Logo
image

লাউ আপোনাৰ প্ৰিয়নে? ইয়াৰ উপকাৰিতা জানক

আমাৰ অসম বিশেষঃ লাউ আমাৰ দেশত প্ৰচুৰ পৰিমাণে উৎপাদন হয় যদিও লাউ বিশেষকৈ আফ্ৰিকাৰ পাচলি৷ লাউ চবজি আমাৰ দেশতো খুবেই প্ৰচলিত৷ বিশেষকৈ গ্ৰামাঞ্চলসমূহৰ লাউ নানান প্ৰকাৰে তৰকাৰী বনাই খায়৷ লাউ পাচলি হিচাপে ৰন্ধাৰ উপৰিও লাউৰ কোমল আগ, পাত ৰান্ধিও খায়৷ বহুতেই নাজানে যে লাউত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ পোৱা যায়৷ সচৰাচৰ লাউ দুই ধৰণৰ পোৱা যায়৷ এটা হ’ল সাধাৰণতে আমাৰ বাৰীসমূহত হোৱা জাতি লাউ বা পানী লাউ আৰু আনটো হ’ল হাইব্ৰিড লাউ৷ লাউত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়৷  কাৰো যদি হজমৰ সমস্যা থাকে বা কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেনেহ’লে প্ৰতিদিনে সাজত লাউ খোৱা কৰক, তেতিয়াহ’লে অতি শীঘ্ৰে সুফল পাব৷ পাইলছৰ সমস্যা আছে যদিও লাউ খোৱা কৰক৷ এই ৰোগৰ পৰা মুক্তি পাব৷ লাউয়ে শৰীৰৰ ওজন কমোৱা সহায় কৰে৷ শৰীৰৰ ওজন কমাবলৈ হ’লে মেনুত লাউ যোগ কৰক৷ লাউত ৯৬ ভাগ জল থাকে৷ সেয়ে লাউ খালে আমাৰ শৰীৰৰ পানীৰ নাটনি পূৰণ কৰে আৰু শৰীৰ ঠাণ্ডা কৰি ৰাখে৷ শৰীৰৰ ছানা যদি তৈল্যযুক্ত হৈ থাকে তেন্তে লাউ খালে উপকাৰ পোৱা যায়৷ লাউয়ে তৈল্যযুক্ত ছাল সমস্যা দূৰ কৰে৷ হাইব্ৰিড লাউত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে৷ ভিটামিন চি, ফছফৰাছ, কেলছিয়াম, পটাছিয়াম, ফেটী এচিড, খনিজ লৱন, প্ৰ’টিন, আইৰণ থাকে লাউত৷