Logo
image

১০ হাজাৰ কৰ্মচাৰীক চাটাই কৰিব এমাজনে

আমাৰ অসম, ১৬ নৱেম্বৰঃ বিশ্বৰ ই-কমাৰ্চ জগতৰ সৰ্ববৃহৎ কোম্পানী এমাজনে ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে৷ প্ৰকাশিত বাতৰি অনুসৰি এই সপ্তাহতে জেফ বেজ’ছৰ কোম্পানীটোৱে এই চাটাই অভিযান চলাব৷ অলপতে প্ৰকাশ পাইছিল যে এমাজনে একাংশ কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰোৱাৰ লগতে একাংশ কৰ্মচাৰীক নতুন চাকৰি বিচাৰিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়াই অনুমান কৰা হৈছিল যে বিশ্বৰ বৃহৎ ই-কমাৰ্চ কোম্পানী এমাজনে কেইবাহাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা আঁতৰাব৷ সেই অনুমানক সঁচা প্ৰমাণিত কৰি এমাজনে ঘোষণা কৰে যে মুঠ কৰ্মচাৰীৰ এক শতাংশ অৰ্থাৎ দহ হাজাৰ কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চাকৰি হেৰুওৱা কৰ্মচাৰীসকলক ইমেইল প্ৰেৰণ কৰি এই বিষয়ে জনাই দিয়া হ’ব৷ আমেৰিকা আৰু ভাৰতৰ লগতে আন আন দেশত আছে এমাজনৰ কেইবা লাখ কৰ্মচাৰী৷ গতিকে চাকৰি হেৰুওৱাসকলৰ ভিতৰত ভাৰতৰো কৰ্মচাৰী থাকিব৷ বৰ্তমান বিশ্বৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে এমাজন কোম্পানীৰ যথেষ্ট লোকচান হৈছে৷ বিক্ৰীও হ্ৰাস পাইছে৷ শ্বেয়াৰ মূল্য দ্ৰুতভাৱে হ্ৰাস পাইছে৷ কেৱল এমাজনেই নহয়, আন আন কোম্পানীৰো অৱস্থা একে৷ ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে বিশ্বজুৰি এমাজনত ১৬,০৮,০০০ পূৰ্ণকালীন আৰু অংশকালীন কৰ্মচাৰী আছে৷ গতিকে দহ হাজাৰ কৰ্মচাৰীক আঁতৰোৱাৰ সিদ্ধান্ত লয় এমাজনে৷ আমেৰিকা আৰু ইউৰোপৰ বহু দেশত বৰ্তমান চলি থকা আৰ্থিক অচলাৱস্থাৰ বাবেই আগশাৰীৰ কোম্পানীবোৰে এই সিদ্ধান্ত লয়৷