Logo
image

পানীৰ দামত বিক্ৰী কৰা হ’ব কাগজকল

আমাৰ অসম, ২১ নৱেম্বৰঃ  নগাঁও আৰু কাছাৰ কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ১৮ মাহৰ বকেয়া আদায় দিয়াৰ পাছতেই ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ ভূমি-সম্পত্তি বিক্ৰী তথা লীজত দিয়াৰ বাবে সাজু হৈছে অসম চৰকাৰ৷ প্ৰায় ৫০ মাহৰো অধিক সময় দৰমহাৰ পৰা বঞ্চিত কাগজ কলৰ ৪ কৰ্মচাৰীয়ে আত্মহত্যা আৰু শতাধিক কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা অবিহনে মৃত্যুক সাৱটি লোৱাৰ পাছত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰাত কৰ্মচাৰী সকলক প্ৰায় ৭০০ কোটি টকা বকেয়া আদি দি কাগজ কলৰ ভূমি ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ কাগজ কলৰ কৰ্মচাৰী ইউনিয়নসমূহৰ সৈতে হোৱা সহমতৰ ভিত্তিতে চৰকাৰে ১৮ মাহৰ বকেয়া আদায় দিয়াৰ লগতে বহু কেইজন যোগ্য কম বয়সীয়া কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিছিল৷ কৰ্মচাৰীসকলক বকেয়া আদায় দিয়াৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ ভিতৰত কাছাৰ কাগজ কলক ব্যক্তিগত প্ৰতিষ্ঠানক দি পুনৰুজ্জীৱিত কৰিব বুলি ঘোষণা কৰাৰ বিপৰীতে নগাঁও কাগজ কলৰ ভূমিত আন উদ্যোগ তথা চৰকাৰী অনুষ্ঠান নিৰ্মাণ কৰিব বুলিও ৰাজহুৱাভাৱে মন্তব্য কৰিছিল৷ অৱশ্যে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনৰ হিন্দুস্তান পেপাৰ ক’ৰ্পৰেশ্বনৰ অন্তৰ্গত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত কৰ্মচাৰী ইউনিয়নৰ এটা গোচৰ দিল্লী উচ্ছ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে যদিও মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ঘোষণা অনুসৰি পানীৰ দৰত কাগজ কল দুটা ভূমি-সম্পত্তি বিক্ৰী তথা লীজত দিয়াৰ বাবে নিবিদা আহ্বান কৰিছে অসম ঔদ্যোগিক উন্নয়ন নিগমে৷ পূৰ্বতে নেচনেল কোম্পানী আইন ট্ৰিবিউনেলৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই অসম কাগজ কল দুটাৰ নিলামৰ মূল্যৰ প্ৰায় ১,৩০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল৷ এতিয়া অসম চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ ভূমিসম্পত্তিৰ পানীৰ দৰত নিলামৰ নিৰিখ নিৰ্ধাৰণ কৰাত স্বাভাৱিকতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ অসম ঔদ্যোগিক উন্নয়ন নিগমে ১৬ নৱেম্বৰত জাৰি কৰা নিবিদা অনুসৰি কাছাৰ কাগজ কলৰ ভূমি সম্পত্তি তিনিটা ভাগত বিভক্ত কৰি লীজত দিয়াৰ বিপৰীতে নগাঁও কাগজ কলৰ ভূমিক বাদ দি বাকী যন্ত্ৰাংশসমূহ বিক্ৰী কৰিব৷ অৰ্থাৎ কাছাৰ কাগজ কলক পুনৰ কাগজ কল হিচাপেই ব্যক্তিগত প্ৰতিষ্ঠানে ক্ৰয় কৰিব পাৰিব৷ নিবিদাত প্ৰকাশ কৰা অনুসৰি কাছাৰ কাগজ কলৰ ৬৫৯ বিঘা ভূমিসহ যন্ত্ৰাংশ ৩০ বছৰৰ বাবে লীজত দিয়া হ’ব৷ অৰ্থাৎ এই ভূমি আৰু যন্ত্ৰাংশ কাগজ কল হিচাপেই ব্যৱহাৰ কৰিব লাগিব৷ নিবিদা অনুসৰি ইয়াৰ প্ৰতিমাহৰ নিৰিখ নিৰ্ধাৰণ কৰিছে ১৪.৯৭ কোটি টকা৷ দ্বিতীয়তে কাছাৰ কাগজ কলৰ ৯২৪ বিঘা ভূমিৰ আৱাসিক এলেকাও প্ৰতিমাহে ১৮.৫৩ কোটি টকাত লীজৰ নিৰিখ নিৰ্ধাৰণ কৰিছে৷ তৃতীয়তে কাছাৰ কাগজ কলৰ ১,৩৩৩ বিঘা খালী ভূমিও প্ৰতিমাহে ২৬ হাজাৰ কোটি টকাৰ নিৰিখত লীজত দিয়াৰ বাবে নিবিদা আহ৩ান কৰিছে৷ আনহাতে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ভূমিক বাদ দি সকলো যন্ত্ৰাংশ ৬২.৫১ কোটি টকাত বিক্ৰীৰ বাবেও নিবিদাত নিৰিখ ধাৰ্য কৰিছে৷ কাগজ কল দুটা ভূমি সম্পত্তি নিলামৰ নিবিদা প-পত্ৰ দাখিলৰ অন্তিম দিন ২০২৩ বৰ্ষৰ ৯ জানুৱাৰী নিৰ্ধাৰণ কৰিছে ঔদ্যোগিক উন্নয়ন নিগমে৷ ইফালে ৰাজ্য চৰকাৰৰ এই নিবিদাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাগজ কল কৰ্মচাৰী সংগঠনৰ নেতা মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে৷ এই সন্দৰ্ভত চক্ৰৱৰ্তীয়ে কয়–‘কাগজ কলৰ ১১০ জন কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত মৃত্যু হোৱাৰ পাছত অসম চৰকাৰে কিছু আৰ্থিক সকাহ প্ৰদান কৰিলে৷ কিন্তু ৰাজহুৱাখণ্ডৰ উদ্যোগ দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবীত আজিও কৰ্মচাৰীসকল অটল আছো৷ পুনৰুজ্জীৱিতকৰণৰ দাবীত ন্যায়ালয়তো গোচৰ বিচাৰাধীন হৈ আছে৷ আমি বিচাৰো নগাঁও আৰু কাছাৰ দুয়োটা কাগজকলেই পুনৰুজ্জীৱিত কৰক৷ কেৰালা আৰু মধ্যপ্ৰদেশ চৰকাৰে যদিও ৰাজহুৱাখণ্ডৰ উদ্যোগ হিচাপে দুটা মৃত কাগজ কল জীয়াই তুলিব পাৰে অসম চৰকাৰে কিয় ৰাজহুৱাখণ্ডৰ উদ্যোগ হিচাপে নগাঁও আৰু কাছাৰ কাগজ কলক জীয়াই তুলিব নোৱাৰে৷’