Logo
image

তৃতীয়বাৰলৈ ৰিপাব্লিকান দলৰ হৈ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

আমাৰ অসম, ১৭ নৱেম্বৰঃ ২০২৪ চনত আমেৰিকাত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ৰিপাব্লিকান দলৰ আগশাৰীৰ নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজা প্ৰাৰ্থিত্ব ঘোষণা কৰে৷ অৰ্থাৎ তেওঁ তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলে৷ বুধবাৰে তেওঁ ফ্লৰিডাত এই ঘোষণা কৰে৷ ২০১৬ চনত তেওঁ ৰিপাব্লিকান দলৰ আন আন প্ৰাৰ্থিত্ব প্ৰত্যাশীক পৰাস্ত কৰি দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছিল আৰু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি ৰাষ্ট্ৰপতি হৈছিল৷ ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁকেই দলে পুনৰ প্ৰাৰ্থী হিচাপে থিয় কৰায়৷ কিন্তু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে তেওঁক পৰাস্ত কৰে৷ গতিকে এইবাৰ তেওঁ পুনৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে যুঁজ দিব৷ কিন্তু এইবাৰ তেওঁ দলৰ আন আন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ বুধবাৰে নিজা প্ৰাৰ্থিত্ব ঘোষণা কৰি ট্ৰাম্পে ফেডাৰেল নিৰ্বাচন অয়োগৰ ওচৰত আনুষ্ঠানিক কাগজ-পত্ৰ জমা দিয়ে৷ নিজৰ প্ৰৰ্থিত্ব ঘোষণা কৰি ট্ৰাম্পে কয় যে আমেৰিকাক পুনৰ মহান কৰি তোলাৰ লক্ষ্যৰেই তেওঁ পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নামিছে৷ তেওঁ যদিহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হয়, তেন্তে বিশ্ববাসীৰ সন্মুখত আমেৰিকাক মহানতম দেশ হিচাপে গঢ়ি তোলাৰ বাবে সকলোখিনি কৰিব৷