Logo
image

হোটেলৰ বিল অনাদায় : কংগ্ৰেছলৈ জাননী আদালতৰ

ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: ৪৫ লাখ টকাৰ অনাদায় হোটেলৰ ভাড়া বিচাৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱা ব্যৱসায়ী দুলু আহমেদক দিলে ন্যায়ালয়ে সকাহ৷ কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে ‘মণি চুইট’ এই গোচৰৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছলৈ জাননী জাৰি কৰি অহা ৭ জানুৱাৰীত এই সন্দৰ্ভত লিখিতভাৱে জনাবলৈ নিৰ্দেশ দিয়ে৷ সেই দিনাই পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰে আদালতে৷