Logo
image

জি-২০ সন্মিলনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ আহ্বান! এয়াই যুদ্ধ সমাপ্তিৰ উচিত সময়

আমাৰ অসম, ১৬ নৱেম্বৰঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ অন্ত পেলোৱাৰ প্ৰকৃত সময় এয়াই– ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈ থকা জি-২০ সন্মিলনত ভাগ লৈ এই গুৰুত্বপূৰ্ণ আহ্বান  জনালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে৷ ৰাছিয়াই খেৰছ’নৰ পৰা সেনা আঁতৰাই নিয়া কাৰ্যক যুদ্ধ সমাপ্তিৰ আৰম্ভণি বুলি সোমবাৰে অভিহিত কৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে মঙলবাৰে বালিত জি-২০ সন্মিলনত ভাগ লৈ যুদ্ধ বন্ধৰ বাবে আহ্বান জনায়৷ তেওঁ বিশ্বৰ নেতাসকললৈ আহ্বান জনায় ৰাছিয়াৰ সৈতে চলি থকা ইউক্ৰেইনৰ যুদ্ধ অন্ত পেলোৱাৰ বাবে উপায় উলিয়াবলৈ৷ বিগত ৯ মাহে হৈ থকা যুদ্ধই ইউক্ৰেইনৰ লগতে বিশ্বৰ অৰ্থনীতিক বিপদৰ মাজলৈ ঠেলি দিয়ে৷ গতিকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে জি-২০ দেশৰ নেতাসকলক আহ্বান জনায়  যুদ্ধ সমাপ্ত কৰাৰ কাৰণে প্ৰয়োজনীয় উপায় উলিয়াবলৈ৷ যুদ্ধৰ ফলত আমদানি-ৰপ্তানি ব্যাপক প্ৰভাৱ পৰিছে৷ ইয়াৰ ফলত বিশ্বত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ লগতে মূল্যবৃদ্ধিও হৈছে৷ ৰাছিয়াৰ সৈতে অব্যাহত ৰখা যুদ্ধ বন্ধ নকৰোঁ নকৰোঁ বুলি কৈ থকা জেলেনস্কিয়ে এতিয়া জি-২০ সন্মিলনত স্বীকাৰ কৰে যে যুদ্ধ বন্ধ কৰাৰ বা সমাপ্ত কৰাৰ এয়াই উচিত সময় বুলি তেওঁ মানি লৈছে৷ এতিয়া ইয়াৰ দায়িত্ব বিশ্বৰ নেতাসকলৰ৷