Logo
image

অভিযানলৈ গৈ নিজৰ পিষ্টলৰ গুলীতে গুলীবিদ্ধ আৰক্ষী বিষয়া

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ: মুছলপুৰৰ উজিৰবাৰীত যোৱা নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়৷ বাল্যবিবাহৰ অভিযুক্তক কৰায়ত্ত কৰিবলৈ যোৱাত গুলীবিদ্ধ হয় মুছলপুৰ থানাৰ পৰিদৰ্শক আনন্দ ৰাভা৷ অভিযুক্তৰ পৰিয়ালৰ সৈতে টনা-আজোৰা কৰাৰ সময়তে নিজৰ ছাৰ্ভিছ পিষ্টলৰ গুলী ওলাই তেওঁৰ বাওঁভৰিত আঘাত হানে৷ গুলীবিদ্ধ ৰাভাক নিশাই মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত গুৰুতৰ হোৱাত তেওঁক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ  প্ৰেৰণ কৰে৷ আজি বাল্যবিবাহৰ অভিযুক্ত দৰা ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মুছলপুৰ থানাত আজি আৰক্ষী বিষয়া গুলীবিদ্ধ হোৱাৰ বিষয়ে ব্যক্ত কৰে ডি এছ পি প্ৰণৱ কলিতাই৷ তেওঁ সাংবাদিকক জনোৱা মতে শুকুৰবাৰে মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত থমনা আলিগুৰিত এক বাল্য বিবাহৰ ঘটনা সংঘটিত হয়৷ এই বিষয়ে জিলা শিশু সুৰক্ষা বিভাগে জানিব পাৰি নাবালিকাগৰাকীক উদ্ধাৰৰ বাবে মুছলপুৰ আৰক্ষীৰ সহায় বিচাৰে৷ সেইমতে যোৱা নিশা মুছলপুৰ আৰক্ষী থানাৰ পৰা পৰিদৰ্শক আনন্দ ৰাভাৰ নেতৃত্বত এটি বৃহৎ দল থমনা আলিগুৰিৰ অভিযুক্ত দৰাৰ ঘৰত উপস্থিত হয়৷ কিন্তু সেই সময়ত অভিযুক্ত ঘৰত নথকাত পৰিয়ালৰ দুজন লোকক সোধাপোছাৰ বাবে থানালৈ আনিব বিচাৰিছিল৷ লোক দুজনক আৰক্ষীৰ বলেৰ’ বাহনত উঠাবলৈ লওঁতেই গাড়ীৰ ভিতৰতে পৰিদৰ্শক আনন্দ ৰাভাৰ নিজৰ ছাৰ্ভিচ পিষ্টলটোৰ গুলী ফুটে আৰু সেই গুলীত ৰাভা নিজে গুলীবিদ্ধ হয়৷ তেওঁৰ বাওঁভৰিত গুলী লাগে৷ ইয়াৰ পাছত আৰক্ষী বিষয়াজনক চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ ইফালে অভিযুক্তৰ পৰিয়ালৰ বক্তব্যৰ ভিত্তিত আজি দুপৰীয়া অভিযুক্ত দৰা ৰবীন কলিতাক বৰপেটা জিলাৰ এক গোপন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷ জানিব পৰা মতে ৰবীন কলিতাই ইতিমধ্যে দুবাৰ বিবাহ পাতিছিল৷