Logo
image

শ্ৰদ্ধাৰ দেহৰ অৱশিষ্টৰ সন্ধানত অৰণ্যত আৰক্ষী

আমাৰ অসম, ১৭ নৱেম্বৰঃ দিল্লীৰ নৃশংস শ্ৰদ্ধ ৱাকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাই তদন্তকাৰী আৰক্ষীক দিয়া অনৰ্গল স্বীকাৰোক্তিত তদন্তৰ জট যিমান খোল খাইছে, জট পাক খাইছে তাতকৈ বেছি৷ কিয়নো আফতাবে আৰক্ষীৰ জেৰাত আগবঢ়োৱা সাবলীল স্বীকাৰোক্তি চাঞ্চল্যকৰ ঠিকেই, কিন্তু তাৰ মাজত সোমাই আছে অসংখ্য মিছা তথ্য৷ সেয়ে আফতাবৰ  স্বীকাৰোক্তিত বিভ্ৰান্ত হৈছে তদন্তকাৰী আৰক্ষী৷ আৰক্ষীক বিভ্ৰান্ত কৰাৰ বাবেই শ্ৰদ্ধা ৱাকাৰৰ হত্যাত অভিযুক্তই এনেদৰে মিথ্যাচাৰেৰে পৰিপূৰ্ণ স্বীকাৰোক্তি দিছে, নে এয়া তেওঁৰ সহজাত অভ্যাস সেয়া এতিয়াও আৰক্ষীয়ে বুজিব পৰা নাই৷ কিন্তু মিছাৰে পূৰ্ণ স্বীকাৰোক্তিয়ে আৰক্ষীক এই গোচৰত অভিযুক্ত প্ৰতিপন্ন কৰাত বা তেওঁৰ বিৰুদ্ধে ‘চাৰ্জ ফ্ৰেম’ কৰাত জটিলতাৰ সৃষ্টি কৰিছে৷ তেনে ক্ষেত্ৰত তদন্তকাৰীৰ বাবে অভিযোগনামা প্ৰস্তুত কৰাও কঠিন কাম হৈ পৰিব৷ সেয়ে তদন্তকাৰী দিল্লী আৰক্ষীয়ে অভিযুক্ত আফতাবৰ নাৰ্কো টেষ্ট কৰাৰ বাবে আদালতত আবেদন জনাইছে৷ আদালতে সেই ক্ষেত্ৰত অনুমতি দিব বুলি আৰক্ষীৰ বিশ্বাস৷ আদালতত নাৰ্কো টেষ্টৰ স্বীকাৰোক্তি প্ৰমাণ হিচাপে গ্ৰহণযোগ্য নহয়৷ কিন্তু এনে স্বীকৰোক্তিৰ জৰিয়তে আৰক্ষীয়ে অপৰাধৰ কাৰ্যক্ৰমণিকা শৃংখলা লগাই ল’ব পাৰে আৰু তাৰ ফলত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰাত সহায় হয়৷

ইপিনে শ্ৰদ্ধা ৱাকাৰৰ দেহাংশ মেহৰৌলিৰ ছতৰপুৰ অঞ্চলৰ যি হাবিত আফতাবে নিতৌ নিশা ২-ৰ টুকুৰাকৈ দলিয়াই পেলাই প্ৰমাণ নষ্ট কৰিছিল সেই হাবিত বুধবাৰেও আৰক্ষীয়ে অভিযুক্ত আফতাব আৰু শ্ৰদ্ধাৰ পিতৃ বিকাশ মদন ৱাকাৰক লৈ তালাচী চলায়৷ কিন্তু আজিৰ তালাচীত নিহত শ্ৰদ্ধাৰ হাড়-মুৰৰ কোনো অৱশিষ্ট উদ্ধাৰ নহ’ল৷ মঙলবাৰে একেখন জংঘলৰ ভিন ভিন স্থানৰ পৰা ১৩ টুকুৰা মানৱ দেহৰ হাড় উদ্ধাৰ হৈছিল৷ সেয়া শ্ৰদ্ধাৰ দেহাৱশেষ বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে পিতৃৰ ডিএনএৰ সৈতে পৰীক্ষাত মিলিলেহে আৰক্ষী এইক্ষেত্ৰত নিশ্চিত হ’ব৷ আফতাবে স্বীকাৰোক্তি দিয়া অনুসৰি তেওঁ শ্ৰদ্ধাক বুকুৰ ওপৰত উঠি ডিঙি চেপি হত্যা কৰিছিল আৰু পাছত অতি শীতল মগজুৰে ৩৫ টা টুকুৰা কৰি কাটিছিল৷ তাৰে মাথোঁ ১৩টা টুকুৰাহে উদ্ধাৰ হোৱাত আৰক্ষীৰ বাবে ফৰেনচিক পৰীক্ষা সম্পন্ন কৰাত অসুবিধা হৈছে৷ সম্পূৰ্ণ দেহাংশ নাপালে ফৰেনচিক পৰীক্ষা আশা কৰাৰ দৰে সফল নহ’ব৷ সেয়ে অভিযুক্ত আফতাবক লৈ আৰক্ষী পুনৰ হাড়-মুৰ উদ্ধাৰত নামিব৷ লগত থাকিব নিহত শ্ৰদ্ধাৰ পিতৃ বিকাশ ৱাকাৰ৷

