ্ত টুৱেণ্টী২০ বিশ্বকাপৰ গ্ৰুপৰ শীৰ্ষস্থানত থাকি ছেমিফাইনেলত উপনীত হোৱাৰ পাছত ক্ৰিকেট বিশেষজ্ঞসকলে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক সম্ভাব্য চেম্পিনয়ৰ আখ্যা দিছিল৷ কিন্তু ছেমিফাইনেলত ইংলেণ্ডৰ হাতত দহ উইকেটত পৰাস্ত হৈ ‘চোকাৰ্ছ’ৰ অপবাদ সহিবলগীয়া হৈছে টীম ইণ্ডিয়াই৷ ইউনাইটেড আৰব এমীৰেটছত অনুষ্ঠিত ২০২১ চনৰ টুৱেণ্টী২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল ভাৰতে৷ মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ২০১৩ চনত ভাৰতে চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পাছত কোনো আই চি চি টুৰ্ণামেণ্টত চেম্পিয়ন হ’ব পৰা নাই ভাৰত৷ এইবাৰ ছেমিফাইনেলত ভাৰতীয় দলটোৱে যি প্ৰদৰ্শন দেখুৱালে, তালৈ চাই বহুতেই দলটো ফাইনেল খেলাৰ যোগ্য নহয় বুলি মন্তব্য কৰিছে৷ এনে মন্তব্যৰ সপক্ষে যুক্তিও নথকা নহয়৷ বিশ্বকাপত ভাৰতে অভিযান আৰম্ভ কৰিছিল চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে৷ সেই খেলখনত পাকিস্তানৰ ১৫৯ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ৩১ ৰানতে চাৰিটা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়তে বিৰাট কোহলিৰ অসাধাৰণ ইনিংছ আৰু হাৰ্দিক পাণ্ডিয়াৰ পৰা পোৱা যোগ্য সহযোগিতাৰে খেলৰ অন্তিমটো বলত ভাৰতৰ জয় সম্ভৱ হৈছিল৷ সেই জয়ৰ পাছত বাংলাদেশৰ বিৰুদ্ধেও জয়ৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ গ্ৰুপত পাকিস্তান আৰু বাংলাদেশৰ সৈতে ভাৰতৰ প্ৰতিদ্বন্দ্বী আছিল দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ডছ আৰু জিম্বাব’ৱে৷ নেদাৰলেণ্ডছ আৰু জিম্বাব’ৱেৰ বিৰুদ্ধে জয়ী হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত৷ ক্ৰিকেট সমালোচকসকলৰ মতে, বিশ্বকাপত ভাৰতীয় দলৰ ৰণকৌশল আসোঁৱাহপূৰ্ণ হোৱাৰ লগতে মূল একাদশ নিৰ্বাচনতো ভুল হৈছিল টীম মেনেজমেণ্টৰ৷ টুৱেণ্টী২০ ক্ৰিকেটত দল এটাৰ আৰম্ভণিৰ ওপৰত ফলাফল বহু পৰিমাণে নিৰ্ভৰ কৰে৷ প্ৰতিপক্ষক চাপত ৰাখিবলৈ দলবোৰে পাৱাৰ-প্লে’ অৰ্থাৎ ইনিংছৰ প্ৰথম ছয় অভাৰত খৰতকীয়া গতিত ৰান সংগ্ৰহৰ চেষ্টা চলায়৷ এইক্ষেত্ৰত ভাৰতীয় দল সফল হোৱা বুলি ক’ব নোৱাৰে৷ প্ৰাৰম্ভিক বেটাৰদ্বয় লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মা  টুৱেণ্টী২০ ক্ৰিকেটৰ বিশেষজ্ঞ বুলিয়েই পৰিচিত৷ ৰাহুল ছখন খেলৰ চাৰিখনতে ব্যৰ্থ হৈছিল৷ আনহাতে, অধিনায়ক ৰোহিত শৰ্মাই টুৰ্নামেণ্টখনত কেৱল এটাহে অৰ্ধশতকীয় ইনিংছ খেলিছিল৷ বেটিঙত কেৱল প্ৰাক্তন অধিনায়ক বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱহে উজলি উঠা দেখা গৈছিল৷ ছখন খেলত চাৰিটা অৰ্ধশতকৰ সহায়েৰে কোহলিয়ে সংগ্ৰহ কৰিছিল সৰ্বাধিক ২৯৬ ৰান, ৰানৰ গড় আছিল ৯৮.৬৬৷ আনহাতে, সূৰ্যকুমাৰে ছখন খেলত তিনিটা অৰ্ধশতকেৰে সংগ্ৰহ কৰিছে ২৩৯ ৰান৷

