Logo
image

বিধায়ক অতুলৰ ‘অৰাজনৈতিক’ পুত্ৰৰ দাবী গুৱাহাটী সমষ্টি! নহ’লে…

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ: লোকসভাৰ আগন্তুক নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ দাবীদাৰ হিচাপে নিজকে এইবাৰ প্ৰক্ষেপ কৰিলে এজন বিধায়ক পুত্ৰই৷ পেচাত তেওঁ টেলিকম ইঞ্জিনিয়াৰ৷ আমেৰিকাৰ কোম্পানী এটাত কৰ্মৰত হৈ আছে৷ কেলিফৰ্নিয়াত ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত এই বিধায়ক পুত্ৰজন এইবাৰ ভাৰতৰ ৰাজনীতিৰ সৈতে জড়িত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ অৰুণাভ বৰা নামৰ এই যুৱকজন দিছপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাৰ পুত্ৰ৷ দেওবাৰে নিজৰ বাসগৃহত একাংশ সংবাদ মাধ্যমৰ আগত অৰুনাভ বৰাই ৰাজহুৱা কৰে নিজৰ মনৰ ইচ্ছা আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা৷ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি বিদেশৰ কোম্পানীত কৰ্মৰত হৈ থকা বিধায়ক পুত্ৰজনে অৱশ্যে এই পৰ্যন্ত বিজেপি দলত যোগদান কৰা নাই৷ নিজৰ পিতৃৰ বাহিৰে বিজেপি দলৰ অন্য কোনো নেতাক সাক্ষাতো কৰা নাই দলীয় টিকট বিচাৰি৷ কেৱল বিধায়ক পুত্ৰ হোৱাৰ সুবাদতে আজি পোনপোটীয়াভাৱে সংবাদ মেল আহ৩ান কৰি নিজৰ ৰাজনৈতিক আকাংশাৰ কথা তেওঁ ৰাজহুৱা কৰে৷ বিজেপিৰ সদস্যপদ গ্ৰহণ নকৰাকৈয়ে গুৱাহাটীৰ দৰে সন্মানীয় সমষ্টি এটাৰ দাবীদাৰ হিচাপে নিজকে প্ৰক্ষেপ কৰিছে বিধায়ক অতুল বৰাৰ ‘অৰাজনৈতিক’ পুত্ৰই৷ সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ মনৰ ইচ্ছা ৰাজহুৱা কৰি কয়–লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ মোৰ ইচ্ছা আছে৷ মোৰ এটা গুণ আছে৷ মই কেন্দ্ৰীয় চৰকাৰৰ আগত লোকসভাত, সংসদত অসমৰ সমস্যাৰ কথা, বিকাশৰ কথা ভালকৈ দাঙি ধৰিব পাৰিম৷ আমেৰিকাত মই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিলো৷ মই নিৰ্বাচনত জয়ী হৈছিলো৷ তাত মোৰ বহু অভিজ্ঞতা হৈছে৷ মই কি কি কৰিব বিচাৰিছো তাৰ ব্লুপ্ৰিণ্ট এটা বনাইছো৷ বিজেপিৰ টিকটৰ কাৰণে মই আবেদন কৰিম৷ মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰো৷ ইঞ্জিনিয়াৰ হিচাপে মই বহুত সফলতা লাভ কৰিছো৷ মই এতিযালৈকে কোনো ৰাজনৈতিক দলৰ লগত জড়িত হোৱা নাই৷ মই দেউতাৰ লগত বিষয়টো আলোচনা কৰিছো৷ বিজেপিয়ে টিকট নিদিলে কি কৰিম সেয়া এতিয়াই ঠিক কৰা নাই৷ বেলেগ দলৰ পৰা হ’লেও টিকট বিচাৰিব পাৰো৷ মোৰ অৰ্হতা বেলেগ ধৰণৰ৷ সেয়ে মই লোকসভাৰ নিৰ্বাচন খেলিব বিচাৰো৷ মই কেন্দ্ৰ আৰু ৰাজ্যক একত্ৰিত কৰিব পাৰিম৷ এদিন বিজেপিৰ সভাপতিক লগ ধৰিম৷ লক্ষণীয়ভাৱে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ’লে তেওঁ বিকল্প ৰাজনৈতিক দলৰ সন্ধান কৰিব বুলি দিয়া ইংগিতে বিশেষ তাৎপৰ্য বহন কৰিছে৷