গুজৰাটৰ নিৰ্বাচন আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি!
ভাৰতীয় গণতন্ত্ৰ হৈছে বহুদলীয় গণতন্ত্ৰ– ইয়াত কেইজনমান মানুহে এক নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্যত একত্ৰিত হৈ একোটা দল গঠনৰ পূৰ্ণ স্বাধীনতা আছে আৰু সেই দলটোৰ নিজৰ নিৰ্দিষ্ট কৰ্মসূচী, আদৰ্শ প্ৰচাৰ কৰি মানুহৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ চেষ্টা কৰিব পৰাৰ স্বাধীনতা আছে৷ জনগণ যদি সেই দলটোৰ প্ৰতি আকৃষ্ট হয়, তেন্তে তেনে গণতান্ত্ৰিক প্ৰক্ৰিয়াক আইনগতভাৱে কোনেও বাধা দিব নোৱাৰে৷ সেয়ে ভাৰতীয় সংবিধানৰ ১৯, ২০, ২১ আৰু ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সম্পৰ্কত নাগৰিকৰ বাবে ৬টা অধিকাৰ সন্নিৱিষ্ট কৰিছে– সেইকেইটা হ’ল [ক] বাক-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ, [খ] অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ অধিকাৰ, [গ] সংস্থা গঠনৰ অধিকাৰ, [ঘ] ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ, [ঙ] ভাৰতৰ যিকোনো অঞ্চলত বাস কৰাৰ অধিকাৰ আৰু [চ] যিকোনো চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ৷ ইয়াৰ ভিতৰত আমি আজি আলোচনা কৰিছোঁ দল বা সংস্থা গঠনৰ অধিকাৰ৷ কেৱল গঠন কৰাই নহয়, সেই দল বা সংস্থাই যদি ভাৰতীয় সংবিধান মানি লয়, তেন্তে সেই সংবিধানৰ অধীনত অনুষ্ঠিত ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনতো অংশগ্ৰহণ কৰিব পাৰে৷ ভাৰত চৰকাৰৰ এইটো দায়িত্ব যে ভাৰতীয় সংবিধানৰ অধিকাৰ আৰু গণতন্ত্ৰ যাতে সুৰক্ষিত হৈ থাকে৷ কিন্তু সম্প্ৰতি গুজৰাট নিৰ্বাচনত যি এক অভূতপূৰ্ব ঘটনা পোহৰলৈ আহিছে সি কেৱল নিৰ্বাচনত অংশগ্ৰহণ কৰা দুটা দলৰ বিষয় হৈ থকা নাই, ই গণতন্ত্ৰৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিছে৷ অভিযোগ অনুসৰি গুজৰাটৰ পূব ছুৰাট বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী কাঞ্চন জাৰিৱালাৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ বাবে প্ৰথমে বিজেপিৰ ফালৰ পৰা অভিযোগ দিয়া হৈছিল৷ কিন্তু জাৰিৱালাৰ সকলো কাগজ-পত্ৰ সঠিক থকাত প্ৰাৰ্থিত্ব আইনগতভাৱেই বৈধ হৈছিল৷ ইয়াৰ পাছত বিজেপিৰ কৰ্মকৰ্তাই কাঞ্চন জাৰিৱালাক অপহৰণ কৰি নিজৰ জিম্মাত ৰাখি পিছদিনা অৰ্থাৎ ১৬ নৱেম্বৰত বিজেপিৰ কৰ্মকৰ্তা আৰু আৰক্ষীৰ বেষ্টনীৰ মাজত জিলা নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ জাৰিৱালাই নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহৰ কৰিলে/ এই ঘটনাই সমগ্ৰ গুজৰাটৰ লগতে দেশৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ এয়া কেনে ৰাজনীতি আৰম্ভ হৈছে ভাৰতত৷ বৰ্তমানলৈকে নিৰ্বাচিত বিধায়কক শাসকীয় দলে ধনবল-বাহুবলৰ দ্বাৰা অপহৰণ কৰি হোটেলত বন্ধ কৰি চৰকাৰক সমৰ্থন কৰোৱা বা চৰকাৰ পৰিৱৰ্তন কৰাৰ নাটক দেশৰ জনসাধাৰণে দেখি আহিছে৷ কিন্তু আন দলৰ প্ৰাৰ্থীক এইদৰে মুকলিভাৱে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে দিয়া ভাবুকি সাৰ্বজনীন হোৱা নাছিল৷ ইতিমধ্যে ৰাজনৈতিক বিশে¡ষকসকলৰ দৃষ্টিত গুজৰাটৰ নিৰ্বাচনে বিশেষ গুৰত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ কাৰণ ইমানদিনে পৰম্পৰাগতভাৱে কংগ্ৰেছ-বিজেপিৰ মাজত চলি থকা ক্ষমতাৰ যুঁজখনত আম আদমী পাৰ্টী নামৰ দলটোৱে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰি গুজৰাটৰ নিৰ্বাচনৰ সমীকৰণ সলনি কৰি দিবলৈ সক্ষম হৈছে৷ আম আদমী পাৰ্টীৰ দিল্লীৰ মডেল আৰু বৰ্তমান পঞ্জাবৰ মডেল প্ৰচাৰ কৰি এই নতুন দলটোৱে শিক্ষা, স্বাস্থ্য, খোৱাপানী, বিদু্যতৰ বিনামূলীয়া আঁচনি ঘোষণাৰে সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে এগ্জিট প’লসমূহৰ তথ্যই বিজেপিৰো চকুৰ টোপনি হৰিছে৷ ইমানদিনে বিজেপিয়ে যি গুজৰাট মডেলৰ প্ৰচাৰ কৰি সমগ্ৰ দেশৰ শাসন ক্ষমতা দখল কৰিছিল, এতিয়া সেই মডেল যে এক ভুৱা মডেল আছিল, সেই কথাও চৰ্চা হৈছে৷ গুজৰাটৰ পৰা উত্থান হোৱা বিজেপি দলটো যদি গুজৰাটৰ পৰা ক্ষমতা উৎখাত হ’বলৈ হয়, সি যে সমগ্ৰ দেশতে বিজেপিৰ বাবে এক সন্মানৰ বিষয় হৈ পৰিব, সেই কথাই বিজেপিক ত্ৰাসিত কৰি তুলিছে৷ বিগত সময়ত বিজেপিয়ে জনহিতকৰ কামৰ নামত কেৱল নিৰ্বাচনী প্ৰলোভন দিয়েই জনতাক প্ৰতাৰণা কৰি আছিল বুলি ইতিমধ্যে জনতা পতিয়ন গৈছে; সেয়ে বিজেপিয়ে যিকোনো প্ৰকাৰে গুজৰাটত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ নৈতিক-অনৈতিক সকলো পন্থা অৱলম্বন কৰিবলৈ ধৰিছে৷ বিজেপিয়ে জনগণক বিভ্ৰান্ত কৰিবলৈ দলৰ পুৰণা নেতাক নিৰ্বাচনী যুঁজৰ পৰা আঁতৰাই নতুন মুখক জনগণৰ মাজলৈ আনিছে যদিও পুৰণাসকলে দলটোক শ’লঠেকত পেলাবলৈ আগবাঢ়ি আহিছে৷ তেনে পৰিস্থিতিত যদি বিৰোধীক প্ৰতিহত কৰিবলৈ ৰাজনৈতিক ইছ্যু বাদ দি প্ৰাৰ্থী অপহৰণৰ দৰে কাৰ্যত লিপ্ত হৈ পৰে, তেন্তে সিয়ে কেৱল গুজৰাটত নহয় সমগ্ৰ দেশত বিজেপিৰ ছবিখন বেয়া কৰি পেলাব৷ গুজৰাটৰ ঘটনাৰ বাবে ইতিমধ্যে আম আদমী পাৰ্টীয়ে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত নিজৰ অভিযোগ দাখিল কৰিছে৷ এতিয়া এই স্বতন্ত্ৰ সংস্থাটোৱে গণতন্ত্ৰ ৰক্ষাৰ বাবে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব৷






