Logo
image

পৰ্যটনে সলনি কৰিবনে অসমৰ ৰেহ-ৰূপ?

নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ অৰ্থনৈতিক দিশৰ পৰাও এই উদ্যোগৰ যোগেদি চৰকাৰেও বুজন সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ বিদেশী ৰাষ্ট্ৰৰ পৰ্যটকৰ আগমনৰ ফলত এখন ৰাষ্ট্ৰই বহু পৰিমাণে লাভান্বিত হয়৷ এনে দিশবোৰক অনুধাৱন কৰি বৰ্তমান সময়ত বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰই নিজৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰাৰ বাবে ইয়াৰ লগত সম্পৰ্কিত বিভিন্ন দিশসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ মালদ্বীপ, মৰিচাছকে ধৰি থাইলেণ্ড, চিংগাপুৰ, মালয়েছিয়া আদি তুলনামূলকভাৱে বহু সৰু সৰু ৰাষ্ট্ৰই মূলতঃ সাগৰ, সাগৰীয় দ্বীপপুঞ্জক ভিত্তি কৰি আৰু ইয়াৰ লগত আন কেতবোৰ আন্তঃগাঁথনি, প্ৰাকৃতিক-সাংস্কৃতিক প্ৰযুক্তিগত সমলৰ সংযোজন ঘটাই উক্ত ৰাষ্ট্ৰসমূহক পৰ্যটকৰ কেন্দ্ৰবিন্দুলৈ পৰিণত কৰাত সক্ষম হৈছে৷ মধ্যপ্ৰাচ্যৰ দেশ, আৰৱীয় কেইবাখনো ৰাষ্ট্ৰ তেল উৎপাদনৰ ক্ষেত্ৰত ধনী দেশৰূপে চিহ্নিত হৈ আহিছিল৷ বালিময় মৰুভূমি সদৃশ এনে ৰাষ্ট্ৰক এতিয়া অত্যাধুনিক প্ৰযুক্তি সম্বলিত বিভিন্ন পদ্ধতিৰে এনেদৰে সজাই-পৰাই তোলা হৈছে যে এই স্থানসমূহলৈ পৰ্যটকে ঢাপলি মেলে৷ পৰিৱেশ, সাংস্কৃতিক উপাদান, ঐতিহাসিক সমল-কীৰ্তিচিহ্ন, জৈৱ-বৈচিত্ৰ্য, চিকিৎসা সুবিধা, শিক্ষা গ্ৰহণৰ সুবিধা আদি বিভিন্ন বিষয়ক লৈ এখন ৰাজ্য বা ৰাষ্ট্ৰত পৰ্যটন গঢ় লৈ উঠে৷ এক বৰ্ণময় ঐতিহাসিক পৰম্পৰাৰে সমৃদ্ধ ভাৰতত বুৰঞ্জীমূলক, সাংস্কৃতিক, পৰিৱেশজনিত দিশৰ পৰা প্ৰায় সকলো বিষয়তে পৰ্যটন বিকাশৰ স্থল আছে৷ সেই মৰ্মে ৰাজস্থান, উত্তৰ প্ৰদেশ, দাক্ষিণাত্যৰ ৰাজ্যসমূহ, ওড়িশা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ আদি ৰাজ্যই পৰ্যটনৰ যোগেদি নিজৰ ৰাজভঁৰাললৈ বুজন পৰিমাণৰ ৰাজহ যোগানৰ ক্ষেত্ৰত সমৰ্থ হৈছে৷ অসমৰ বাদে উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ ঐতিহাসিক পৰ্যটনৰ দিশত বিশেষ সমল নাই যদিও প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাকৃতিক পৰিৱেশ, জৈৱ-বৈচিত্ৰ্য, জাতি-জনগোষ্ঠীৰে ভৰপূৰ মেটমৰা সাংস্কৃতিক সম্ভাৰ, খাদ্য সম্ভাৰ আদি দিশৰ পৰা আটাইকেইখন ৰাজ্যই অনন্য৷ উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যকেইখনৰ ভিতৰত সৰ্বাধিক পৰ্যটকৰ আগমন ঘটে চিকিম, মেঘালয়, অৰুণাচললৈ৷ নাগালেণ্ডেও পৰ্যটনৰ গুৰুত্ব উপলব্ধি কৰি সম্প্ৰতি বাট-পথ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে৷ অসমত পৰ্যটনৰ বাবে বহুবোৰ প্ৰয়োজনীয় সমল আছে যদিও দেশী-বিদেশী পৰ্যটকৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে কাজিৰঙা আৰু তাৰ পাছত কামাখ্যা মন্দিৰেই চিহ্নিত হৈ আছে৷ ঐতিহাসিক দৃষ্টিকোণ, প্ৰাকৃতিক সম্পদৰাজি, সাংস্কৃতিক সম্পদৰ ক্ষেত্ৰত বহু কেইখন জিলা চহকী যদিও আজি পৰ্যন্ত বিভিন্ন কাৰণত দেশী-বিদেশী পৰ্যটকে এই জিলাসমূহৰ প্ৰতি আশাপদভাৱে আগ্ৰহ প্ৰকাশ কৰা নাই৷ অলপতে বলীউডৰ অভিনেতা শক্তি