Logo
image

কৰ্মচাৰী চাটাই কৰাটো আছিল ডাঙৰ ভুল!স্বীকাৰ মাস্কৰ

আমাৰ অসম, ১৭ নৱেম্বৰঃ ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰাৰ পাছতে ইয়াৰ নতুন মালিক তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ততাতৈয়াকৈ বৃহৎসংখ্যক কৰ্মচাৰীক চাটাই কৰে৷ প্ৰথমে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা, মুখ্য বিত্তীয় বিষয়াক বিদায় দিয়াৰ  লগতে টুইটাৰ ব’ৰ্ডখনেই ভংগ কৰি দিয়ে৷ তাৰ পাছতে ৩,৭০০ স্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছত শেহতীয়াকৈ ৪,৪০০ অস্থায়ী কৰ্মচাৰীকো চাটাই কৰে৷ যাৰ ফলত টুইটাৰৰ গুৰুত্বপূৰ্ণ কাম-কাজত বাধা জন্মিছে৷ সেয়ে চাটাই কৰা একাংশ কৰ্মচাৰীক পুনৰ ঘূৰি আহিবলৈ অনুৰোধ কৰিছিল মাস্কে৷ এতিয়া কিছুমান কৰ্মচাৰীক ঘূৰাই অনাৰ কাম আৰম্ভ হৈছে৷ তাৰ মাজতে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে যধে-মধে কৰ্মচাৰী চাটাই কৰাটো আটাইতকৈ ডাঙৰ ভুল আছিল বুলি স্বীকাৰ কৰে৷ এটা টুইট কৰি তেওঁ নিজৰ ভুল স্বীকাৰ কৰে৷ তেওঁ টুইটত লিখেঃ ‘মই কেতিয়া আৰু কি কি ভুল কৰিছোঁ, সেয়া স্বীকাৰ কৰাটো অতি জৰুৰী আৰু কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াটো মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল৷’ তেওঁৰ পুনৰ ঘূৰাই অনা লিগমা আৰু জনছনৰ সৈতে এখন ছবিও টুইট কৰে৷ এই দুয়োজনকে মাস্কে চাকৰিৰ পৰা বহিষ্কাৰ কৰিছিল৷ আনহাতে, তেওঁৰ সিদ্ধান্তক ভুল বুলি সমালোচনা কৰা কেইজনমান অভিযন্তাক চাকৰিৰ পৰা আঁতৰাই দিয়ে মাস্কে৷ আনহাতে, ভাৰত আৰু আন কেইখনমান দেশত টুইটাৰ ভবাতকৈ যথেষ্ট মন্থৰ হোৱা বাবেও মাস্কে ক্ষমা খোজে৷