বলিঙত যশপ্ৰীত বুমৰাৰ অনুপস্থিতিৰ প্ৰভাৱ বাৰুকৈয় পৰিছিল ভাৰতীয় দলত৷ বুমৰাৰ স্থানত দলত স্থান দিয়া মহম্মদ ছামিৰ প্ৰদৰ্শন প্ৰভাৱশালী নাছিল৷ ছখন খেলত তেওঁৰ হাতলৈ আহিছিল কেৱল ছটাহে উইকেট৷ প্ৰথমবাৰ টুৱেণ্টী২০ বিশ্বকাপ খেলা ২৩ বছৰীয়া পেচ বলাৰ অৰ্শদীপ সিঙে ছখন খেলত পাইছে দহটা উইকেট৷ ভাৰতীয় দলৰ আন এটা লক্ষণীয় দিশ আছিল লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহলক সুযোগ নিদিয়াটো৷ ভাৰতে খেলা ছখন খেলতে মূল একাদশত সুযোগ নাপালে চাহলে৷ ১৫জনীয়া ভাৰতীয় দলটোত একমাত্ৰ লেগ স্পিনাৰ আছিল চাহল৷ টুৰ্নামেণ্টখনত আন দলৰ লেগ স্পিনাৰে বেটাৰক সমস্যাত পেলোৱা দেখাৰ পাছতো বাৰম্বাৰ মূল দলত সুযোগ দিয়া হৈছিল ৰবিচন্দ্ৰন অশ্বিন আৰু অক্ষৰ পেটেলক৷ পেটেলক অলৰাউণ্ডাৰ হিচাপে দলত ৰখা হৈছিল যদিও বেটিঙতো তেওঁ একো কৰিব নোৱাৰিলে৷ অৱশ্যে এইক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়া আছিল ব্যতিক্ৰম৷ টুৰ্নামেণ্টখনত পাণ্ডিয়াই ১২৮ ৰান সংগ্ৰহ কৰাৰ লগতে দখল কৰিছিল আঠটা উইকেট৷

টুৱেণ্টী২০ বিশ্বকাপত ভাৰতীয় দলৰ ব্যৰ্থতাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] দলটোৰ প্ৰদৰ্শনৰ প’ষ্টমৰ্টেম আৰম্ভ কৰিছে৷ প্ৰশিক্ষক আৰু অধিনায়কৰ পৰা প্ৰতিবেদনো বিচাৰিব বুলিও জানিব পৰা গৈছে৷ টুৰ্নামেণ্টখনত ৰোহিত শৰ্মাৰ নেতৃত্বক লৈও প্ৰশ্ন উঠিছে৷ বৰ্তমানৰ দলটোৰ কেইবাজনো ছিনিয়ৰ ক্ৰিকেটাৰক পৰৱৰ্তী সময়ত টুৱেণ্টী২০ দলত দেখা নাযাব বুলিও ইংগিত পোৱা গৈছে৷ ভাৰতীয় টুৱেণ্টী২০ দলটোক সঠিক দিশত আগবঢ়াই নিবলৈ বি চি চি আয়ে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ সহায় লোৱাৰ সম্ভাৱনাৰ বিষয়েও চৰ্চা চলিছে৷ ধোনিৰ নেতৃত্বতে ভাৰতে প্ৰথমবাৰৰ টুৱেণ্টী২০ বিশ্বকাপ [২০০৭ চন] জয় কৰিছে৷ তেওঁৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংছে চাৰিবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰিছে৷ জানিব পৰা মতে, বি চি চি আয়ে ধোনিক ভাৰতীয় টুৱেণ্টী২০ দলটোৰ সঞ্চালকৰ দায়িত্ব দিয়াৰ চিন্তা-চৰ্চা চলাইছে৷ ধোনিৰ ক্ৰিকেটীয় জ্ঞান এইক্ষেত্ৰত ফলপ্ৰসূ হ’ব বুলি আশা কৰা হৈছে৷ অহা বছৰ ভাৰততে অনুষ্ঠিত হ’ব ৫০ অভাৰৰ বিশ্বকাপ৷ স্বদেশত টীম ইণ্ডিয়াই ২০১১ চনৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাবলৈ সক্ষম হ’বনে– তালৈও দৃষ্টি থাকিব সকলোৰে৷