Logo
image

লাচিতক লৈ ১৩ লক্ষাধিক ৰচনা, নগাঁও প্ৰথম, বৰপেটা দ্বিতীয়

আমাৰ অসম, ২১ নৱেম্বৰঃ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ প্ৰতিজন চৰকাৰী কৰ্মচাৰী, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ সুযোগ দিয়া বীৰযোদ্ধাজনৰ বিষয়ত ৰচনা লিখনৰ ভিত্তিত বিভিন্ন পৰ্যায়ত পুৰস্কাৰো ঘোষণা কৰিছে৷ আনকি ৰচনা লিখি আপলোড কৰাৰ বাবে বিশেষ পৰ্টেলো মুকলি কৰিছে   চৰকাৰে৷ ইফালে লাচিত বৰফুকনৰ সন্দৰ্ভত লিখা ৰচনা ৱেবচাইট তথা পৰ্টেলত আপলোড কৰাৰ বাবে ২৪ নৱেম্বৰলৈ সময়সীমা বৃদ্ধি কৰি চৰকাৰী বিভাগ সমূহলৈ এছ অ’ পি জাৰি কৰিছে৷ এক কথাত দিছপুৰে সকলো চৰকাৰী কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে লাচিতৰ সন্দৰ্ভত ৰচনা লিখাটো অঘোষিতভাৱে যেন বাধ্যতামূলক কৰিছে৷ স্বাভাৱিকতেই চৰকাৰৰ ৰোষত পৰাৰ ভয়ত চৰকাৰী-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলে উজাগৰী নিশা পাৰ কৰি হ’লেও লাচিত বৰফুকনৰ ৰচনা লিখি ৱেবচাইটত আপলোড কৰিবলগীয়া হৈছে৷ ইফালে পৰ্টেলত ৰচনা আপলোড নোহোৱাত কম্পিউটাৰ, লেপটপ তথা মোবাইল ফোন সন্মুখত লৈ পুৱতি নিশা ৩-৪ বজালৈ বোন্দাপৰ দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে অৱসৰলৈ ২-৩ মাহ বাকী থকা চৰকাৰী কৰ্মচাৰীসকলৰো৷ অৱশ্যে ইয়াৰ মাজতে কাৰোবাৰ যদি বহু যুঁজৰ অন্তত ৰচনা আপলোড হৈছে, কিন্তু প্ৰমাণ-পত্ৰ নহাত হাহাকাৰ কৰিবলগীয়া হৈছে৷ আনহাতে সামাজিক মাধ্যমতো লাচিত বৰফুকনৰ ৰচনা এতিয়া ট্ৰেণ্ডিঙৰ শীৰ্ষত আছে৷ বহুতে গুগলত উপলব্ধ ৰচনা ‘কপি’ কৰি নিজৰ নামত আপলোড কৰাও অভিযোগ উঠিছে৷ ইয়াৰ পাছতো এই সকল কৰ্মচাৰীও লাভ কৰিছে প্ৰমাণ পত্ৰ৷ ইফালে চৰকাৰী ৱেবচাইটত প্ৰকাশ পোৱা তথ্য মতে, দেওবাৰে নিশা ৯.২০ বজাপৰ্যন্ত ৰাজ্যৰ ১৩ লাখ ২৮৬জন লোকে মহাবীৰ লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখিছে৷ ইয়াৰ ভিতৰত ৰ লাখ ৫২ হাজাৰৰো অধিক লোকে অনলাইন মাধ্যমত ৰচনা লিখাৰ বিপৰীতে ১২ লাখ ৮৫ হাজাৰ লোকে কাগজত হাতেৰে লিখি আপলোড কৰিছে৷ ইফালে ৰচনা লিখা জিলাৰ শীৰ্ষত আছে নগাঁও৷ এই বাতৰি যুগুতোৱা পৰলৈকে নগাঁৱৰ ১ লাখ ৭ হাজাৰ লোকে ৰচনা আপলোড কৰিছে৷ দ্বিতীয় স্থানত থকা বৰপেটা জিলাৰ পৰা ১ৰ লাখ ৪হাজাৰ লোকে ৰচনা আপলোড কৰিছে৷ গুৱাহাটী মহানগৰীত লাচিতৰ ৰচনা লিখিছে মাত্ৰ ৩১ হাজাৰ লোকে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ১,৫৪০জন লোকে অৰ্থাৎ আটাইতকৈ কমসংখ্যক লোকে বীৰে যোদ্ধাজনৰ বিষয়ে ৰচনা লিখিছে৷