৬ মাহ পূৰ্বেই যোৱা ১৮ মে’ত লিভ ইন সংগী শ্ৰদ্ধাক আফতাবে হত্যা কৰিও ধৰা নপৰাকৈ আছিল৷ সেয়া অৱশ্যেই অভিযুক্তৰ কৃতিত্ব৷ পৰিয়ালৰ একমাত্ৰ সদস্য অৰ্থাৎ পিতৃয়ে শ্ৰদ্ধাক হত্যাৰ বলি হোৱা  বুলি ধাৰণা কৰিব নোৱাৰাৰ বাবে তেওঁ এজাহাৰ দিয়া নাছিল৷ পিতৃৰ সৈতে বিগত ২বছৰ শ্ৰদ্ধাৰ নূ্যনতম সম্পৰ্ক আছিল৷ যোৱা ৬ মাহে শ্ৰদ্ধাই এটাও ফোন কৰা নাছিল পিতৃক৷ তাৰ পূৰ্বে মাজে সময়ে পিতৃৰ সৈতে যোগাযোগ ৰাখিছিল মাতৃহীনা শ্ৰদ্ধাই৷ শ্ৰদ্ধাৰ মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল আৰু পিতৃ-মাতৃ দুয়ো বিবাহ বিচ্ছেদিত আছিল৷ সেয়ে এসময়ত মাতৃৰ সৈতে থকা শ্ৰদ্ধাৰ পিতৃৰে সম্পৰ্ক ক্ষীণ আছিল৷ তদুপৰি ভিন ধৰ্মাৱলম্বী আফতাবৰ সৈতে লিভ ইনৰ সিদ্ধান্ত লোৱাৰ বাবে পিতৃ-কন্যাৰ সম্পৰ্ক ক্ষীণতৰ হৈ পৰিছিল পিতৃৰ অমতৰ বাবে৷ কিন্তু শ্ৰদ্ধা নোহোৱা হৈ যোৱা বা হত্যাৰ বলি হোৱাৰ ধাৰণা কৰিছিল শ্ৰদ্ধা আৰু আফতাবৰ একাধিক বন্ধুৱে৷ শ্ৰদ্ধাক বিগত ৬ মাহ তেওঁলোকে দেখা নাছিল আৰু আফতাবে বন্ধুসকলক শ্ৰদ্ধাই তেওঁক এৰি যোৱা বুলি কৈ পতিয়ন যোৱাইছিল৷ তদুপৰি বন্ধুসকলৰ সৈতে আফতাবে শ্ৰদ্ধাৰ ফোনৰ পৰাই ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ, হোৱাটছএপৰ জৰিয়তে যোগাযোগ ৰাখিছিল বাবে তেওঁলোকে শ্ৰদ্ধা জীবিত বুলিও ভাবিছিল৷ তেওঁলোকৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰাখিবলৈ নিবিচৰা বুলিও বন্ধুসকল আশ্বস্ত হৈছিল আফতাবে শ্ৰদ্ধাৰ মবাইল নম্বৰৰ পৰা দিয়া মেছেজত৷ পিছে এই মেছেজ আৰু শ্ৰদ্ধাৰ ফোন লগত ৰাখি দিয়াই কাল হ’ল আফতাবৰ৷ প্ৰথমে তেওঁ আৰক্ষীক শ্ৰদ্ধাই তেওঁক এৰি যোৱা বুলি কৈছিল৷ শ্ৰদ্ধাই সকলো সামগ্ৰী এৰি থৈ কিন্তু মবাইল ফোনটো লৈ ২২ মে’ত আঁতৰি যোৱা বুলি কৈছিল আফতাবে৷ কিন্তু শ্ৰদ্ধাৰ ফোনৰ পৰা মেছেঞ্জাৰ, ইনষ্টাগ্ৰামত যোৱা অক্টোবৰলৈ মেছেজ বিনিময় হৈ আছিল অথচ শ্ৰদ্ধাৰ কোনো সন্ধান নাছিল৷ অধিকাংশ মেছেজ প্ৰেৰণ কৰা হৈছিল মেহৰৌলিৰ ছতৰপুৰৰ আফতাবৰ ফ্লেটৰ কাষৰ টাৱাৰৰ পৰা৷ তদুপৰি শ্ৰদ্ধাৰ মবাইলৰ পৰা আফতাবে শ্ৰদ্ধাৰ বেংক একাউণ্টৰ ৫৪ হাজাৰ টকা নিজৰ একাউণ্টলৈ পঠিয়াইছিল ছতৰপুৰৰ পৰা৷ ফলত আৰক্ষীয়ে শ্ৰদ্ধাৰ মবাইল আফতাবেই ব্যৱহাৰ কৰি থকা বুলি নিশ্চিত হৈ জেৰাত হেঁচা প্ৰয়োগ কৰোতে তেওঁ সকলো কথা স্বীকাৰ কৰি দিয়ে৷