Logo
image

কাৰ্বি পাহাৰত প্ৰচণ্ড গুলীয়াগুলীৰ মাজত অভিনেত্ৰী কংগনা

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ: কাজিৰঙা আৰু কাৰ্বি আংলং পাহাৰৰ নামনিত এতিয়া চলিছে কেৱল যুদ্ধৰ পৰিৱেশ৷ গুলী-বাৰুদ আৰু বোমাৰ শব্দই কাজিৰঙাৰ পৰিৱেশ ৰজনজনাই গৈছে৷ কাজিৰঙাৰ আকাশ ধোঁৱাই চানি ধৰিছে৷ এখন যুদ্ধত যি ধৰণে গুলীয়াগুলী, বোমা মাৰি শত্ৰু পক্ষক প্ৰতিহত কৰা হয় ঠিক সেই ধৰণে কাজিৰঙা আৰু কাৰ্বি আংলং পাহাৰৰ নামনিত চলিছে এখন তয়াময়া যুঁজ৷ ধাৰাষাৰ গুলীবৰ্ষণ আৰু বোমাৰ কাণ চাট মাৰি যোৱা বিকট শব্দত স্থানীয় ৰাইজৰ কঁপি উঠিছে বুকু৷ এইবোৰ কেৱল নাটকহে৷ প্ৰকৃততে কাজিৰঙাত হোৱা নাই কোনো যুদ্ধ৷ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ ইমাৰ্জেন্সী নামৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণহে৷ উল্লেখ্য, ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত অৰ্থাৎ ১৯৭৫-৭৭ চনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল৷ এই সময়ছোৱাৰ ওপৰত ভিত্তি কৰি ইমাৰ্জেন্সী নামৰ এখন হিন্দী ছবি নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট৷ ছবিখনৰ চিত্ৰগ্ৰহণৰ কাৰণে অভিনেত্ৰী কংগনাই বিগত দুসপ্তাহ ধৰি কাজিৰঙাৰ কাৰ্বি পাহাৰৰ নামনিত থকা হংথুৰ নামৰ এখন ব্যক্তিগত পৰ্যটন নিবাসত শতাধিক সহযোগীৰ সৈতে ছবি দৃশ্যগ্ৰহণ কৰা দলক লৈ বাহৰ পাতি আছে৷ ইতিমধ্যে দৃশ্যগ্ৰহণ কৰা দলটোৱে ধনশিৰি নদীৰ পাৰত ছবিখনৰ কিছু দৃশ্যগ্ৰহণ কৰাৰ পিছত কাজিৰঙাৰ বাগৰিত কাৰ্বি পাহাৰৰ নামনিত অৱস্থিত ভালুকজুৰী জলপ্ৰপাতৰ কাষত ছবিখনৰ দৃশ্যগ্ৰহণ কৰে৷ পুৱাৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজন হোৱা কেইবাশতাধিক লোকক উক্ত লোকেচনত বিভিন্ন পজিচনত ৰাখি সম্পূৰ্ণ এক যুদ্ধৰ পৰিবেশ সৃষ্টি কৰা দেখা যায়৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পাঁচখনকৈ ভেনিটি ভান, বহু সংখ্যক বাহন, ছবিৰ কাৰিকৰী লোকে কাজিৰঙাৰ প্ৰাকৃতিক মনোমোহা দৃশ্যৰ মাজত ভালুকজুৰীত উপস্থিত হৈ কাৰ্বি পাহাৰৰ পৰা নামি অহা জলপ্ৰপাতৰ নামনিত ছবিখনৰ কিছু আখৰা কৰাৰ লগতে অভিনেত্ৰী কংগনা ৰাণাৱটে কিছু দৃশ্যগ্ৰহণ কৰে৷ উল্লেখ্য এই ছবিখনত কংগনা ৰাণাৱটে প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে৷ ইফালে কাজিৰঙাৰ ভালুকজুৰীত জনপ্ৰিয় অভিনেত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ লগতে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাৰণে কেইবাশতাধিক লোক উপস্থিত হোৱা পৰিলক্ষিত হয়৷ ছবিখনৰ দৃশ্যগ্ৰহণত যাতে কোনো বাধা বা অসুবিধা সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়৷ কোনো লোকে যাতে কেমেৰা বা ম’বাইলেৰে ছবিখনৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আনকি ম'বাইলত যদি কোনোবাই ছবিখনৰ দৃশ্যগ্ৰহণৰ ভিডিঅ' কৰে তেন্তে নিৰাপত্তাৰক্ষীয়ে ম'বাইল পৰ্যন্ত কাঢ়ি লোৱা দেখা যায়৷ সংবাদ মাধ্যমৰ লোককো দূৰত্ব বজাই থাকিবলৈ নিৰ্দেশ দিয়া হয়৷ এক কথাত ক'বলৈ গলে এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কোনো এটাও দৃশ্য কোনো লোকেই যাতে ভিডিঅ’ কৰিব নোৱাৰে তাৰ কটকটীয়া ব্যৱস্থা কৰা হয়৷ উল্লেখ্য, অভিনেত্ৰী কংগনা ৰাণাৱটে কাজিৰঙাতেই বাহৰ পাতি থাকি কাজিৰঙাৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন লোকেচনত ইমাৰৰ্জেন্সীৰ দৃশ্যগ্ৰহণ কৰিব৷