কাপুৰে কাৰ্বি আংলঙৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসমৰ ৰূপ-গুণ তথা মুখ্যমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰাৰ মাজতে গুৱাহাটীৰ পৰা কাৰ্বি আংলঙৰ পথছোৱাত লাভ কৰা তিক্ততাপূৰ্ণ অভিজ্ঞতা তেওঁৰ স্বভাৱগত অভিনয়ৰে প্ৰকাশ কৰি এক বাৰ্তাও প্ৰেৰণ কৰিলে– টুৰিজিম বিকাশৰ অন্তৰায়ৰ কাৰণ কি? শেহতীয়াকৈ অসম চৰকাৰে পৰ্যটন নীতিৰ শিথিল কৰাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বহু সা-সুবিধা আগবঢ়োৱাৰ বাবে বলীউডৰ বহুকেইজন প্ৰখ্যাত প্ৰযোজক, পৰিচালকৰ লগতে কংগনা ৰাণাৱাট, হৃত্বিক ৰোশন, অনিল কাপুৰ, দীপিকা পাডুকণ আদি তাৰকাসকল অসমলৈ আহি শ্বুটিং আৰম্ভ কৰিছে৷ ইতিমধ্যে চানডুবি, কাজিৰঙা, কাৰ্বি আংলং, তেজপুৰ আদি স্থানত ‘ইমাৰজেন্সী’ ছবিৰ শ্বুটিঙৰ লোকেচন বিচৰা হৈছে৷ ‘ফাইটাৰ’ ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰৰ বায়ুসেনা শিবিৰত কলা-কুশলী, অভিনেতা-অভিনেত্ৰীসকলে বাহৰ পাতিছে৷ কোটি কোটি টকা ব্যয় কৰি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ যোগেদি ‘অছা’ম অসম’ৰ প্ৰমোচন একপ্ৰকাৰ ফ্লপ হোৱাৰ পাছত অন্ততঃ চিনেমা শ্বুটিঙৰ বাবে এক পৰিৱেশ সৃষ্টি হোৱাটো এক যোগাত্মক দিশ৷ আনহাতে ৰাসোৎসৱ এইবাৰ পূৰ্বতকৈ অধিক উলহ-মালহেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্‌যাপিত হোৱা পৰিলক্ষিত হৈছে৷ মাজুলী, নলবাৰীৰ ৰাসে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে দেশী-বিদেশী পৰ্যটককো আকৰ্ষণ কৰিছে৷ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী, অভিনেতা আচৰাণীয়েও নলবাৰীৰ ৰাসত অংশ গ্ৰহণ কৰিছে৷ তেওঁলোকৰ অংশ গ্ৰহণে অসমৰ সাম্প্ৰতিক সময়ৰ শান্তিপূৰ্ণ পৰিৱেশৰ লগতে সাংস্কৃতিক ঐতিহ্য সম্পৰ্কেও হয়তো দেশজুৰি এক মেছেজ প্ৰেৰণ কৰিব৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহেও নিজৰ পৰম্পৰাগত বৈশিষ্ট্য সম্পন্ন উৎসৱসমূহৰ প্ৰসাৰতাৰ যোগেদি পৰ্যটকক আকৰ্ষণৰ উদ্দেশ্যে বিভিন্ন উৎসৱ উদ্‌যাপন কৰিবলৈ আৰম্ভ কৰিছে৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ দৰে কাৰ্বি আংলং, ডিমা হাচাও, বিটিএডি অঞ্চলত কেন্দ্ৰীয়ভাৱে সংশ্লিষ্ট এলেকাৰ জাতিগত, সাংস্কৃতিগত বৈশিষ্ট্যক প্ৰতিফলিত কৰা উৎসৱসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ লৈছে৷ প্ৰকৃত পৰিকল্পনা, উৎসৱৰ সময়সূচী নিৰূপণ, টুৰিজিম মেপিং, পৰ্যটকৰ থকা-খোৱাৰ সা-সুবিধা, যাতায়াত ব্যৱস্থা আদি নিশ্চিত কৰিলে এই উৎসৱসমূহৰ যোগেদি পৰ্যটনৰ বহু বিকাশৰ স্থল আছে৷ লগতে চুবুৰীয়া ৰাজ্যত বিভিন্ন সময়ত উদ্‌যাপিত হোৱা উৎসৱসমূহৰ সৈতে এক সমন্বয় তথা যোগসূত্ৰ স্থাপনৰ যোগেদিও পৰ্যটকসকলক আকৰ্ষিত কৰিব পাৰি৷ মেঘালয়, অৰুণাচললৈ অহা অধিকাংশ টুৰিষ্টে কাজিৰঙা, কামাখ্যা দৰ্শন কৰি ঘূৰি যায়৷ এই ক্ষেত্ৰত টুৰিজিম নিয়ন্ত্ৰণকাৰী চৰকাৰী, বেচৰকাৰী সকলো সংস্থা-সংগঠনৰ মাজত সু-সমন্বয়ৰ যোগেদি ৰাজ্যৰ বাকী স্থানসমূহকো প্ৰমোট কৰিব৷ এইবোৰ সঠিকভাৱে হ’লে অদূৰ ভৱিষ্যতে অসমৰ ৰেহৰূপেই সলনি হ’ব৷