Logo
image

দল-বল লৈ দিল্লীত পৌৰ ভোটৰ প্ৰচাৰ হিমন্তবিশ্বৰ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ: লাচিত জয়ন্তীৰ আয়োজনক লৈ ব্যস্ত থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত হব লগা পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰে৷  ভজনপুৰা অঞ্চলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ বিজেপি সাংসদ মনোজ তিৱাৰী আৰু বিধায়ক অজয় ম’হৰ সৈতে এই প্ৰচাৰ ৰেলীত তেওঁ ভাগ লয়৷ ব্ৰহ্মপুৰি, ভজনপুৰা, গণ্ডা আৰু যমুনা বিহাৰৰ চাৰিজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ দেওবাৰে দিনৰ ৪.৩০ বজাৰ পৰা দুঘণ্টা ধৰি চলা ৰেলীত প্ৰাৰ্থী কেইজনক ভোট দি প্ৰধানমন্ত্ৰী মোদীৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰীজনে৷ এই প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক উষ্ম আদৰণি জনোৱা দেখা গল ৰাইজে৷ দলীয় কৰ্মী আৰু সমৰ্থসকলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ওপৰত পুষ্প বৃষ্টি কৰাও দেখা যায়৷ উল্লেখ্য যে দিল্লী পৌৰ নিগমৰ ২৫০টা  ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন৷ ৪ ডিচেম্বৰত ভোট দান আৰু ৭ ডিচেম্বৰত ভোট গণনা হ’ব৷ এইবাৰৰ মূল নিৰ্বাচনী যুঁজ বিজেপি, কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব৷ ইতিমধ্যে আপ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ ৰাজৈনতিক আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু অভিযোগ প্ৰতি অভিযোগ৷ ৰেলীত নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়– মানুহৰ উৎসাহৰ পৰাই গম পোৱা যায় যে নিৰ্বাচনৰ ফলাফল কি হ’ব৷ দেশৰ মানুহে কৈ আছে কেজৰিৱালক আতৰাব লাগে৷ কেজৰিৱাল নাটকত ব্যস্ত৷ নাটকৰ বাহিৰে তেওঁ কি কৰে মই দেখা নাই৷ সকলো ঠাইলৈ গৈ তেওঁ নাটক কৰে৷ দিল্লীত হিংসা সন্ত্ৰাস তেওঁ বন্ধ কৰক৷ দিল্লীবাসীক শান্তিত থাকিবলৈ দিয়ক৷ তেওঁ হিন্দুক বেয়া পায়৷ হিন্দু অবিহনে ভাৰত হ’ব পাৰে নেকি? বিশ্বৰ যতে হিন্দু আছে, তেওঁলোকৰ ভাৰতলৈ অহাৰ অধিকাৰ আছে৷ এই কথা কেজৰিৱালে বুজি পাব লাগে৷ ‘কা’ বিৰোধী আন্দোলনৰ নামত দিল্লীত যি হিংসা সন্ত্ৰাসৰ ঘটনা সংঘটিত কৰোৱালে তাৰ বাবে তেওঁ ক্ষমা বিচাৰিব লাগে৷ কেবল প্ৰচাৰৰ দ্বাৰা মিছাক সঁচা কৰিব নোৱাৰে৷ কেজৰিৱালৰ পৰা মুক্তি লাগে নে বিজেপিৰ পৰা মুক্তি লাগে৷ আগন্তুক ১০০বছৰৰ কাৰণে দেশত বিজেপিৰ কাৰণে কোনো অসুবিধা নাই৷ উল্লেখ্য যে, কেৱল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নহয় দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ দায়িত্ব লৈ অসমৰ পৰা নতুন দিল্লীত ইতিমধ্যে উপস্থিত হৈছে অসমৰ ৪০ জনীয়া ৰাজ্যিক বিজেপিৰ প্ৰতিনিধি দল৷ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, লক্ষ্য কোঁৱৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, চৈয়দ মমিনুল আৱাল, দুন্য বৰবৰা, ৰত্না সিং, উজ্বল ফুকন, বিদ্যাসাগৰ, সীমান্ত শেষৰ আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল আছে এই দলটোত৷ তেওঁলোকে আজিৰে পৰা পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীত৷